হিন্দু পঞ্জিকা
৬ প্ৰবন্ধ
-
পূৰ্ণিমা (তিথি)
পূৰ্ণিমা (Purnima, पूर्णिमा) হʼল এটি সংস্কৃত শব্দ। প্ৰতি মাহৰ পূৰ্ণিমা তিথিত পূৰ্ণ চন্দ্ৰ দেখা যায়, আৰু এই দিনটোৱে দুটা চন্দ্ৰ পাক্ষিকৰ (পক্ষ) মাজত বিভাজন চিহ্নিত কৰে। এই দিনা চন্দ্ৰ, সূৰ্য আৰু পৃথিৱীয়ে ঠিক একেডাল সৰলৰেখাত অৱস্থান কৰে, যাক চিজিজি (Syzygy) বোলা হয়।
-
সপ্তমী
সপ্তমী (Saptami, सप्तमी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ সপ্তম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ সপ্তমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ সপ্তম দিন।
-
অষ্টমী
অষ্টমী (Ashtami, अष्टमी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ অষ্টম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ অষ্টমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ অষ্টম দিন।
-
নৱমী
নৱমী (Navami, नवमी) হʼল সংস্কৃত ভাষাৰ এটি শব্দ, আৰু হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ) ৰ নৱম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ নৱমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ নৱম দিন। নৱমী তিথি প্ৰতি মাহৰ নৱম আৰু চতুৰ্বিংশতম দিনত পৰে।
-
ষষ্ঠী (তিথি)
ষষ্ঠী (Shashthi, षष्ठी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিকৰ (পক্ষ) ষষ্ঠ দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ ষষ্ঠী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ ষষ্ঠ দিন।
-
দশমী
দশমী (Dashami, दशमी) হʼল সংস্কৃত ভাষাৰ এটি শব্দ, আৰু হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ দশম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ দশমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ দশম দিন। দশমী তিথি প্ৰতি মাহৰ দশম আৰু পঞ্চবিংশতম দিনত পৰে।