কঁঠাল ('jackfruit;'Artocarpus heterophyllus)১ ম’ৰেচি (Moraceae) পৰিয়ালৰ এজোপা চিৰসেউজীয়া গছ৷ কঁঠালৰ প্ৰকৃত ভৌগোলিক বিস্তাৰ জনা হোৱা নাই যদিও দক্ষিণ ভাৰত পৰা বৰ্ণিঅ’ দ্বীপৰ মাজৰ অঞ্চলটোৱে কঁঠালৰ মূল বুলি ধাৰণা কৰা হয়৷২৩৪৫ কঁঠাল বাংলাদেশৰ ৰাষ্ট্ৰীয় ফল৷৬
বিৱৰণ
কঁঠাল ক্ৰান্তীয় অঞ্চলত পোৱা যায়৷ ই পৃথিৱীৰ বৃহত্তম ফল দিয়া গছবোৰৰ ভিতৰত অন্যতম৷ গছজোপা ২০ মিটাৰলৈকে ওখ হ’ব পাৰে৷ ইয়াৰ একোটা ফল দীঘলে ৬০ ছে:মি: আৰু ওজন ৫৫ কেজি পৰ্য্যন্ত হ’ব পাৰে৷৭ এজোপা পূৰ্ণবয়স্ক কঁঠাল গছে বছৰে ১০০-২০০ টা ফল দিব পাৰে৷৮
গছজোপাৰ কাণ্ড, শাখা আৰু পাতৰপৰা বগা আঠা ওলায়৷ পুং আৰু স্ত্ৰীপুষ্প পৃথক পুষ্পবিন্যাসত ফুলে৷ স্ত্ৰীপুষ্পবোৰ গছজোপাৰ গা-ছ বা সবল শাখাত ফুলে৷৬

ব্যৱহাৰ
দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ খাদ্যত কঁঠালৰ ব্যৱহাৰ ব্যাপক৷৯ কঁঠালৰ কলিক অসমত মুচি বুলি কোৱা হয়৷ কুমলীয়া কঁঠাল ভাজি, আঞ্জা প্ৰস্তুত কৰি বা আচাৰ কৰি খোৱা হয়৷ কঁঠাল গুটিৰ বগা আৰু ৰঙচুৱা আৱৰণ গুচাই সিজাই বা আঞ্জাত দি খোৱা হয়৷৬
তথ্যসূত্ৰ
- ↑ (October 2006). Artocarpus heterophyllus. Tropical Biology Association
- ↑ Love, Ken; Paull, Robert E. (June 2011). Jackfruit. College of Tropical Agriculture and Human Resources, University of Hawaii at Manoa
- ↑ Boning, Charles R. (2006). Florida's Best Fruiting Plants:Native and Exotic Trees, Shrubs, and Vines. Pineapple Press, Inc. পৃ. 107
- ↑ Elevitch, Craig R.; Manner, Harley I. (2006). Traditional Trees of Pacific Islands: Their Culture, Environment, and Use. Permanent Agriculture Resources. পৃ. 112. ISBN 9780970254450
- ↑ Southworth, Franklin. (2004). Linguistic Archaeology of South Asia. Routledge. পৃ. 214. ISBN 9781134317776
- ↑ ’থলুৱা ফলৰ আদৰ আৰু অনাদৰ’-ড° অন্নজ্যোতি গগৈ; প্ৰান্তিক, ১৬ জানুৱাৰি, ২০১২
- ↑ (1996). Jackfruit Fruit Facts. California Rare Fruit Growers, Inc
- ↑ Silver, Mark. Here's The Scoop On Jackfruit, A Ginormous Fruit To Feed The World. NPR
- ↑ The encyclopedia of fruit & nuts, By Jules Janick, Robert E. Paull, pp. 481–485
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কঁঠাল” প্ৰবন্ধৰ সংশোধন ৩৯০৬৪৪ (৭ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।