
জৰ্জিয়া (জৰ্জিয় ভাষা: საქართველო চাকাৰ্ত্ভ়েলো) পূব ইউৰোপৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম তিবিলিচি। জৰ্জিয়া কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত অৱস্থিত স্থলযোটক দক্ষিণ ককেছাছ অঞ্চলৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাষ্ট্ৰ। দক্ষিণ ককেছাছৰ অন্য ৰাষ্ট্ৰসমূহ হ’ল আজেৰবাইজান আৰু আৰ্মেনিয়া।
জৰ্জিয়াৰ ভূগোল বিচিত্ৰ। ইয়াত আছে উচ্চ পৰ্বতমালা আৰু উৰ্বৰ উপকূলীয় নিম্নভূমি। জনসংখ্যাৰ অধিকাংশয়ে জৰ্জিয় জাতিৰ লোক। ১৯২২ চনত দেশখন ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত কৰা হয়। ১৯৯১ চনত স্বাধীনতা লাভ কৰাৰ পিছত দেশখনত ৰাজনৈতিক গতিবিধি আৰু গৃহযুদ্ধ আৰম্ভ হয়। এইসমূহ ঘটনাৰ কাৰণে আৰু অন্যান্য প্ৰাক্তন ছোভিয়েট গণতন্ত্ৰ সমূহৰ লগত অৰ্থনৈতিক সম্পৰ্ক ছিন্ন হোৱাৰ বাবে ইয়াৰ অৰ্থনীতি পতনৰ দিশত আগবাঢ়ে। ১৯৯০ৰ দশকৰ মাজৰ ফালে ৰাজনৈতিক সংঘাত কমি যোৱাত আৰু মুক্ত বজাৰ সংস্কাৰ সমূহ প্ৰতিষ্ঠিত হোৱাত দেশখনৰ অৰ্থনীতিত স্থিতিশীলতা ঘূৰি আহে। ১৯৯৫ চনৰ আগষ্ট মাহৰ জৰ্জিয়াৰ প্ৰথম সংবিধান গ্ৰহণ কৰা হয়।
জৰ্জিয়াৰ সীমাৰ অভ্যন্তৰত দুইখন স্বায়ত্তশাসিত প্ৰজাতন্ত্ৰ বিদ্যমান। এখন হ’ল জৰ্জিয়াৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত আজাৰিয়া আৰু আনখন দেশৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত আবখাজিয়া। দুয়োখন প্ৰজাতন্ত্ৰৰে কৃষ্ণ সাগৰত উপকূল আছে। তদুপৰি দক্ষিণ অছেটিয়া নামৰ এখন স্বায়ত্তশাসিত অঞ্চল দেশৰ উত্তৰৰ মধ্যভাগত অৱস্থিত। আবখাজিয়া আৰু দক্ষিণ অছেটিয়াৰ উত্তৰে ৰাছিয়া অৱস্থিত। আজাৰিয়াৰ দক্ষিণে তুৰস্ক অৱস্থিত।
ৰাজনীতি
জৰ্জিয়া এখন অৰ্ধ-ৰাষ্ট্ৰপতি শাসিত প্ৰতিনিধিত্বমূলক বহুদলীয় গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ। ৰাষ্ট্ৰপতি হ’ল ৰাষ্ট্ৰৰ প্ৰধান। সেইদৰে প্ৰধানমন্ত্ৰী হ’ল চৰকাৰ প্ৰধান। ৰাষ্ট্ৰৰ প্ৰায় সকলো ক্ষমতা চৰকাৰৰ হাতত ন্যস্ত। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু আইনসভা উভয়ৰ ওপৰত ন্যস্ত। বিচাৰ আৰু ন্যায় ব্যৱস্থা চৰকাৰৰ পৰা স্বতন্ত্ৰ।
বহিঃসংযোগ
চৰকাৰ
- জৰ্জিয়াৰ ৰাষ্ট্ৰপতি
- জৰ্জিয়াৰ চৰকাৰ
- জৰ্জিয়াৰ বিদেশ মন্ত্ৰালয়
- পৰ্যটন বিভাগ
- জৰ্জিয়াৰ আমেৰিকান চেম্বাৰ অফ কমাৰ্চ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৰ্জিয়া (দেশ)” প্ৰবন্ধৰ সংশোধন ৬২৮৭৭০ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।