অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পিংক (২০১৬ চলচ্চিত্ৰ)

পিংক (Pink) ২০১৬ চনৰ হিন্দী ভাষাৰ, অনিৰুদ্ধ ৰায় চৌধুৰী পৰিচালিত আৰু সুজিত সৰকাৰ প্ৰযোজিত এখন ভাৰতীয় আইনী থ্ৰিলাৰ ছবি। ৰাইজিং ছান ফিল্মছে মুঠ ৩০ কোটি টকা বাজেটত নিৰ্মাণ কৰা এই ছবিখনৰ চিত্ৰনাট্য শ্বাহ আৰু সংগীত ৰচনা শান্তনু মৈত্ৰ আৰু অনুপম ৰায়ৰ।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

পিংক (Pink) ২০১৬ চনৰ হিন্দী ভাষাৰ, অনিৰুদ্ধ ৰায় চৌধুৰী পৰিচালিত আৰু সুজিত সৰকাৰ প্ৰযোজিত এখন ভাৰতীয় আইনী থ্ৰিলাৰ ছবি। ৰাইজিং ছান ফিল্মছে মুঠ ৩০ কোটি টকা বাজেটত নিৰ্মাণ কৰা এই ছবিখনৰ চিত্ৰনাট্য শ্বাহ আৰু সংগীত ৰচনা শান্তনু মৈত্ৰ আৰু অনুপম ৰায়ৰ। পিংকত অমিতাভ বচ্চন, তাপ্‌সী পন্নু, কীৰ্তি কুলহাৰী, আন্দ্ৰেয়া তাৰিয়াং, অংগদ বেদী, তুষাৰ পাণ্ডে, পীয়ূষ মিশ্ৰ আৰু ধৃতিমান চেটাৰ্জী আছে।১

২০১৬ চনৰ ১৬ ছেপ্টেম্বৰত বিশ্বব্যাপী চিত্ৰগৃহত পিংক মুক্তি পায়।২ অভিনেতা-অভিনেত্ৰী নিৰ্বাচন, কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰ বাবে ছবিখনে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে। পিংক বিশ্বজুৰি ১৫৭.৩২ কোটি টকাতকৈও অধিক উপাৰ্জন কৰি আশ্চৰ্যজনক বাণিজ্যিক সফলতা লাভ কৰে। ছবিখনে চিত্ৰগৃহত ৫০ দিনীয়া প্ৰদৰ্শন সম্পূৰ্ণ কৰে।

পিংকে অন্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি শিতানত ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়। ৬২তম ফিল্মফেয়াৰ বঁটাত পিংকে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীকে ধৰি ৫টা মনোনয়ন লাভ কৰে আৰু ঋতেশ শ্বাহে শ্ৰেষ্ঠ সংলাপ শিতানত বঁটা পাবলৈ সক্ষম হয়।

ছবিখন তামিল ভাষাত নেৰকণ্ডা পাৰবই (২০১৯) আৰু তেলুগু ভাষাত ৱকিল চাব (২০২১) নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।

বঁটা

৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • অন্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি

৬২তম ফিল্মফেয়াৰ বঁটা

  • শ্ৰেষ্ঠ সংলাপ- ঋতেশ শ্বাহ

তথ্যসূত্ৰ

  1. ↑ (11 September 2016). Pink is a social thriller: Amitabh Bachchan
  2. ↑ Groves, Don. (14 September 2016). Amitabh Bachchan Thriller Set To Clash With Horror Movie Starring Emraan Hashmi. Forbes

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ২০১৬ বৰ্ষৰ চলচ্চিত্ৰফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰভাৰতীয় থ্ৰিলাৰ চলচ্চিত্ৰভাৰতীয় নাৰীবাদী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিংক (২০১৬ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৫০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।