ভাৰতৰ বেডমিণ্টন খেলুৱৈ
৯ প্ৰবন্ধ
-
ছাইনা নেহৱাল
ছাইনা নেহৱাল (Saina Nehwal; জন্ম: ১৭ মাৰ্চ, ১৯৯০) ৰাজীৱ গান্ধী খেলৰত্ন বঁটা বিজয়ী এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। এৱেঁই হৈছে অলিম্পিকৰ বেডমিণ্টন প্ৰতিযোগিতাত পদক দখল কৰা ভাৰতৰ প্ৰথম মহিলা তথা ৱৰ্ল্ড জুনিয়'ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত খিতাপ দখল কৰা প্ৰথম গৰাকী মহিলা।
-
পি. ভি. সিন্ধু
পুষৰলা ভেংকট সিন্ধু (Pusarla Venkata Sindhu; জন্ম: ৫ জুলাই ১৯৯৫) হৈছে এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ২০১৩ চনৰ ১০ আগষ্টত সিন্ধু ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক বিজয়ী প্ৰথম ভাৰতীয় একক খেলুৱৈ হিচাপে পৰিগণিত হয়। পি. ভি.
-
চিৰাগ শেট্টী
চিৰাগ চন্দ্ৰশেখৰ শেট্টী (Chirag Chandrashekr Shetty; জন্ম: ৪ জুলাই ১৯৯৭) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। তেওঁ আৰু তেওঁৰ সংগী সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী ভাৰতৰ পৰা বি ডব্লিউ এফ বিশ্ব ৰেংকিঙৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰা প্ৰথম পুৰুষ ডাবলছ যুটি। তেওঁৰ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিং ৭।
-
দীপাংকৰ ভট্টাচাৰ্য
দীপাংকৰ ভট্টাচাৰ্য (Dipankar Bhattacharjee) অসমৰ এগৰাকী প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ। তেওঁ বাৰ্চিলোনা তথা আটলাণ্টাত অনুষ্ঠিত অলিম্পিককে ধৰি ভালেসংখ্যক আন্তৰ্জাতিক খেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে।
-
সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী
সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী (Satwiksairaj Rankireddy; জন্ম: ১৩ আগষ্ট ২০০০) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। তেওঁ আৰু তেওঁৰ সংগী চিৰাগ চন্দ্ৰশেখৰ শেট্টী ভাৰতৰ পৰা বি ডব্লিউ এফ বিশ্ব ৰেংকিঙৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰা প্ৰথম পুৰুষ ডাবলছ যুটি। তেওঁৰ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিং ৭।
-
অস্মিতা চলিহা
অস্মিতা চলিহা (Ashmita Chaliha; জন্ম: ১৮ অক্টোবৰ ১৯৯৯) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। গুৱাহাটীত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা অস্মিতাই সাত বছৰ বয়সত বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰে।
-
ভমিদিপতি সাই প্ৰনীত
ভামিদিপতি সাই প্ৰনীত (Bhamidipati Sai Praneeth; জন্ম: ১০ আগষ্ট ১৯৯২) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ১৯৮৩ চনত প্ৰকাশ পাডুকনৰ পিছত ২০১৯ চনত বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰা তেওঁ ৩৬ বছৰৰ ভিতৰত প্ৰথম ভাৰতীয় পুৰুষ শ্বাটলাৰ হয়। ২০১৯ চনত সাই প্ৰনীতক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।
-
শ্ৰীকান্ত কিদাম্বি
শ্ৰীকান্ত কিদাম্বি (Srikanth Kidambi) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ১১ আগষ্ট ২০১৬ত আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰৰ বিশ্ব ৰেংকিংত তেওঁ ১১তম স্থান লাভ কৰি বৰ্তমান ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈৰ মাজত সৰ্বোচ্চ স্থানত আছে।
-
লক্ষ্য সেন
লক্ষ্য সেন (Lakshya Sen; জন্ম: ১৬ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। সেন এজন প্ৰাক্তন বিশ্ব জুনিয়ৰ ১ নং খেলুৱৈ। তেওঁ ২০১৮ চনৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ল’ৰাৰ একক আৰু গ্ৰীষ্মকালীন যুৱ অলিম্পিকত মিক্সড টিম ইভেণ্টত সোণৰ পদক লাভ কৰিছে।