ভূমি পেডনেকাৰ ( Bhumi Pednekar; জন্ম: ১৮ জুলাই ১৯৮৯) হিন্দী ছবিৰ এগৰাকী অভিনেত্ৰী। যশ ৰাজ ফিল্মছত ছবছৰ সহকাৰী কাষ্টিং ডাইৰেক্টৰ হিচাপে কাম কৰাৰ পিছত কোম্পানীটোৰ ৰোমান্টিক কমেডী দম লগা কে হাইছাত (২০১৫) এগৰাকী অত্যধিক ওজনৰ কইনাৰ ভূমিকাত চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু শ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।
পেডনেকাৰক কমেডী ছবি টয়লেট: এক প্ৰেম কথা (২০১৭),শুভ মংগল সাৱধান (২০১৭), বালা (২০১৯) আৰু পতি পত্নী ঔৰ ৱহত (২০১৯) একোখন সৰু চহৰৰ একো একোজন ব্যক্তিৰ মুৰব্বিয়ানা চলা পৰিয়ালৰ নাৰীৰ ভূমিকাত অভিনয় কৰি প্ৰসিদ্ধি লাভ কৰিছিল। ১ ২ ষাণ্ড কি আখঁত (২০১৯) সপ্তদশ বছৰীয়া ছাৰ্পশ্বুটাৰ চান্দ্ৰো টোমৰৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচক বঁটা পাবলৈ সক্ষম হয়। ৩ তাৰ পিছত ডলী কিটি ঔৰ ৱহ চমকতে চিতাৰে (২০২০) আৰু বধাই দোত যৌনতাৰ অন্বেষণ কৰা মহিলাৰ চৰিত্ৰত অভিনয় কৰি প্ৰশংসিত হয়।
প্ৰাৰম্ভিক জীৱন
পেডনেকাৰৰ জন্ম হৈছিল ১৯৮৯ চনৰ ১৮ জুলাইত বোম্বাইত (বৰ্তমান মুম্বাই)। ৪ তেওঁ কোংকনী আৰু হাৰিয়ানৱী বংশৰ। পিতৃ সতীশ পেডনেকাৰ মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ আৰু শ্ৰম মন্ত্ৰী আছিল আৰু মাতৃ সুমিত্ৰাই মুখৰ কৰ্কট ৰোগত স্বামীৰ মৃত্যুৰ পিছত ধঁপাত বিৰোধী কৰ্মী হিচাপে কাম কৰিছিল। ৫ জুহুৰ আৰ্য্ বিদ্যা মন্দিৰৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ৬ পিতৃ-মাতৃয়ে তেওঁৰ ১৫ বছৰ বয়সত তেওঁক হুইছলিং উডছ ইণ্টাৰনেশ্যনেলত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ এটা ঋণ লৈছিল যদিও উপস্থিতি কম হোৱা বাবে প্ৰতিষ্ঠানটোৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছিল। ডেৰ বছৰৰ ভিতৰতে তেওঁ যশ ৰাজ ফিল্মছত সহকাৰী চলচ্চিত্ৰ পৰিচালক হিচাপে যোগদান কৰে আৰু ঋণ পৰিশোধ কৰে। ৭ তাৰ পিছত ছানু শৰ্মাৰ অধীনত ছবছৰ ধৰি কোম্পানীটোৰ সৈতে কাম কৰে। ৮
অভিনয় জীৱন
যশ ৰাজ ফিল্মছৰ প্ৰযোজনা আৰু শৰৎ কটাৰিয়া পৰিচালনাত নিৰ্মিত ৰোমান্টিক কমেডী দম লগা কে হাইছাত (২০১৫) আয়ুস্মান খুৰানাৰ অত্যধিক ওজনৰ পত্নীৰ চৰিত্ৰত পেডনেকাৰৰ অভিনয়ৰ অভিষেক ঘটে। ছবিখনত অভিনয়ৰ বাবে তেওঁ দেহৰ ওজন ১০কিলোগ্ৰাম বঢ়ায়। ৯ চিত্ৰগ্ৰহণৰ পিছত তেওঁ ওজন কমাবলৈ আৰম্ভ কৰে আৰু ওজন কমোৱাৰ পদ্ধতি আৰু টিপছ ছ'চিয়েল মেডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰে। ১০ ব্যৱসায়িকভাৱে সফলতা লাভ কৰা দম লগা কে হাইছাই হিন্দী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৰজতকমল আৰু পেডনেকাৰে শ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১১ সেই বছৰতে তেওঁ ৱাই-ফিল্মছৰ চাৰিটা খণ্ডৰ মিনি ৱেব ছিৰিজ মেনছ্ ৱৰ্ল্ডত অভিনয় কৰে। ১২ লিংগ বৈষম্য বিষয়ক এই ৱেব চিৰিজখন ডিজিটেলী ইউটিউবত প্ৰিমিয়াৰ কৰা হয়। ১৩
দুবছৰৰ পিছত অক্ষয় কুমাৰৰ বিপৰীতে পেডনেকাৰে টয়লেট: এক প্ৰেম কথা (২০১৭) নামৰ ব্যংগ ছবিখনত গ্ৰামীণ ভাৰতৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰে, যিখন ছবিত মুকলিত শৌচকৰা প্ৰথা নিৰ্মূলৰ ওপৰত জোৰ দিয়া ১৪ বিশ্বজুৰি ৩ বিলিয়নতকৈ অধিক ভাৰতীয় টকা (৩৮ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি ই বছৰৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি আৰু পেডনেকাৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়। ১৫
তথ্যসূত্ৰ
- ↑ Dubey, Rachana. (16 October 2019). Bhumi Pednekar: I don't mind being the face of small-town India, it is home to beautiful stories. The Times of India
- ↑ (15 February 2020). 65th Amazon Filmfare Awards 2020 live updates. The Times of India
- ↑ (17 July 2019). Bhumi Pednekar is not throwing a big bash for her 30th birthday. Here is why. India Today
- ↑ (11 June 2015). 15 women of courage share their inspiring stories. India Today
- ↑ Presenting Dum Laga Ke Haisha's leading lady Bhumi Pednekar, the slim-fit version . Retrieved 26 January 2015
- ↑ ‛Lose it' like Bhumi Pednekar!, Bhumi Pednekar has shared "the fun little things" she did to lose weight
- ↑ Raja, Aditi. (5 October 2012). Ex-minister's wife takes on gutka manufacturers. India Today
- ↑ My Cinderella Story: Bhumi Pednekar, DNAIndia 7 March 2015
- ↑ (27 February 2015). Think Big!. RajeevMasand.com
- ↑ (16 January 2016). Filmfare Awards 2016: Ranveer Singh bags Best Actor in leading role for Bajirao Mastani. International Business Times
- ↑ Singh, Prashant. (17 March 2015). NH10 and more: Sleeper hits, a new trend in Bollywood. Hindustan Times
- ↑ Basu, Nilanjana. (27 September 2015). Parineeti, Kalki, Richa Show it is So Not a Man's World in Trailer. NDTV
- ↑ (26 September 2015). Bollywood celebs bat for gender equality with 'Man's World'. The Indian Express
- ↑ Saibal, Chaterjee. (11 August 2017). Toilet: Ek Prem Katha Movie Review – Akshay Kumar's Film Stinks To High Heaven. NDTV
- ↑ MK, Surendhar. (18 June 2018). Toilet: Ek Prem Katha trumps Baahubali 2 in China; becomes Akshay Kumar's first film to cross Rs 300 cr mark worldwide. Firstpost
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূমি পেডনেকাৰ” প্ৰবন্ধৰ সংশোধন ৩৮৮৯১৫ (২৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।