শোণিতপুৰ জিলা
১৮ প্ৰবন্ধ
-
শোণিতপুৰ জিলা
শোণিতপুৰ জিলা অসম ৰাজ্যৰ এখন গুৰুত্বপূৰ্ণ প্ৰশাসনিক জিলা, যাৰ সদৰ তেজপুৰ। ঐতিহাসিক-পুরাণীয় কাহিনী, বহুজাতিক সমাজ-গঠন আৰু প্ৰাকৃতিক সৌন্দৰ্য—বিশেষকৈ নামেৰি ৰাষ্ট্ৰীয় উদ্যান—এই জিলাৰ পৰিচয় গঢ়ি তোলাত মুখ্য ভূমিকা পালন কৰিছে।
-
গহপুৰ
গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ বিশ্বনাথ জিলাৰ পূব প্ৰান্তত অৱস্থিত এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ। ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয় আৰু এই গহপুৰৰ ভোলাগুৰি চাহ বাগিচাতে চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ প্ৰথমখন বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ কৰিছিল।
-
জামুগুৰিহাট
জামুগুৰি হাট শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাট এখন সৰু চহৰ। জামুগুৰি হাটক নতুনকৈ চহৰ অঞ্চল বুলি পৰিকল্পনা কৰা হৈছে। ২০২২ চনৰ মাৰ্চমাহত জামুগুৰি-চতিয়া পৌৰসভাৰ প্ৰথমটো নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যায়। এই অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে অৱস্থিত। অঞ্চলটো কলা-কৃষ্টিৰ দিশেৰে এটি চহকী অঞ্চল।
-
তেজপুৰ (লোকসভা সমষ্টি)
তেজপুৰ লোকসভা সমষ্টি (Tezpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
ৰঙাপাৰা
ৰঙাপাৰা (IPA: ˈræŋgəˌpɑːrə) (Rangapara) অসমৰ শোণিতপুৰ জিলাৰ এখন নগৰ।
-
ছয়দুৱাৰ মহাবিদ্যালয়
ছয়দুৱাৰ মহাবিদ্যালয় (ইংৰাজী : Chaiduar College) শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰ এখন পুৰণি অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান। গহপুৰ নগৰৰ নিচেই কাষতে মহাবিদ্যালয়খন অৱস্থিত।
-
তেজপুৰ চিকিৎসা মহাবিদ্যালয়
তেজপুৰ চিকিৎসা মহাবিদ্যালয় (Tezpur Medical College & Hospital) হৈছে অসমৰ ষষ্ঠখন চিকিৎসা মহাবিদ্যালয়। অসমৰ তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৩ চনত এই মহাবিদ্যালয়খন উদ্বোধন কৰে।
-
বাৰেচহৰীয়া ভাওনা মহোৎসৱ
বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। 'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে।
-
নাগশংকৰ মন্দিৰ
নাগশংকৰ মন্দিৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। শোণিতপুৰ জিলাৰ প্ৰধান শৈৱ পীঠস্থান সমূহৰ ভিতৰত নাগশংকৰ মন্দিৰ অন্যতম। দৈনিক যথা ৰীতি এই মন্দিৰত পূজা-অৰ্চনা কৰা হয়। মন্দিৰটোৰ নামেৰে এই অঞ্চলটোৰ নামো নাগশংকৰ পৰিছে।
-
শোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
শোণিতপুৰ জিলা অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ সদৰ ঠাই তেজপুৰ। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।
-
হুদুপৰা থান
হুদুপৰা থান তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কেতেকীবাৰী গাঁৱৰ প্রাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ এখন আধ্যাত্মিক স্থল। প্ৰৱচন অনুসৰি, বৰ্তমান যি স্থানত নিতৌ নাম কীৰ্ত্তন কৰা হয়, সেই স্থানত এজোপা কেন্দু গছ আছিল, গছ জোপাৰ কাষত প্ৰায়েই হুদু চৰায়ে জিৰণি লৈছিল। গছ জোপাৰ তলত যথেষ্ট কেঁচুমতা হৈছিল।
-
বালিপৰা
বালিপৰা অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি অঞ্চল। ভৌগোলিক দৃষ্টিকোণেৰে চাবলৈ গ’লে ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ ঠিক সোঁমাজতে বালিপৰা অঞ্চলটোৰ অৱস্থিতি। জিলাৰ সদৰ চহৰ তেজপুৰৰ পৰা বালিপৰাৰ দূৰত্ব ২৩ কিলোমিটাৰ।
-
নলেশ্বৰ থান
নলেশ্বৰ থান তেজপুৰ চহৰৰ দ-বেছেৰীয়া গাঁৱত অৱস্থিত| তথ্য অনুসৰি, ১৭৬০ চনৰ ভাদ মাহত সেই গাঁৱৰে মূৰাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু নমোৰাম গোস্বামীদেৱে এই থান খন প্ৰতিষ্ঠা কৰিছিল।
-
বিহালী অভয়াৰণ্য
বিহালী অভয়াৰণ্য (Behali Wildlife Sanctuary) অসমৰ বিশ্বনাথ জিলাত অৱস্থিত এখন অভয়াৰণ্য৷ পূব হিমালয়ৰ পাদদেশৰ অৰ্ধ চিৰসেউজ অৰণ্যখন পূৰ্বতে সংৰক্ষিত বনাঞ্চল আছিল। ২০২২ চনৰ ৪ মে’ত অসম ৰাজপত্ৰত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিহালী সংৰক্ষিত বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
-
গাংমৌ থান
গাংমৌ থান হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা এখন থান। মহাপুৰুষ শংকৰদেৱৰ তীৰ্থভ্ৰমণ সময়ত অসমৰ বিভিন্ন ঠাইত থাকি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। সেই স্থানবোৰত কালক্ৰমত কিছুমান সত্ৰ, মঠ-মন্দিৰ ইত্যাদিৰ গঢ় লৈ উঠিছিল। এনে এখন থান হ’ল গাংমৌ থান।
-
চাৰিদুৱাৰ
চাৰিদুৱাৰ শোণিতপুৰ জিলাৰ উত্তৰ প্ৰান্তত অৱস্থিত এটি অঞ্চল। জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা চাৰিদুৱাৰ অঞ্চলৰ দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ। চাৰিদুৱাৰৰ পূৱে জীয়া ভৰলী নদী, পশ্চিমে গাভৰু নদী, দক্ষিণে বালিপৰা আৰু উত্তৰে অসম-অৰুণাচল সীমান্তৰ ভালুকপুং।
-
প্ৰতিৰক্ষা গৱেষণাগাৰ, তেজপুৰ
প্ৰতিৰক্ষা গৱেষণাগাৰ, তেজপুৰ (Defence Research Laboratory) অসমৰ তেজপুৰ চহৰত অৱস্থিত প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ (ডিআৰডিঅ') প্ৰতিৰক্ষা গৱেষণাগাৰ। প্ৰতিৰক্ষা গৱেষণা গৱেষণাগাৰে বাহক সৃষ্ট ৰোগৰ ওপৰত গৱেষণা আৰু উন্নয়নশীল অধ্যয়ন, খোৱা পানীৰ মানদণ্ড উন্নত কৰা, আৱৰ্জনা জৈৱঅৱক্ষয় আৰু ব্যৱস্থাপনা,…
-
মৰা ভৰলী
মৰা ভৰলী (Mora Bharali) হৈছে বৰ্তমানৰ জীয়া ভৰলী নদীৰ এটা পৰিত্যক্ত গতিপথ। বৰ্তমানৰ জীয়া ভৰলী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত এই গতিপথটোৰ দৈঘ্য ১১ কিঃমিঃ। ভৰলী ব্ৰহ্মপুত্ৰ নদীৰ এখন উল্লেখযোগ্য উপনৈ। ই অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা উৎপত্তি হৈছে।