ভাৰতীয় ট্ৰান্সজেণ্ডাৰ মহিলা
১৭ প্ৰবন্ধ
-
নৰ্তকী নটৰাজ
নৰ্তকী নটৰাজ (Narthaki Nataraj, ৬ জুলাই ১৯৬৪) এগৰাকী ভাৰতীয় ভাৰতনাট্যম নৃত্যশিল্পী। ২০১১ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০১৯ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।
-
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী (Laxmi Narayan Tripathi, জন্ম: ১৩ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ আৰু হিজৰা অধিকাৰ কৰ্মী, বলিউড অভিনেত্ৰী, ভাৰতনাট্যম নৃত্যশিল্পী, কোৰিঅ'গ্ৰাফাৰ আৰু প্ৰেৰণামূলক বক্তা। তেওঁ কিন্নৰ আখাড়াৰ আচাৰ্য মহামণ্ডলেশ্বৰ।
-
কমলা জান
কমলা জান (আনুমানিক ১৯৫৪ – ১৪ নৱেম্বৰ ২০১৯) আছিল এগৰাকী ভাৰতীয় তৃতীয় লিংগৰ ৰাজনীতিবিদ। ২০০০ চনত তেওঁ মধ্য প্ৰদেশৰ কাটনি পৌৰ নিগমৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছিল আৰু এইদৰে ভাৰতৰ ইতিহাসত প্ৰথম হিজৰা (ইউনুচ) মেয়ৰ হিচাপে পৰিচিত হয়।
-
গজল ধালিৱাল
গজল ধালিৱাল (Gazal Dhaliwal, জন্ম: ১৯৮২) এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ আৰু ট্ৰান্সজেণ্ডাৰ অধিকাৰকৰ্মী। তেওঁ ৰাজকুমাৰ ৰাও, অনিল কাপুৰ আৰু সোণম কাপুৰ আহুজা অভিনীত বিনোদ চোপ্ৰা ফিল্মছৰ 'এক লড়কী কো দেখা তো আইছা লগা'ৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল।
-
গৌৰী সাৱন্ত
গৌৰী সাৱন্ত (Gauri Sawant) ভাৰতৰ মুম্বাইৰ এজন ট্ৰান্সজেণ্ডাৰ অধিকাৰকৰ্মী। তেওঁ 'সখী চাৰ চৌঘি' নামৰ বেচৰকাৰী সংগঠনৰ পৰিচালক। এই সংগঠনে ট্ৰান্সজেণ্ডাৰ ব্যক্তি আৰু এইচআইভি/এইডছত আক্ৰান্ত লোকসকলক সহায় কৰে। তেওঁক ভিক্সৰ এটা বিজ্ঞাপনত প্ৰদৰ্শিত কৰা হৈছিল।
-
অপ্সৰা ৰেড্ডী
অপ্সৰা ৰেড্ডী (জন্ম: অজয় ৰেড্ডী) হৈছে এজন ভাৰতীয় ট্ৰান্সজেণ্ডাৰ মহিলা ৰাজনীতিবিদ আৰু সাংবাদিক। ২০১৬ চনত পূৰ্বৰ মুখ্যমন্ত্ৰী জয়াললিতাই তেওঁক সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুনেত্ৰ কড়গম (AIADMK)ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্ত কৰিছিল।
-
আক্কাই পদ্মশালী
আক্কাই পদ্মশালী এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ অধিকাৰ কৰ্মী, প্ৰেৰণা মূলক বক্তা আৰু গায়িকা। ট্ৰান্সজেণ্ডাৰ অধিকাৰ ক্ষেত্ৰত কৰা কামৰ বাবে তেওঁ কৰ্ণাটক ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ৰাজ্যোৎসৱ পুৰস্কাৰ লাভ কৰিছে।
-
আক্সা শ্বেইখ
আক্সা শ্বেইখ (জন্ম: ১৯৮৩) হৈছে জামিয়া হামদাৰ্ড, নতুন দিল্লীৰ হামদাৰ্ড ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেস এণ্ড ৰিচাৰ্চৰ কমিউনিটি মেডিচিন বিভাগৰ প্ৰফেছৰ। তেওঁ এজন ট্ৰান্সজেণ্ডাৰ মহিলা আৰু ট্ৰান্সজেণ্ডাৰ অধিকাৰ সক্ৰিয় ব্যক্তি।
-
ইভাংকা দাস
ইভাংকা দাস (জন্ম নাম: অৰণদীপ দাস) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী, নৃত্য পৰিচালক, আৰু মডেল। ভাৰতীয় ৰিয়েলিটি টেলিভিছন শ্ব ' ডান্স দীৱানে, হদ্দী আৰু ঘূমেৰ ছবিৰ লগতে নেটফ্লিক্সৰ ধাৰাবাহিক বম্বে বেগমছত অংশগ্ৰহণৰ বাবে তেওঁ পৰিচিত৷
-
এস্থাৰ ভাৰতী
পাষ্টৰ এস্থাৰ ভাৰতী ভাৰতৰ প্ৰথম ৰূপান্তৰিত লিংগৰ যাজক (ট্ৰান্সজেণ্ডাৰ পাষ্টৰ)। তেওঁ চেঙ্গালপাট্টু, ভাৰতস্থিত ইভানজেলিকেল চাৰ্চ অৱ ইণ্ডিয়া (ECI) শাখাৰ সৈতে জড়িত। তেওঁক সাধাৰণতে পাষ্টৰ ভাৰতী বুলি কোৱা হয়।
-
ঐশ্বৰ্য ঋতুপৰ্ণা প্ৰধান
ঐশ্বৰ্য ঋতুপৰ্ণা প্ৰধান (জন্ম: ১২ নৱেম্বৰ ১৯৮৩) হৈছে ভাৰতৰ প্ৰথম প্ৰকাশ্য ট্ৰান্সজেণ্ডাৰ অসামৰিক সেৱাকৰ্মী। তেওঁ ওড়িশা ফাইনেনচিয়েল চাৰ্ভিচেছ (OFS)-ৰ এগৰাকী বাণিজ্যিক কৰ বিষয়া হিচাপে পাৰাদ্বীপত কৰ্মৰত। পাব্লিক চাৰ্ভিচ কমিছনৰ পৰীক্ষাত সফল হৈ তেওঁ ২০১০ চনত OFS-ত যোগদান কৰে।
-
গ্ৰেচ বানু
গ্ৰেচ বানু ( Grace Banu) এগৰাকী ভাৰতীয় চফটৱেৰ ইঞ্জিনিয়াৰ যি এগৰাকী দলিত আৰু হিজড়া কৰ্মী। তামিলনাডু ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰা প্ৰথমগৰাকী হিজড়া। তামিলনাডুৰ থুথুকুডি জিলাত বাস কৰে।
-
নয়না উদুপি
নয়না উদুপি (জন্ম ১৯৭২ বা ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ মহিলা, যিয়ে কৰ্পোৰেট ক্ষেত্ৰত এটা সফল পেছা গঢ়ি তোলাৰ লগতে কৰ্মক্ষেত্ৰত লিংগ অন্তৰ্ভুক্তি আৰু সমতাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আহিছে।
-
বিজয়ৰাজামল্লিকা
বিজয়ৰাজামল্লিকা মালয়ালম সাহিত্যৰ এগৰাকী ট্ৰান্সজেণ্ডাৰ কবি। তেওঁ এগৰাকী লেখিকা, শিক্ষিকা, সমাজকৰ্মী, অনুপ্ৰেৰণা বক্তা আৰু সামাজিক কৰ্মী হিচাপেও পৰিচিত।
-
বীণা ছেন্দ্ৰে
বীণা ছেন্দ্ৰে (জন্ম ১৯৯৪) হৈছে ছত্তীশগড়ৰ এগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা। তেওঁ এগৰাকী স্বেচ্ছাসেৱী সংগঠনৰ সৈতে কাম কৰিছিল আৰু লিংগ সমতাৰ দাবীত তৃণমূল স্তৰত এক আন্দোলনৰ নেতৃত্ব দিছিল। ২০১৮ চনত তেওঁ প্ৰথমবাৰৰ বাবে মিছ ট্ৰান্স কুইন খিতাপ লাভ কৰে।
-
মধু কিন্নৰ
মধু বাই কিন্নৰ ভাৰতৰ ছত্তীশগড় ৰাজ্যৰ ৰায়গড় পৌৰ নিগমৰ মেয়ৰ। তেওঁ স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে ৰায়গড় পৌৰ নিগম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৩৩,১৬৮টা ভোট লাভ কৰে আৰু শাসক দল বিজেপিৰ প্ৰাৰ্থী মহাবীৰ গুৰুজীক ৪,৫৩৭ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
-
মৃদুল ৱাধৱা
মৃদুল মচিন্দ্ৰ ৱাধৱা (Mridul Machindra Wadhwa, জন্ম ১৯৭৮) ভাৰতত জন্মগ্ৰহণ কৰা স্কটিছ মহিলাৰ অধিকাৰ, ট্ৰেন্স অধিকাৰ, আৰু ঘৰুৱা হিংসা বিৰোধী অভিযানকাৰী। তেওঁ এডিনবাৰ্গ ধৰ্ষণ সংকট কেন্দ্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰে।