অসমৰ পথসমূহ
৪ প্ৰবন্ধ
-
ধোদৰ আলি
ধোদৰ আলি (Sluggards' Road) পথটো গোলাঘাট জিলাৰ খুমটাই কমাৰগাঁৱৰ পৰা দক্ষিণ-পূৱলৈ গৈ গোলাঘাট নগৰৰ মাজেদি কমাৰ-বন্ধা হৈ তিতাবৰ, মৰিয়নি মাজেৰে নামৰূপৰ ওচৰৰ জয়পুৰত সংযুক্ত হৈছে। এই আলিটোৰ দৈৰ্ঘ্য প্ৰায় ২১২ কিঃমিঃ।
-
ষ্টিলৱেল পথ
ষ্টিলৱেল ৰোড নামৰ বুৰঞ্জীপ্ৰসিদ্ধ পথটো আগতে জনা গৈছিল লিডু ৰোড নামেৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে চীনা সকলক সাহায্য সামগ্ৰী যোগান ধৰিবলৈ বাৰ্মা ৰোডৰ এক বিকল্প ৰাস্তা স্বৰূপে এই পথটিৰ নিৰ্মাণ কৰা হৈছিল, কিয়নো বাৰ্মা ৰোড জাপানী সৈন্যই ১৯৪২ চনত দখল কৰি লৈছিল।
-
মালৌ আলি
মালৌ আলি (Malow ali) হৈছে অসমৰ যোৰহাট জিলাৰ এটা পথ। এই পথটো ১৭৯৫-১৮১৮ চনত আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল। এই পথটোৱে জিলাখনৰ পশ্চিমৰ বহুতো গাঁৱক যোৰহাট নগৰৰ লগত সংযোগ কৰিছে।
-
গোহাঁই কমল আলি
গোহাঁই কমল আলি (Gohain Kamal Ali) কোচ ৰাজ্যৰ ৰাজধানী কোচ বিহাৰ আৰু অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰক সংযোগ কৰা পথ। কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ তত্ত্বাৱধানত এই আলি নিৰ্মাণ কৰা হৈছিল। ১৫৪৭ চনত গোহাঁই কমল আলি সম্পূৰ্ণ হয়।