| ঝু চেন | |
|---|---|
| ২০১১ চনৰ পেন আৰৱ গেমছত ঝু চেন | |
| দেশ | চীন (২০০৬ চনলৈকে) কাটাৰ (২০০৬ চনৰ পৰা) ১ |
| জন্ম। | ১৩ মাৰ্চ, ১৯৭৬ (বয়স ৪৮) ৱেনঝৌ, ঝেজিয়াং, চীন |
| শিৰোনাম | গ্ৰেণ্ডমাষ্টাৰ (২০০১) |
| মহিলা বিশ্ব চেম্পিয়ন | ২০০১–০৪ |
| ফিডে ৰেটিং | ২৪২৩ (নৱেম্বৰ ২০২৪) |
| শীৰ্ষ ৰেটিং | ২৫৪৮ (জানুৱাৰী ২০০৮) |
| শীৰ্ষ স্থান | ৪ নং মহিলা (জুলাই ২০০০) |
ঝু চেন (ইংৰাজীঃ Zhu Chen) (জন্ম ১৩ মাৰ্চ, ১৯৭৬) হ'ল চীনত জন্মগ্ৰহণ কৰা এগৰাকী কাটাৰৰ দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ জি জুনৰ পিছত ১৯৯৯ চনত চীনৰ দ্বিতীয়গৰাকী মহিলা বিশ্ব দবা চেম্পিয়ন আৰু চীনৰ ১৩ সংখ্যক গ্ৰেণ্ডমাষ্টাৰ। ২০০৬ চনত তেওঁ কাটাৰৰ নাগৰিকত্ব লাভ কৰে আৰু তেতিয়াৰ পৰা কাটাৰৰ হৈ খেলিছে।২
জীৱনী
১৯৮৮ চনত ৰোমানিয়াত অনুষ্ঠিত ১২ বছৰ অনুৰ্ধৰ বিশ্ব ছোৱালী দবা চেম্পিয়নশ্বিপত জয়লাভ কৰি আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত জয়লাভ কৰা প্ৰথমগৰাকী চীনা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।
তেওঁ ১৯৯৪ আৰু ১৯৯৬ চনত বিশ্ব জুনিয়ৰ ছোৱালী দবা চেম্পিয়নশ্বিপ জয় কৰে। ১৯৯৯ চনত তেওঁ যেতিয়া গ্ৰেণ্ডমাষ্টাৰ হৈছিল, তেতিয়া তেওঁ এনে কাৰ্য সম্পন্ন কৰা সপ্তমগৰাকী মহিলা হিচাপে বিবেচিত হৈছিল।
২৫ বছৰ বয়সত তেওঁ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ, ২০০১-২০০২ৰ প্ৰতিযোগিতা এখনত ৰাছিয়াৰ আলেকজেণ্ডাৰা ক 'ষ্টেনিয়ুক ৫-৩ চেটত পৰাস্ত কৰি নৱমগৰাকী চেম্পিয়ন হৈছিল।
ঝুৱে ২০০৪ চনৰ মে' মাহত জৰ্জিয়াত তেওঁৰ বিশ্ব খিতাপ ৰক্ষা কৰাৰ সুযোগটো এক ব্যস্ত সময়সূচী আৰু তেওঁৰ গৰ্ভাৱস্থাৰ বাবে ত্যাগ কৰিছিল।
২০০৪ চনৰ জুন মাহত ঝুৱে দবা কম্পিউটাৰ "ষ্টাৰ অৱ ইউনিস্প্লেণ্ডাৰ"ৰ এটা উন্নত এ. এম. ডি. ৬৪ বিট ৩৪০০+ চি. পি. ইউ. আৰু ২ জি. বি. ৰেমযুক্ত দবা ইঞ্জিন ফ্ৰিট্জ ৮ বিৰুদ্ধে দুখন খেল খেলিছিল। তেওঁ দুয়োখন খেলত পৰাস্ত হৈছিল। ৩৪
ঝুৱে কাটাৰৰ গ্ৰেণ্ডমাষ্টাৰ মহম্মদ আল-মোদিয়াকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু এতিয়া কাটাৰক প্ৰতিনিধিত্ব কৰে। ২০১০ চনলৈকে তেওঁলোকৰ দুগৰাকী কন্যা সন্তানৰ মাতৃ। সন্তান দুটি হ'ল - ডানা (জন্ম ২০০৪) আৰু হিন্দ (জন্ম ২০০৮)।৫ তেওঁ সিংহুৱা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবেও অধ্যয়ন কৰিছিল।
প্ৰতিযোগিতাসমূহত প্ৰদৰ্শন
- ১৯৮৮ চন, ২৫ জুলাই -৭ আগষ্ট: ১২ বছৰ অনুৰ্ধ 'ৱ'ল্ড গাৰ্লছ চেম্পিয়নশ্বিপ'। প্ৰথম স্থান - ৰোমানিয়া।
- ১৯৯০ চন, ৫-১৯ ছেপ্টেম্বৰ: চীন ৰাষ্ট্ৰীয় মহিলা ব্যক্তিগত চেম্পিয়নশ্বিপ "গ্ৰুপ বি।" প্ৰথম স্থান - চীন।
- ১৯৯১ চন: চীনৰ ৰাষ্ট্ৰীয় মহিলা ব্যক্তিগত চেম্পিয়নশ্বিপ। দ্বিতীয় স্থান -চেংডু চীন।
- ১৯৯২ চন, ছেপ্টেম্বৰ: চীনৰ ৰাষ্ট্ৰীয় মহিলা ব্যক্তিগত চেম্পিয়নশ্বিপ। প্ৰথম স্থান - বেইজিং চীন
- ১৯৯৪ চন, ১-২৬ মে': চীনা ৰাষ্ট্ৰীয় মহিলা ব্যক্তিগত চেম্পিয়নশ্বিপ। প্ৰথম স্থান - বেইজিং চীন।
- ১৯৯৪ চন, জুন: এছিয়ান গাৰ্লছ জুনিয়ৰ দবা চেম্পিয়নশ্বিপ। প্ৰথম স্থান - শ্বাহ আলম মালয়েছিয়া।
- ১৯৯৪ চন, ছেপ্টেম্বৰ: বিশ্ব ছোৱালী জুনিয়ৰ দবা চেম্পিয়নশ্বিপ। প্ৰথম স্থান - মাটিনহছ ব্ৰাজিল।
- ১৯৯৪ চন, ১-১৫ ডিচেম্বৰ: ১৫ সংখ্যক বিশ্ব মহিলা অলিম্পিয়াড দল চেম্পিয়নশ্বিপ। তৃতীয় স্থান - মস্কো ৰাছিয়া
- ১৯৯৬ চন, ১৪-২৭ মে': চীনা ৰাষ্ট্ৰীয় ব্যক্তিগত চেম্পিয়নশ্বিপ। প্ৰথম স্থান - তিয়ানজিন চীন।
- ১৯৯৬ চন, ১৪ ছেপ্টেম্বৰ-২ অক্টোবৰ: ১৬ সংখ্যক বিশ্ব মহিলা অলিম্পিয়াড দল চেম্পিয়নশ্বিপ। দ্বিতীয় স্থান - য়েৰেভান আৰ্মেনিয়া।
- ১৯৯৬ চন, ৯-২২ নৱেম্বৰ: বিশ্ব ছোৱালী জুনিয়ৰ দবা চেম্পিয়নশ্বিপ। প্ৰথম স্থান - মেডেলিন কলম্বিয়া।
- ১৯৯৭ চন, ১৫-২৬ মে: চীনা ৰাষ্ট্ৰীয় পুৰুষ ব্যক্তিগত চেম্পিয়নশ্বিপ। দ্বিতীয় স্থান - বেইজিং চীন।
- ১৯৯৮ চন, ২৯ ছেপ্টেম্বৰ-১২ অক্টোবৰ: ১৭ সংখ্যক বিশ্ব মহিলা অলিম্পিয়াড দল চেম্পিয়নশ্বিপ। প্ৰথম স্থান - ৰাছিয়া।
- ২০০০ চন, ২৮ নৱেম্বৰ-১২ ডিচেম্বৰ: ১৮ সংখ্যক বিশ্ব মহিলা অলিম্পিয়াড দল চেম্পিয়নশ্বিপ। প্ৰথম স্থান - ইস্তাম্বুল তুৰস্ক।
- ২০০১ চন, ২৭-১৩ নৱেম্বৰ: বিশ্ব মহিলা ব্যক্তিগত চেম্পিয়নশ্বিপ। প্ৰথম স্থান - মস্কো ৰাছিয়া।
- ২০০২ চনৰ মাৰ্চ: ফিডে গ্ৰেণ্ড প্ৰিস্কত ঝুৱে জয় লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ৰাছলান পোনোমাৰিয়ভক প্ৰতিযোগিতাখনত পৰাস্ত কৰিছিল। সম্ভৱতঃ যিকোনো প্ৰতিযোগিতামূলক খেলত পুৰুষ বিশ্ব চেম্পিয়নক পৰাস্ত কৰা ঝু একমাত্ৰ মহিলা খেলুৱৈ। - ডুবাই ইউ. এ. ই.।
- ২০০২ চন: বিশ্ব মহিলা অলিম্পিয়াড দল চেম্পিয়নশ্বিপ। প্ৰথম স্থান - স্লোভেনিয়া।
- ২০০৫ চন, মাৰ্চ: একুনা মহিলা বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপ। প্ৰথম স্থান - নিউ ইয়ৰ্ক, আমেৰিকাআমেৰিকা যুক্তৰাষ্ট্ৰ।
- ২০০৬ চন, জুলাই: দ্য নৰ্থ ইউৰালছ কাপ। দ্বিতীয় স্থান - ক্ৰাসনটুৰিন্সক ৰাছিয়া।
- ২০০৬ চন: এছিয়ান গেম মহিলাৰ ব্যক্তিগত। তৃতীয় স্থান - দোহা কাটাৰ।
- ২০০৭ চন, জুলাই: দ্য নৰ্থ ইউৰালছ কাপ। প্ৰথম স্থান - ক্ৰাসনটুৰিন্সক ৰাছিয়া।
- ২০০৭ চন, নৱেম্বৰ: এছিয়ান ইণ্ড'ৰ গেমছ মহিলা ব্যক্তিগত ৰেপিড চেম্পিয়নশ্বিপ। প্ৰথম স্থান; এছিয়ান ইণ্ড'ৰ গেমছ মহিলা ব্যক্তিগত ব্লিটজ চেম্পিয়নশ্বিপ। দ্বিতীয় স্থান - মাকাও।
- ২০০৯ চন, নৱেম্বৰ: এছিয়ান ইণ্ড'ৰ গেমছ মহিলা ব্যক্তিগত ৰেপিড চেম্পিয়নশ্বিপ। দ্বিতীয় স্থান - হা লং ভিয়েটনাম।
- ২০১০ চন, নৱেম্বৰ: গুৱাংঝু এছিয়ান গেম মহিলাৰ ব্যক্তিগত। অষ্ঠম স্থান - গুয়াংঝু চীন।
- ২০১১ চন, ডিচেম্বৰ: আৰৱ গেমছৰ মহিলা ব্যক্তিগত দবা চেম্পিয়নশ্বিপ। প্ৰথম স্থান - আৰৱ গেমছৰ মহিলা ব্যক্তিগত ৰেপিড দবা চেম্পিয়নশ্বিপ। প্ৰথম স্থান - আৰৱ গেমছৰ মহিলা ব্যক্তিগত ব্লিটজ দবা চেম্পিয়নশ্বিপ। প্ৰথম স্থান - দোহা কাটাৰ।
চীন দবা লীগ
ঝু চেনে চীন দবা লীগ (চি. চি. এল.)ৰ অন্তৰ্গত ঝেজিয়াং দবা ক্লাবৰ হৈ খেলে।৬
তথ্যসূত্ৰ
- ↑ "Transfers in 2006" . FIDE
- ↑ (27 September 2008). Zhu Chen – The (Qatari) Chinese Chess Player. Islam in China
- ↑ (9 June 2004). Chess Queen vs Unisplendour Fritz. Chess News
- ↑ (13 June 2004). Women in Red goes down to the Computer. Chess News
- ↑ Chinese Sportswomen Marry International, Women of China, 8 January 2010
- ↑ 弈诚杯中国国际象棋甲级联赛官方网站. Ccl.sports.cn
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝু চেন” প্ৰবন্ধৰ সংশোধন ৪৯১২৮৪ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।