নৰসিংহ (; বৈজ্ঞানিক নামঃ Murraya koenigii) ৰুটেছি (Rutaceae) গোত্ৰৰ এবিধ বহুবৰ্ষীয় গুল্ম (জোপোহা) জাতৰ উদ্ভিদ। ৪-৬ মিটাৰ ওখ হোৱা এই উদ্ভিদবিধৰ গা-গছৰ পৰিধি ৪০ ছেঃমিঃ পৰ্যন্ত হয়। ইয়াৰ ফুলবিলাক সৰু, বগা আৰু গোন্ধযুক্ত। ইয়াৰ সৰু সৰু ক'লা ৰঙৰ ফলবিলাক খাব পাৰি। পাতৰ কাষ অসমান, ডিম্বাকাৰ আৰু পাতবোৰ একোডাল পটুৱাত এটাৰ পিছত এটাকৈ সৰু ঠাৰিৰে সংযুক্ত হৈ থাকে। একোডাল পটুৱাত ৫ ৰ পৰা ২৫ খিলাকৈ পাত থাকে। ফেব্ৰুৱাৰী মাহত ফুল ফুলে আৰু ফলবোৰ জুন মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত পকে। ফলবোৰ ডিম্বাকৃতিৰ হয়। গুটিবোৰ ফলৰ ভিতৰত কিছুমান বিজলুৱা পদাৰ্থৰ ভিতৰত থাকে। প্ৰজনন গুটিৰ পৰা হয়।
নৰসিংহৰ পাতক তৰকাৰী পাত (curry leaves) বুলিও জনা যায়, আনহাতে ইয়াক মিঠা নিম বুলিও কোৱা হয়৷ ভাৰত, শ্ৰীলংকা আৰু বাংলাদেশৰ বহু খাদ্যত ইয়াক ব্যৱহাৰ কৰা হয়।
উপলব্ধতা

পশ্চিমবংগ, অসম, কেৰালা, ওড়িশা, তামিলনাডু, গুজৰাট, হিমালয়ৰ কুমায়ুনৰ পাৰ্বত্য অঞ্চল আৰু ছিক্কিম। ভাৰতৰ বাহিৰেও মাদাগাস্কাৰ, ম্যানমাৰ, জাভা, লাউচ, বাংলাদেশ আদি ঠাইতো এই গছ পোৱা যায়।
ব্যৱহাৰ
সুদুৰ অতীতৰ পৰা নৰসিংহৰ পাত ৰন্ধন প্ৰণালীত ব্যৱহাৰ হৈ আহিছে। ইয়াৰ সুগন্ধ আৰু সুস্বাদুৰ বাবে তৰকাৰী আৰু আচাৰ আদি সামগ্ৰীত ব্যৱহাৰ হয়। ইয়াৰ পাত, ডাল –শিপা আদি অতীজৰে পৰা আয়ুৰ্বেদীয় আৰু ইউনানী ঔষধীয় পদ্ধতিত ব্যৱহাৰ হৈ আহিছে। ইয়াৰ গা-গছৰ পাতৰ পৰা নিষ্কাশিত ৰসৰে প্ৰস্তুত কৰা তেলেৰে অণুজীৱ ধ্বংস আৰু পোক-পৰুৱা নিয়ন্ত্ৰণৰ কামত ব্যৱহাৰ কৰা হয়।১
আয়ুৰ্বেদিক চিকিৎসাতো ইয়াৰ পাত ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ডায়েবেটিছ প্ৰতিৰোধী গুণ আছে বুলি ধাৰণা কৰা হৈছে।২৩
যদিও ইয়াক বেছিকৈ চূপৰ দৰে ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা হয়, তথাপিও তৰকাৰীত পাত ব্যৱহাৰ কৰি আন বহুতো খাদ্যত এক বেলেগ সোৱাদ দিব পাৰি। কম্বোডিয়াত ইয়াৰ পাতবোৰ জুইত পুৰি মচমচীয়া কৰাৰ পিছত পিহি মাজু কুৰেং নামৰ টেঙা চূপত ব্যৱহাৰ কৰা হয়।
তুলসী পাতৰ অনুপস্থিতিত বিভিন্ন ধ্ৰুপদী ৰীতি-নীতি আৰু পূজাত নসিংহ গছৰ পাত ব্যৱহাৰ কৰা হয়।
বংশবৃদ্ধি
ৰোপণৰ বাবে বীজ পকা আৰু সতেজ হ’ব লাগিব; শুকান বা মৰহি যোৱা ফল ব্যৱহাৰযোগ্য নহয়। গোটা ফল ৰোপণ কৰিব পাৰি, কিন্তু ফলৰ খোলা উলিয়াই আৰ্দ্ৰ কিন্তু তিতা পাত্ৰত ৰোপণ কৰাটো ভাল। গ্ৰাফটিং পদ্ধতিৰে নতুন পুলিও উৎপাদন কৰিব পাৰি।
বিৱৰণ
ই এবিধ সৰু গছ, ৪–৬ মিটাৰ (১৩–২০ ফুট) ওখ, ডাল ৪০ চে.মি. (১৬ ইঞ্চি) পৰ্যন্ত ব্যাসৰ হয়। সুগন্ধিযুক্ত পাতবোৰ পক্ষাকাৰ, ১১–২১টা পাত থাকে, প্ৰতিটো পাত ২–৪ চে.মি.(৩⁄৪–১+১⁄২ ইঞ্চি) দীঘল আৰু ১–২ চে.মি. বহল। গছজোপাই সৰু সৰু বগা ফুল উৎপন্ন কৰে যিবোৰে স্ব-পৰাগসংযোগ কৰি সৰু সৰু চিকচিকিয়া-ক’লা খোলা উৎপন্ন কৰিব পাৰে য’ত এটা ডাঙৰ জীৱন ধাৰণযোগ্য বীজ থাকে। ফল খাব পৰা আৰু মিঠা সোৱাদযুক্ত।২
বিতৰণ আৰু বাসস্থান
এই গছ ভাৰত উপমহাদেশৰ স্থানীয় গছ।৪ ভাৰতত, আৰু অষ্ট্ৰেলিয়া আৰু স্পেইনৰ দক্ষিণে (কোষ্টা ডেল ছল) বাণিজ্যিক বাগিচা স্থাপন কৰা হৈছে।৪
শুকান নোহোৱা ভালদৰে পানী ওলাই যোৱা মাটিত, সম্পূৰ্ণ ৰ’দ বা আংশিক ছাঁ থকা ঠাইত, বতাহৰ পৰা আঁতৰত ই ভালকৈ হয়। উষ্ণতা কমেও ১৮ ডিগ্ৰী চেলছিয়াছ (৬৪ ডিগ্ৰী ফাৰেনহাইট) হ'লে বৃদ্ধি অধিক শক্তিশালী হয়।৫
ৰাসায়নিক উপাদান
নৰসিংহ গছৰ পাত, ঠাৰি, বাকলি আৰু বীজত পোৱা যৌগসমূহৰ ভিতৰত অন্তৰ্ভুক্ত। হৈ আছে চিনামালডিহাইড,৬ আৰু অসংখ্য কাৰ্বাজ'ল এলকেল'ইড, য'ত মহানিম্বিন,৭ গিৰিনিম্বাইন,৮ আৰু মহানিন আদি।
পুষ্টিৰ দিশৰ পৰা নৰসিংহ গছৰ পাত কেৰটিনয়ড, বিটা-কেৰটিন, কেলচিয়াম আৰু আইৰণৰ সমৃদ্ধ উৎস।৯
এই উদ্ভিদৰ পৰা পোৱা গ্ৰীনিম্বিন আৰু কাৰ্বাজল এলকেলয়ডৰ ওপৰত ২০১১ চনত কৰা এক অধ্যয়নত দেখা গৈছে যে, ই "In Vitro" (কোষৰ স্বাভাৱিক অবস্থাক বাহিৰত থৈ তাৰ কাৰ্য নিয়ন্ত্ৰণ)ৰ HepG2 কোষত "Hepatocellular Carcinoma (এবিধ কেন্সাৰ)"ৰ বৃদ্ধিত বাধা দিয়ে আৰু Apoptosis (কোষৰ স্বাভাৱিক মৃত্যু)ক প্ৰসাৰিত কৰে। ১০
বাহ্যিক সংযোগ
- Gernot Katzer's Herb Pages on curry leaves
- Plant Cultures: botany, history and uses of curry leaf plant
তথ্যসূত্ৰ
- ↑ প্ৰান্তিক, লিখক: বিনোদ কলিতা, ১-১৫ ফেব্ৰুৱাৰী, ২০০৭, পৃষ্ঠা নং- ২৩, vol no- ২৬ বছৰ পঞ্চম সংখ্যা, PRANTIK ISSN- 0971-5932
- ↑ Arulselvan P, Senthilkumar GP, Sathish Kumar D, Subramanian S. (2006). Anti-diabetic effect of Murraya koenigii leaves on streptozotocin induced diabetic rats. Pharmazie. পৃ. 874–7
- ↑ Traditional diabetes remedy offers hope
- ↑ Norman, Jill. (2002). Herbs & Spices: The Cook's Reference. DK Publishing. পৃ. 212, 213. ISBN 9780789489395
- ↑ Curry leaf tree (Murraya koenigii). Heritage Garden
- ↑ Sankar Ganesh, Ravishankar Rai. (2015). In vitro antibiofilm activity of Murraya koenigii essential oil extracted using supercritical fluid CO2 method against Pseudomonas aeruginosa PAO1. Natural Product Research. পৃ. 2295–2298
- ↑ (2017). Mahanimbine. PubChem
- ↑ (2017). Girinimbine. PubChem
- ↑ Drisya, C. R.; Swetha, B. G.; Velu, V. (January 2015). Effect of dried Murraya koenigii leaves on nutritional, textural and organoleptic characeteristics of cookies. Journal of Food Science and Technology. পৃ. 500–506
- ↑ Syam, Suvitha; Abdul, Ahmad Bustamam; Sukari, Mohd. Aspollah; Mohan, Syam; Abdelwahab, Siddig Ibrahim; Wah, Tang Sook. (2011). The Growth Suppressing Effects of Girinimbine on Hepg2 Involve Induction of Apoptosis and Cell Cycle Arrest. Molecules. পৃ. 7155–70
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰসিংহ (উদ্ভিদ)” প্ৰবন্ধৰ সংশোধন ৫১৩৮৭৬ (৩১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।