অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

তেজপাত

তেজপাত (বৈজ্ঞানিক নাম:Cinnamomum tamala) এবিধ সুগন্ধি গুল্মজাতীয় উদ্ভিদ। ইয়াৰ পাত শুকুৱাই বা কেঁচাকৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয়। ডালচেনি গোত্ৰৰ অন্তৰ্গত এই উদ্ভিদ মূলতঃ ভাৰত, বাংলাদেশ, নেপাল, ভূটান আৰু চীন দেশত পোৱা যায়। ইয়াৰ পাত আৰু অন্যান্য অংশৰ এক সুকীয়া গোন্ধ আৰু জ্বলা জ্বলা সোৱাদ আছে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৫৫ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

তেজপাত (বৈজ্ঞানিক নামকৰণ পদ্ধতি:Cinnamomum tamala) এবিধ সুগন্ধি গুল্মজাতীয় উদ্ভিদ। ইয়াৰ পাত শুকুৱাই বা কেঁচাকৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয়। ডালচেনি গোত্ৰৰ অন্তৰ্গত এই উদ্ভিদ মূলতঃ ভাৰত, বাংলাদেশ, নেপাল, ভূটান আৰু চীন দেশত পোৱা যায়।১ ইয়াৰ পাত আৰু অন্যান্য অংশৰ এক সুকীয়া গোন্ধ আৰু জ্বলা জ্বলা সোৱাদ আছে। তেজপাত ঘাইকৈ খাদ্য সুগন্ধিকৰণত ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ ঔষধি গুণো আছে। অতীজৰে পৰা বিভিন্ন পাৰম্পৰিক ঔষধত তেজপাত ব্যৱহাৰ কৰা উল্লেখ পোৱা যায়।২ ই ভাৰতীয় খাদ্যৰ অন্যতম অপৰিহাৰ্য মছলা।

নাম

তেজপাতক ভিন ভিন ভাষাত ভিন ভিন নামেৰে জনা যায়। ইয়াক ইংৰাজীত 'ইণ্ডিয়ান বে লিফ' (Indian Bay Leaf) বোলে। সেইদৰে হিন্দীত 'তেজপাত্তা'(तेजपत्ता), মৈথিলী আৰু নেপালীত 'তেজপাত' (तेजपात), বাংলাত 'তেজপাতা', মালয়ালমত (വഴനയില), সংস্কৃত আৰু মাৰাঠীত 'তমালপত্ৰ' (तमालपत्र), তেলেগুত 'বিৰিয়ানী আক্কু', ছিক্কিমত লেপচা সকলে 'চাৱৰ কুঙ' বোলে।৩

অসমীয়াত তেজপাত নামৰ উৎপত্তি সংস্কৃত ভাষাৰ 'তমালপত্ৰম' (तमालपत्त्रम्)ৰ পৰা হৈছে।

বিৱৰণ

তেজপাত এবিধ গুল্ম জাতীয় উদ্ভিদ। তেজপাত গছ ওখই প্ৰায় ৭-৮ ফুট মান হয়। ইয়াৰ পাত বোৰ দেখিবলৈ জামুক গছৰ লগত মিল থকা। তেজপাতৰ সিৰাবিন্যাস আন পাততকৈ বেলেগ। কুমলীয়া পাতৰ ৰং ৰঙা। পুৰঠ হলে পাতৰ ৰং পাতল সেউজীয়াৰ পৰা ডাঠ সেউজীয়া হয়। তেজপাত গছৰ দাল কেঁচাই কাটি আনি সেই পাতবোৰ ৰদত শুকুৱাৰ পিছত মছলা হিচাপে ব্যৱহাৰ কৰা হয়। শুকুৱাৰ পিছত পাতৰ বৰণ পাতল মুগা-সেউজীয়া হয়।

তেজপাতত থকা সুগন্ধিকাৰক জৈৱযৌগ সমূহ হ'ল:

  • বিটা কেৰিঅ'ফিলিন (Beta-caryophyllene)৪
  • লিনালুল (Linalool)৪
  • কেৰিঅ'ফিলিন অক্সাইড (Caryophyllene oxide)
  • ইউজিনল (Eugenol)৫৬

ব্যৱহাৰ

খাদ্য হিচাপে

তেজপাতৰ সুগন্ধি গুণৰ বাবে ৰন্ধন প্ৰক্ৰিয়াত তেজপাতক ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। বিশেষকৈ মাংসৰ আঞ্জা, পোলাও, তৰকাৰী ইত্যাদি আমিষ-নিৰামিষ দুয়ো প্ৰকাৰৰ খাদ্যত তেজপাত ব্যৱহাৰ কৰা হয়। তেজপাত কেঁচা আৰু শুকানকৈ দুয়োধৰণেৰে ব্যৱহাৰ কৰিব পাৰি। সেইদৰে বিভিন্ন মিষ্টান্ন যেনে পায়স, চুজি, আইচক্ৰীম, হাৰ্বেল টি, কাষ্টাৰ্ড আদিতো তেজপাত ব্যৱহাৰ কৰা হয়। তেজপাত মছলা চাহৰ অন্যতম উপাদান। তেজপাত কাচৰ পাত্ৰত থৈ দিলে বহুদিনলৈ ভালে থাকে।

সুগন্ধি দ্ৰৱ্য হিচাপে

তেজপাতৰ পৰা সুগন্ধি তেল নিষ্কাষণ কৰি বিভিন্ন প্ৰকাৰৰ ৰুম ফ্ৰেছনাৰ, মাউথ ফ্ৰেছনাৰ ইত্যাদিত ব্যৱহাৰ কৰা হয়।

ঔষধ হিচাপে

অতীজৰে পৰা পাৰম্পৰিক ঔষধ আৰু আয়ুৰ্বেদিক চিকিৎসাত তেজপাত ব্যৱহাৰ কৰা হৈ আহিছে। জয় বাংলা ৰোগত তেজপাত তিয়াই থোৱা পানীৰে চকু ধুলে ভাল হয়। ঘামত শৰীৰ গোন্ধালে আৰু ঘামচি, বিহ ফোঁহা আদি হলে তেজপাত পিহি লগালে ভাল হয়। কেঁচা তেজপাত চোবালে বা তেজপাতৰ পানীৰে কুল-কুলি কৰিলে মুখলৈ ৰুচি আহে। আধুনিক বিজ্ঞানৰ গৱেষণাত তেজপাতত মধুমেহ ৰোগৰ ঔষধ পোৱা গৈছে।৭ তদুপৰি তেজপাত এণ্টিচেপটিক, এণ্টিঅক্সিডেণ্ট আৰু পাচক গুণসম্পন্ন। ইয়াত কেন্সাৰ প্ৰতিৰোধী উপাদান থাকে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Xi-wen Li, Jie Li & Henk van der Werff. Cinnamomum tamala. Flora of China. Missouri Botanical Garden, St. Louis, MO & Harvard University Herbaria, Cambridge, MA
  2. ↑ Umberto Quattrocchi. (2016). CRC World Dictionary of Medicinal and Poisonous Plants: Common Names, Scientific Names, Eponyms, Synonyms, and Etymology (5 Volume Set). CRC Press. পৃ. 959+. ISBN 978-1-4822-5064-0
  3. ↑ Tamsang, K.P. (1980). The Lepcha-English Encyclopaedic Dictionary. Mrs. Mayel Clymit Tamsang. পৃ. 509. ISBN 9632535979
  4. ↑ Ahmed, Aftab; Choudhary, M. Iqbal; Farooq, Afgan. (2000). Essential oil constituents of the spice Cinnamomum tamala (Ham.) Nees & Eberm.. Flavour and Fragrance Journal. পৃ. 388–390
  5. ↑ Dighe, V. V.; Gursale, A. A.; Sane, R. T. (2005). Quantitative Determination of Eugenol from Cinnamomum tamala Nees and Eberm. Leaf Powder and Polyherbal Formulation Using Reverse Phase Liquid Chromatography. Chromatographia. পৃ. 443–446
  6. ↑ Rao, Chandana Venkateswara; Vijayakumar, M; Sairam, K. (2008). Antidiarrhoeal activity of the standardised extract of Cinnamomum tamala in experimental rats. Journal of Natural Medicines. পৃ. 396–402
  7. ↑ (Indian Vet. J. June 2012, 89(6): 72–74)

সম্পৰ্কিত শ্ৰেণী

গুল্মমছলাঔষধি উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজপাত” প্ৰবন্ধৰ সংশোধন ৬২৪২৫৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।