১৯৬৯ বৰ্ষৰ চলচ্চিত্ৰ
৫ প্ৰবন্ধ
-
ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ)
ডক্তৰ বেজবৰুৱা (Doctor Bezbaruah) ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত আৰু ৰংঘৰ চিনে প্ৰডাকছন্ছৰ বেনাৰত নিৰ্মিত এইখন প্ৰথম অসমীয়া থ্ৰিলাৰধৰ্মী চিনেমা আছিল। ব্যৱসায়িক ভাৱে ডক্তৰ বেজবৰুৱা আছিল অত্যন্ত সফল অসমীয়া কথাছবি।
-
চিকমিক বিজুলী
চিকমিক বিজুলী ( Chikmik Bijuli) ১৯৬৯ চনত মুক্তি পোৱা এখন অসমীয়া কথাছবি। ছবিৰ পৰিচালনা, সঙ্গীত, কাহিনী, চিত্ৰনাট্য আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। ছবিখন ৰাজশ্ৰী প্ৰডাকচনৰ তাৰাচান্দ বৰজাত্য আৰু কামৰূপ চিত্ৰৰ ভূপেন হাজৰিকাই যৌথভাবে প্ৰযোজনা কৰিছিল। ছবিখনৰ গীতৰ লং প্লেয়িং ৰেকৰ্ড উলিওৱা হৈছিল।
-
অগ্গী বীৰুডু
অগ্গী বীৰুডু (Aggi Veerudu; অনু. অগ্নিবীৰ) ১৯৬৯ চনৰ তেলেগু ভাষাৰ এখন ছচবাল্কাৰ ছবি, যিখন বি. ভিট্টলচাৰ্যই শ্ৰী ভিট্টল কম্বাইনছ্ৰ বেনাৰৰ অধীনত প্ৰযোজনা কৰিছে। পৰিচালনা কৰিছে বি ভি শ্ৰীনিবাসে। ইয়াত এন টি ৰামা ৰাও, ৰাজশ্ৰী বিজয়াই অভিনয় কৰিছে। সংগীত ৰচনা বিজয় কৃষ্ণ মূৰ্তিৰ।
-
কানকু
কানকু ( Kanku) হৈছে ১৯৬৯ চনৰ গুজৰাটী সামাজিক নাটক ছবি, য'ত অভিনয় কৰিছে কিশোৰ ভাট, কিশোৰ জাৰিৱালা, পল্লৱ মেহতা, পৰিচালনা আৰু প্ৰযোজক কান্তিলাল ৰাথোদৰ। ছবিখনত এগৰাকী বিধৱা কংকুৰ সংগ্ৰামৰ বিষয়ে আলোচনা কৰা হৈছে।এই ছবিখন পান্নালাল পেটেলৰ একে নামৰ চুটি গল্পৰ পৰা অভিযোজিত কৰা হৈছিল।
-
নতুন পাতা
নতুন পাতা (Natun Pata) দীনেন গুপ্ত পৰিচালিত ১৯৬৯ চনৰ বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। ছবিখনৰ মূল চৰিত্ৰত আৰতি গংগোপাধ্যায়, কাজল গুপ্ত, শম্ভু মিত্ৰ আৰু সমিত ভঞ্জই অভিনয় কৰে। এইখন ১৯৬৯ চনৰ ২৮ ফেব্ৰুৱাৰীত মুক্তি পায়।