সপ্তমী (Saptami, सप्तमी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ সপ্তম দিন (তিথি)।১২ প্ৰত্যেক মাহত দুটিকৈ সপ্তমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ সপ্তম দিন।
উৎসৱ
- ৰথসপ্তমী: এই উপলক্ষ্যে সাধাৰণতে সূৰ্য্য দেৱতাক পূজা কৰা হয়। সাধাৰণতে ঘৰতে শুদ্ধিকৰণ স্নান কৰাৰে ৰথসপ্তমীৰ আৰম্ভণি হয়। গা-ধোৱাৰ সময়ত, কেইটামান বেল পাত মূৰত ধৰি ৰাখি বছৰটোৰ বাকী সময়খিনিৰ সকলো কামতে দেৱতাৰ কৃপা কামনা কৰি শ্লোক এটা জপ কৰা হয়। এই অনুষ্ঠানটিৰ লগত ‘নৈৱেদ্যম’ অনুষ্ঠান, ফুল আৰু ফল-মূলৰ সৈতে পূজা কৰাও জড়িত।
- নৱৰাত্ৰি: নৱৰাত্ৰিৰ সপ্তম দিনা কালৰাত্ৰি পূজা অনুষ্ঠিত হয়।
- জলৰাম বাপাৰ জন্মদিন কাতি মাহৰ সপ্তমী তিথিৰ শুক্ল পক্ষত পৰে আৰু ইয়াক জলৰাম জয়ন্তী হিচাপে পালন কৰা হয়।
তথ্যসূত্ৰ
- ↑ Monier-Williams. (1872). A Sanskṛit-English Dictionary Etymologically and Philologically Arranged: With Special Reference to Greek, Latin, Gothic, German, Anglo-Saxon, and Other Cognate Indo-European Languages. Clarendon Press. পৃ. 1065
- ↑ Rao. (2000). Indian Astronomy: An Introduction. Universities Press. পৃ. 65. ISBN 978-81-7371-205-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সপ্তমী” প্ৰবন্ধৰ সংশোধন ৫৪০৩০৮ (২৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।