তিথি
৯ প্ৰবন্ধ
-
অমাৱস্যা
অমাৱস্যা (अमावस्या) হৈছে কৃষ্ণ পক্ষ অনুসৰি ন জোনৰ দিন। হিন্দু কেলেণ্ডাৰৰ দুই পক্ষ ক্ৰমে শুক্ল আৰু কৃষ্ণ পক্ষৰ মুঠ ৩০টা দিনৰ ভিতৰত কৃষ্ণ পক্ষৰ অন্তিমটো দিন। সেই দিনা আকাশত চন্দ্ৰ দৃশ্যমান নহয়। আমাৱস্যাৰ সময়ত চন্দ্ৰটো চন্দ্ৰ আৰু সূৰ্যৰ মাজত ১২° কোণৰ দৈঘ্যত অৱস্থান কৰে।
-
অক্ষয় তৃতীয়া
অক্ষয় তৃতীয়া (বা আখা তীজ) হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি। প্ৰতি বছৰৰ ব'হাগ মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। হিন্দুধৰ্মী লোকসকলে বিশ্বাস কৰে যে এই দিনটোতে সত্য যুগৰ আৰম্ভণি হৈছিল। ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল।
-
একাদশী তিথি
একাদশী তিথি বা একাদশী, চন্দ্ৰকলাৰ একাদশ দিন। হিন্দু দিনপঞ্জীমতে একাদশী দুবিধ, শুক্লপক্ষৰ শুক্লা একাদশী আৰু কৃষ্ণপক্ষৰ কৃষ্ণা একাদশী। শুক্লা একাদশীৰ তিনিদিন পিছত পূৰ্ণিমা আৰু কৃষ্ণা একাদশীৰ তিনিদিন পিছত অমাবস্যা হয়। হিন্দু আৰু জৈন ধৰ্মাৱলম্বী সকলে একাদশীক পৱিত্ৰ তিথি হিচাপে গণ্য কৰে।
-
পূৰ্ণিমা (তিথি)
পূৰ্ণিমা (Purnima, पूर्णिमा) হʼল এটি সংস্কৃত শব্দ। প্ৰতি মাহৰ পূৰ্ণিমা তিথিত পূৰ্ণ চন্দ্ৰ দেখা যায়, আৰু এই দিনটোৱে দুটা চন্দ্ৰ পাক্ষিকৰ (পক্ষ) মাজত বিভাজন চিহ্নিত কৰে। এই দিনা চন্দ্ৰ, সূৰ্য আৰু পৃথিৱীয়ে ঠিক একেডাল সৰলৰেখাত অৱস্থান কৰে, যাক চিজিজি (Syzygy) বোলা হয়।
-
সপ্তমী
সপ্তমী (Saptami, सप्तमी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ সপ্তম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ সপ্তমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ সপ্তম দিন।
-
অষ্টমী
অষ্টমী (Ashtami, अष्टमी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ অষ্টম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ অষ্টমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ অষ্টম দিন।
-
নৱমী
নৱমী (Navami, नवमी) হʼল সংস্কৃত ভাষাৰ এটি শব্দ, আৰু হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ) ৰ নৱম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ নৱমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ নৱম দিন। নৱমী তিথি প্ৰতি মাহৰ নৱম আৰু চতুৰ্বিংশতম দিনত পৰে।
-
ষষ্ঠী (তিথি)
ষষ্ঠী (Shashthi, षष्ठी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিকৰ (পক্ষ) ষষ্ঠ দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ ষষ্ঠী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ ষষ্ঠ দিন।
-
দশমী
দশমী (Dashami, दशमी) হʼল সংস্কৃত ভাষাৰ এটি শব্দ, আৰু হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ দশম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ দশমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ দশম দিন। দশমী তিথি প্ৰতি মাহৰ দশম আৰু পঞ্চবিংশতম দিনত পৰে।