ভাৰতীয় থ্ৰিলাৰ চলচ্চিত্ৰ
১১ প্ৰবন্ধ
-
ধুৰন্ধৰ
ধুৰন্ধৰ (Dhurandhar; ) হৈছে ২০২৫ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ স্পাই একশ্যন থ্ৰিলাৰ চলচ্চিত্ৰ। জিঅʼ ষ্টুডিঅʼ আৰু বি৬২ ষ্টুডিঅʼৰ বেনাৰৰ অধীনত জ্যোতি দেশপাণ্ডে, আদিত্য ধৰ আৰু লোকেশ ধৰে এই ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত ৰণবীৰ সিং, অক্ষয় খান্না, আৰ.
-
মঞ্জুম্মেল বয়ছ
মঞ্জুম্মেল বয়ছ (Manjummel Boys) হৈছে চিদাম্বৰমৰ দ্বাৰা ৰচিত তথা পৰিচালিত ২০২৪ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ এখন ছাৰ্ভাইভেল থ্ৰিলাৰ চলচ্চিত্ৰ। পাৰাভা ফিল্মছৰ অধীনত ছবিখনৰ প্ৰযোজনা কৰিছে সৌবিন শ্বাহীৰ, বাবু শ্বাহীৰ আৰু শ্বাউন এণ্টনিয়ে।
-
২০১৮ (চলচ্চিত্ৰ)
২০১৮ (পৰ্দাত উপ-শিৰোনামা হিচাপে এভৰিৱান ইজ এ হিৰো লিখা হৈছে) হৈছে ২০১৮ চনৰ কেৰালাৰ ভয়াৱহ বানপানীৰ আধাৰত নিৰ্মিত ২০২৩ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ ছাৰ্ভাইভেল থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক জুড এন্থনী জোচেফ, যিয়ে অখিল পি. ধৰ্মজনৰ সৈতে ইয়াৰ চিত্ৰনাট্যও লিখিছিল। কাব্য ফিল্ম কোম্পানীৰ বেনাৰত পি.
-
খাদান
খাদান (Khadaan) হৈছে ২০২৪ চনত মুক্তি পোৱা এখন ভাৰতীয় বাংলা ভাষাৰ একচন থ্ৰিলাৰ ছবি, যিখনৰ লেখক আৰু পৰিচালক হৈছে সুজিত ৰিনো দত্ত। ক্ৰমে সুৰিন্দৰ ফিল্মছ আৰু দেৱ এণ্টাৰটেইনমেণ্ট ভেনচাৰৰ বেনাৰত নিসপাল সিং আৰু দেবৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত দেৱে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে, লগতে মুখ্য চৰিত্ৰৰ সৈতে…
-
ইন-কাৰ
InCar হৈছে ২০২৩ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোড অপৰাধমূলক চলচ্চিত্ৰ যাক হৰ্ষ ৱাৰ্ধনে লিখি পৰিচালনা কৰিছে। সঁচা ঘটনাৰ পৰা অনুপ্ৰাণিত হৈ, এই ছবিখনত ৰিতিকা সিং, মনীশ ঝাঞঝোলিয়া আৰু ৰিচি সন্দীপ গয়াতে অভিনয় কৰিছে। মুক্তিৰ পিছত, InCar-এ ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰে।
-
ছবিয়াল
ছবিয়াল ২০২০ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন থ্ৰিলাৰ নাট্য চলচ্চিত্ৰ। মানস বসুৰ দ্বাৰা পৰিচালিত আৰু মিলন দত্তৰ দ্বাৰা প্ৰযোজিত ছবিখন পৰমহংস চিত্ৰমৰ বেনাৰত নিৰ্মিত হৈছে। ২০২০ চনৰ ১১ ডিচেম্বৰ তাৰিখে ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিছিল।
-
দৃশ্যম ২
দৃশ্যম ২: দ্য ৰিজাম্পচন হৈছে ২০২১ চনৰ এখন ভাৰতীয় মালায়ালম ভাষাৰ অপৰাধমূলক থ্ৰিলাৰ চলচ্চিত্ৰ। ইয়াক জীতু জোচেফ ৰচনা আৰু পৰিচালনা কৰিছে। আশীৰ্বাদ চিনেমাছৰ বেনাৰত এণ্টনি পেৰুম্বাভুৰ ইয়াক প্ৰযোজনা কৰিছে।
-
দেৱী (২০২০ চনৰ চলচ্চিত্ৰ)
দেৱী ভাৰতীয় হিন্দী ভাষাৰ উদ্বেগজনক নাটকীয় চুটি চলচ্চিত্ৰ, যাক প্ৰথমবাৰ পৰিচালনা কৰে প্ৰিয়ংকা বেনাৰ্জীয়ে। এই চলচ্চিত্ৰখন নীৰঞ্জন আইয়েংগাৰ আৰু ৰায়ান আইভান ষ্টিফেনে প্ৰযোজনা কৰিছিল, যাৰ প্ৰযোজনা গৃহটো ইলেকট্ৰিক এপল্ছ এণ্টাৰটেইনমেণ্ট নামেৰে পৰিচিত।
-
পিংক (২০১৬ চলচ্চিত্ৰ)
পিংক (Pink) ২০১৬ চনৰ হিন্দী ভাষাৰ, অনিৰুদ্ধ ৰায় চৌধুৰী পৰিচালিত আৰু সুজিত সৰকাৰ প্ৰযোজিত এখন ভাৰতীয় আইনী থ্ৰিলাৰ ছবি। ৰাইজিং ছান ফিল্মছে মুঠ ৩০ কোটি টকা বাজেটত নিৰ্মাণ কৰা এই ছবিখনৰ চিত্ৰনাট্য শ্বাহ আৰু সংগীত ৰচনা শান্তনু মৈত্ৰ আৰু অনুপম ৰায়ৰ।
-
সন্তোষ (২০২৪ চলচ্চিত্ৰ)
সন্তোষ (Santosh) সন্ধ্যা সূৰীৰ দ্বাৰা ৰচিত তথা পৰিচালিত, ২০২৪ চনত মুক্তিপ্ৰাপ্ত, হিন্দী ভাষাৰ এখন অপৰাধমূলক নাট্য চলচ্চিত্ৰ। ছবিখন যুক্তৰাজ্য, ভাৰত, জাৰ্মানী আৰু ফ্ৰান্সৰ এক আন্তঃৰাষ্ট্ৰীয় সহ-প্ৰযোজনা।
-
ৰুদ্ৰ (২০২৫ চলচ্চিত্ৰ)
ৰুদ্ৰ (Rudra) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, ৰূপক গগৈৰ দ্বাৰা পৰিচালিত তথা ৰচিত, অসমীয়া ভাষাৰ এখন একশ্যন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। শ্যাম প্ৰডাকচনজৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ আৰু অৰ্চিতা প্ৰকাশে।