দাদৰা আৰু নগৰ হাভেলী পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ই দুটা পৃথক ভৌগোলিক অঞ্চলৰে গঠিত। সেই দুই অঞ্চল হৈছে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজত অৱস্থিত নগৰ হাভেলী আৰু তাৰ পৰা ১৮ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত সম্পূৰ্ণৰূপে গুজৰাটে আৱৰা দাদৰা অঞ্চল। ছিলভাচা দাদৰা আৰু নগৰ হাভেলীৰ ৰাজধানী আৰু বৃহত্তম চহৰ। ১৭৮৩ চনৰ পৰা বিংশ শতিকাৰ মাজে ভাগলৈ এই অঞ্চল পৰ্তুগীজ সকলৰ অধীনত আছিল।
২০১৯ চনত ভাৰত চৰকাৰে দাদৰা আৰু নগৰ হাভেলীক দমন আৰু দিউৰ লগত একত্ৰীকৰণ কৰি এখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ আঁচনি গ্ৰহণ কৰিছে।১
ইতিহাস
৪৫০ বছৰতকৈ অধিক কাল আৰৱ সাগৰৰ উপকূলীয় দমন আৰু দিউ অঞ্চল, গোৱা আৰু দাদৰা আৰু নগৰ হাভেলী পৰ্তুগীজ ভাৰতৰ অন্তৰ্ভুক্ত আছিল। ১৯৬১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে অপাৰেচন বিজয়ৰ জৰিয়তে গোৱা, দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাভেলী ভাৰত গণৰাজ্যত অন্তৰ্ভুক্ত হয়। ১৯৭৪ চনলৈ পৰ্টুগালে ভাৰতৰ এই অন্তৰ্ভুক্তিক স্বীকৃতি জনোৱা নাছিল।
প্ৰশাসন

প্ৰশাসনিক সুবিধাৰ বাবে দাদৰা আৰু নগৰ হাভেলীক দুটা তালুকাত ভাগ কৰা হৈছে। সেই দুইটা তালুকা হ'ল: দাদৰা আৰু নগৰ হাভেলী। দাদৰা তালুকাৰ সদৰ হৈছে দাদৰা চহৰ। এই তালুকা দাদৰা চহৰ আৰু দুখন গাঁৱৰে গঠিত। সেউদৰে নগৰ হাভেলী তালুকাৰ সদৰ ছিলভাচা। এই তালুকা ছিলভাচা আৰু ৬৪টা গাঁৱৰে গঠিত।২ভাৰতীয় সংবিধান মতে ইয়াৰ শাসন কাৰ্য ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত এজন প্ৰশাসকে পালন কৰে। তেওঁক শাসন কাৰ্যত সহায়ৰ বাবে অন্যায় বিষয়া সমূহ থাকে। বৰ্তমান ইয়াৰ প্ৰশাসক প্ৰফুল খোদা পেটেল।
জন-গাঁথনি
২০১১ চনৰ লোকপিয়ল মতে দাদৰা আৰু নগৰ হাভেলীৰ মুঠ জনসংখ্যা ৩,৪২,৮৫৩ জন।৩৪ ই জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৫৬৬তম স্থান অধিকাৰ কৰিছে।৩ ইয়াৰ জন ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৬৯৮ জন। ২০০১ চনৰ পৰা ২০১১ চনলৈ দাদৰা আৰু নগৰ হাভেলীৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ৫৫.৫% আছিল আৰু ই সমগ্ৰ ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি।৩৫ ইয়াৰ লিংগ অনুপাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৭৭৫ গৰাকী মহিলা আৰু সাক্ষৰতা হাৰ ৭৭.৬৫%।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Dutta, Amrita Nayak. (10 July 2019). There will be one UT less as Modi govt plans to merge Dadra & Nagar Haveli and Daman & Diu. The Print
- ↑ Dadra and Nagar Haveli. Government of D&NH. Administration of D&NH
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ US Directorate of Intelligence. Country Comparison:Population
- ↑ State Census 2011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাদৰা আৰু নগৰ হাভেলী” প্ৰবন্ধৰ সংশোধন ৩৮১৩৩১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।