দবা (Chess) হৈছে সাধাৰণতে দুজন খেলুৱৈৰ মাজত খেলা এক ব'ৰ্ডখেল। খেলুৱৈ দুজনৰ প্ৰতিজনৰে ওচৰত ১৬টাকৈ টুকুৰা বা গুটি থাকে। মুঠ ৩২টা টুকুৰাক সমানে ক'লা আৰু বগা ৰঙৰ দলত ভাগ কৰা থাকে। দবা ব'ৰ্ডখনত মুঠতে ৬৪টা বৰ্গ থাকে। খেলুৱৈ দুজনে এজনে আনজনৰ সৈন্য টুকুৰাৰ ওপৰত বিভিন্ন নিয়মৰ মাজেৰে আক্ৰমণ কৰে। দবা খেলখন এটা ভাৰতীয় খেল 'চতুৰংগ'ৰ ৰূপান্তৰ বুলি বিশ্বাস কৰা হয় যিটোত চাৰি প্ৰকাৰৰ সৈন্য বাহিনী (পদাতিক, অশ্বাৰোহী, গজাৰোহী আৰু ৰথী) প্ৰতীকী ৰূপত ব্যৱহাৰ কৰি খেল খেলা হৈছিল।১p173; p74। এই চাৰি প্ৰকাৰৰ সৈন্য বাহিনীৰ উপৰিও চতুৰংগত ৰজা আৰু মন্ত্ৰীৰ প্ৰতীকী টুকুৰা আছিল। আধুনিক দবাখেলত পদাতিক, অশ্বাৰোহী, গজাৰোহী, ৰথী, ৰজা আৰু মন্ত্ৰীক ক্ৰমে প'ন (pawn), নাইট (knight), বিচ্প (bishop), ৰোক (rook), কিং (king) আৰু কুইন (queen) বুলি কোৱা হয়।১
খেলৰ নিয়মাৱলী
দবা খেল দবা ব'ৰ্ডৰ ওপৰত খেলা হয়। দবা ব'ৰ্ডখন বৰ্গাকৃতিৰ আৰু ৬৪টা বৰ্গ মুঠতে দুটা ৰঙত (বগা বা পাতল ৰঙৰ আৰু ক'লা বা ডাঠ ৰঙৰ) দুটা ভাগত বিভক্ত কৰা থাকে। বগা দলৰ খেলুৱৈজনে প্ৰথমে সৈন্য টুকুৰা আগবঢ়াব লাগে। ব'ৰ্ডৰ ওপৰত সৈন্য টুকুৰাবোৰ ৰখাৰ আৰু চলোৱাৰ নিৰ্দিষ্ট নিয়ম আছে।২
প্ৰাৰম্ভিক অৱস্থান
খেলখনত দবা ব'ৰ্ডখন এনে ভাৱে ৰখা হয় যাতে খেলুৱৈ ফালে থকা শাৰীটোৰ সোঁফালে বগা বা পাতল ৰঙৰ বৰ্গটো থাকে। প্ৰতিজন খেলুৱৈৰ লগৰ এটা ৰজা বা কিং, এটা ৰাণী বা কুইন, দুটা নাইট, দুটা বিচ্প, দুটা ৰোক আৰু আঠটা প'ন থাকে। শেষত আগৰ শাৰীটোত আঠটা প'ন ৰখা হয়। শেষৰ শাৰীটোৰ মাজত দুটা বৰ্গত ৰজা আৰু ৰাণীক ৰখা হয়। বগা ৰজা ক'লা বা ডাঠ ৰঙৰ বৰ্গত আৰু ক'লা ৰজাক বগা বা পাতল ৰঙৰ বৰ্গত ৰখা হয়। বগা ৰাণীক বগা বা পাতল ৰঙৰ বৰ্গত আৰু ক'লা ৰাণীক ক'লা বা ডাঠ ৰঙৰ বৰ্গত ৰখা হয়। মাজত দুটা বৰ্গৰ ৰজা আৰু ৰাণীৰ সোঁফালে আৰু বাওঁফালে বিচ্প দুটা ৰখা হয়। শেষৰ শাৰীটোৰ একেবাৰে সোঁফালে আৰু বাওঁফালে ৰোক দুটা ৰখা হয়। ৰোক আৰু বিচ্পৰ মাজত নাইট দুটা ৰখা হয়। উলম্ব ভাৱে থকা আঠটা স্তম্ভক 'ফাইল্ছ' আৰু অনুভূমিক ভাৱে থকা শাৰীবোৰক 'ৰেংকছ' বোলা হয়। 'ফাইল্ছ' বোৰক বগাদলৰ ফালৰ সোঁফালৰ পৰা বাওঁফাললৈ a, b, c, d, e, f, g আৰু h আখৰেৰে সূচোৱা হয় আৰু 'ৰেংকছ' বোৰক বগাদলৰ ফালৰ পৰা ক'লাদলৰ ফাললৈ 1, 2, 3, 4, 5, 6, 7 আৰু 8 নম্বৰেৰে সূচোৱা হয়। যিকোনো এটা বৰ্গক তাৰ ফাইল্ছ আৰু 'ৰেংকছ' অনুসৰি আখৰ আৰু নম্বৰেৰে সূচোৱা হয়।২
গুটি সঞ্চালন
খেলত প্ৰথমে বগা দলৰ গুটি সঞ্চালন কৰা হয়। এটা দলৰ গুটিয়ে একে দলৰ আন এটা গুটিয়ে দখল কৰি থকা স্থান ল'ব নোৱাৰে। গতিকে যিকোনো দলৰ প্ৰথম সঞ্চালন প'ন নাইবা নাইটেৰে কৰিব পাৰি। এটা দলৰ গুটিয়ে ইটো দলৰ গুটিয়ে দখল কৰি থকা স্থান ল'ব পাৰে আৰু তেনে কৰিলে ইটো দলৰ সেই গুটিটো ব'ৰ্ডখনৰ পৰা আতঁৰোৱা হয়।২
- প'ন কেৱল আগলৈহে নিব পৰা যায়। কেৱল প্ৰাৰম্ভিক অৱস্থানৰ ৰেংকত থাকিলে প'নক দুটা আগৰ ঘৰলৈ বা বৰ্গলৈ নিব পাৰি। ইয়াৰ বাদে যিকোনো ৰেংকত থকা প'ন কেৱল এঘৰ আগলৈহে নিব পৰা যায়।২
- ৰজা যিকোনো দিশতে যাব পাৰে কিন্তু কেৱল এটা বৰ্গ।২
- ৰাণী যিকোনো দিশতে যাব পাৰে যিকোনো বৰ্গলৈ।২
- ৰোক কেইবাটা বৰ্গলৈ যাব পাৰে কিন্তু ই যিটো ফাইল বা ৰেংকত আছে সেইটোত হে যাব পাৰে।২
- বিচ্প কেইবাটা বৰ্গলৈ যাব পাৰে কেঁচিয়াকৈ।২
- নাইটে ইয়াৰ ফাইল, ৰেংক কেঁচিয়াকৈ নথকা সকলোতকৈ ওচৰৰ ঘৰটোলৈ যাব পাৰে। কেৱল নাইটেহে একে দল বা বিপৰীত দলৰ গুটিৰ ওপৰেদি যাব পাৰে।২
[[চিত্ৰ:ChessPawnSpecialMoves.gif|প'নৰ বিশেষ সঞ্চালন: (বাওঁফালে) পদোন্নতি (Promotion); (সোঁফালে) অন প'ছ'ন (en passant)]]
কোনো এটা দলে প্ৰতিপক্ষৰ গুটিসমূহ বিশেষ নিয়মেৰে খাব পাৰে।২
- প'ন আৰু ৰজাৰ বাদে বাকী গুটিসমূহে ই যাব পৰা অৱস্থানত থকা প্ৰতিপক্ষৰ গুটিসমূহ খাব পাৰে।
- প'নে ইয়াৰ ওচৰতে কেঁচিয়াকৈ থকা গুটিসমূহ খাব পাৰে।
- ৰজাই ই যাব পৰা অৱস্থান থকা প্ৰতিপক্ষৰ আনগুটিয়ে ৰক্ষা কৰি নথকা গুটিসমূহহে খাব পাৰে।
এইসমূহ উপাৰিও ৰজা, প'ন আৰু ৰোকৰ কিছুমান বিশেষ সঞ্চালন থাকে।২
প'নৰ পদোন্নতি আৰু অন প'ছ'ন
কোনো এটা দলৰ প'নটো গৈ যদি বিপক্ষৰ ফালে থকা ৰেংকটি পাইগৈ তেতিয়া সেই স্থানত সেই প'নটোৰ সলনি ৰজাৰ বাদে যিকোনো (ৰাণী, ৰোক, নাইট, বিচ্প) এটা গুটি ল'ব পৰা যায়। ইয়াক প'নৰ পদোন্নতি (Promotion ) বোলা হয়। যদি এটা দলৰ প'নৰ দাঁতিতে থকা ফাইলৰ বিপক্ষৰ প'ন এটা দুটাঘৰ আগবাঢ়ি আহি প'নটোৰ কাষতে একেটা ৰেংকতে অৱস্থান কৰে তেতিয়াও সেই বিপক্ষৰ প'নটোক ইটো প'নে খাব পাৰে। প'নটোক ইয়াৰ আগৰ ৰেংকৰ বিপক্ষৰ প'ন থকা ফাইলটোত ৰাখি বিপক্ষৰ প'নটোক ব'ৰ্ডৰ পৰা আতঁৰোৱা হয়। প'নৰ এই বিশেষ সঞ্চালনটোক অন প'ছ'ন (‘en passant’ capture) বোলা হয়।২
ৰজা আৰু ৰোকৰ বিশেষ সঞ্চালন কেচ্লিং
খেলুৱৈৰ ফালে প্ৰথম ৰেংক ৰজা আৰু ৰোকে কেচ্লিং কৰিব পাৰে। ইয়াৰ কাৰণে ৰজাই ৰোকৰ দিশে দুটা ঘৰ বা বৰ্গ যাব পাৰে আৰু ৰোক খনে ৰজাৰ দাঁতিতে ৰজাই যোৱা বিপৰীত দিশৰ বৰ্গটোত অৱস্থান লয়। ই দুই ধৰণৰ হয় এটা ৰজাৰ ফালে থকা ৰোকৰ লগত কৰিব পাৰি আৰু আনটো ৰাণীৰ ফালে ৰোকৰ লগত কৰিব পাৰি আৰু ইয়াক ক্ৰমে ৰজাৰ ফালৰ কেচ্লিং (King side castling)আৰু ৰাণীৰ ফালৰ কেচ্লিং (Queen side castling) বোলা হয়। ৰজা আৰু ৰোকৰ কেচ্লিঙৰ অধিকাৰ স্থায়ী আৰু অস্থায়ী দুই ধৰণেৰে লোপ পাব পাৰে।২
ৰজা আৰু ৰোকৰ কেচ্লিঙৰ অধিকাৰ স্থায়ীভাৱে লোপ পাব যদিহে:২
- ৰজাই নিজৰ স্থান আগতেই সলনি কৰে।
- ৰোকখনে নিজৰ স্থান আগতেই সলনি কৰে। (নিজৰ স্থান সলনি নকৰা ৰোকখনৰ লগত ৰজাই কেচ্লিং কৰিব পাৰে। )
ৰজা আৰু ৰোকৰ কেচ্লিঙৰ অধিকাৰ অস্থায়ীভাৱে লোপ পাব যদিহে:২
- ৰজা আৰু ৰোকৰ মাজত কিবা বেলেগ গুটি থাকে।
- ৰজা থকা স্থান নাইবা ৰজাই কেচ্লিঙৰ সময়ত অতিক্ৰম কৰিবলগীয়া হোৱা স্থানসমূহ প্ৰতিপক্ষৰ গুটিয়ে আক্ৰমণ কৰি থাকে।
চেক্
যদি এটা দলৰ গুটিয়ে প্ৰতিপক্ষৰ ৰজাক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰে তাক চেক্। ৰজাক চেক্ দিয়া থাকিল কেৱল ৰজাক আক্ৰমণৰ বচোৱাৰ বাবেহে গুটিসমূহ সঞ্চালন কৰিব পাৰি। ইয়াৰ বাহিৰে কৰা আন সঞ্চালন অবৈধ হয়। যিটো দলৰ ৰজাক চেক্ দিয়া হৈছে সেই দলৰ প্ৰতিটো সঞ্চালনেই ৰজাক চেক্ৰ পৰা বচাব লাগিব। যদি কোনো সঞ্চালনেই ৰজাক চেক্ৰ পৰা বচাব নোৱাৰে তেতিয়া তাক চেক্মেট আৰু যিটো দলে চেক্মেট দিয়ে সেইটো দল জয়ী হয়।২
খেলৰ সমাপ্তি
দবা খেলৰ সমাপ্তি সাধাৰণতে দুই প্ৰকাৰে হয়। খেলখনৰ ফলাফলত কোনোবা এটা দল জয়ী হয় নাইবা খেলখন ড্ৰ হয়। ডবা খেল এখনৰ ফলাফলত কোনোবা এটা দল জয়ী হোৱা আৰু খেলখন ড্ৰ হোৱাৰ বহুতো নিয়ম আছে।২
- কোনো এটা দলে চেক্মেট দিলে সেইটো দল জয়ী হয় আৰু তেতিয়াই খেলৰ সমাপ্তি ঘটে।
- যদিহে এজন খেলুৱৈয়ে খেলৰ পদত্যাগ কৰে বা ৰিজাইন দিয়ে তেতিয়া ইজন খেলুৱৈ জয়ী হয়।
- যদিহে খেলখনত দুয়োজন খেলুৱৈক সময় বান্ধি দিয়া হয় আৰু এজনৰ সময় শেষ হৈ যায় তেতিয়া ইজন জয়ী হয়।
- যদিহে খেলখনত এটা দলৰ ওচৰত কোনো বৈধ সঞ্চালন বাকী নাথাকে আৰু চেক্ও হৈ থকা নাই তেতিয়া খেলখন ড্ৰ হয়।
- যদিহে খেলখনত দলৰ গুটি সমূহ এনে এটা অৱস্থান পাই যাৰ পৰা চেক্মেট কৰা সম্ভৱ নহয় তেতিয়াও খেলখন ড্ৰ হয়।
- যদিহে খেলখনত দুয়োজন খেলুৱৈয়ে ড্ৰ কৰাৰ সন্মতি দিয়ে তেতিয়াও খেলখন ড্ৰ হয়। ইয়াৰ বাবে খেলুৱৈ দুজনে অতিকমেও এটা গুটি সঞ্চালন কৰিব লাগিব।
দবাখেলৰ ঘড়ী

দবাখেলৰ ঘড়ী(Chessclock)ত দুটা সময় দেখুৱাই আৰু ইটোৱে আনটোৰ লগত এনে ভাৱে সংযুক্ত যে এটা চলিলে আনটো বন্ধ হৈ থাকে। খেলৰ সময়ত খেলুৱৈ এজনে গুটি সঞ্চালন কৰাৰ পিছত নিজৰ ফালৰ ঘড়ীটো বন্ধ কৰি দিয়ে আৰু স্বয়ংক্ৰিয়ভাৱে প্ৰতিপক্ষৰ ঘড়ীটো আৰম্ভ কৰি দিয়ে। খেলুৱৈজনে যিখন হাতেৰে গুটি সঞ্চালন কৰে সেইখনেৰেই ঘড়ীটো বন্ধ কৰিব লাগে। প্ৰতিজন খেলুৱৈকে নিৰ্দিষ্ট সময় দিয়া থাকে আৰু যিজন খেলুৱৈৰ সময় সোনকালে শেষ হয় তেওঁৰ পৰাজয় ঘটে।২
খেলুৱৈসকলে দবাখেলৰ ঘড়ীটো ভালদৰে ব্য়ৱহাৰ কৰিব লাগে বেছি বলপ্ৰয়োগ কৰি বুটাম টিপা, গুটি পৰিচালনাৰ আগতে টিপা আদি কৰিলে শাস্তিৰ সন্মুখীন হয়। যাৰফালৰ ঘড়ীৰ সময় চলি থাকে কেৱল সেই খেলুৱৈজনেহে নিজৰ গুটি স্থানান্তৰ কৰিব পাৰে। যদিও খেলুৱৈ এজনে গুটি সঞ্চালন কৰাৰ পিছত প্ৰতিপক্ষই লগালগ গুটি সঞ্চালন কৰে তথাপিও খেলুৱৈজনক নিজৰ ফালৰ ঘড়ীটো বন্ধ কৰিবলৈ দিয়া হয়।২
দবাখেলৰ ন'টেচন

দবাখেলৰ সঞ্চালনসমূহ লিখি ৰাখিবলৈ কিছুমান সংকেতিক চিহ্ন বা আখৰ ব্যৱহাৰ কৰা হয় সাধাৰণতে এলজেব্ৰিক ন'টেচনত।২ সাধাৰণতে এলজেব্ৰিক ন'টেচনত তলত দিয়াৰ ধৰণেৰে লিখা হয়:
যিটো গুটি সঞ্চালন কৰিব লাগে বা কৰিলে তাৰ সংকেতিক চিহ্ন – যিটো ফাইললৈ যাব বা নিয়া হ'ল তাৰ নাম – যিটো ৰেংকলৈ যাব বা নিয়া হ'ল তাৰ নম্বৰ
(যিটো গুটি সঞ্চালন কৰিব লাগে বা কৰিলে তাৰ সংকেতিক চিহ্ন –''যিটো বৰ্গলৈ যাব বা নিয়া হ'ল তাৰ সংকেতিক চিহ্ন)
গুটিবোৰৰ সংকেতিক চিহ্নসমূহ হ'ল; K (ৰজা), Q (ৰাণী), B (বিচ্প), R (ৰোক্), আৰু N (নাইট)। প'নৰ কোনো সংকেতিক চিহ্ন নাই। Qg5 মানে ৰাণীক g ফাইলৰ ৫ নম্বৰ ৰেংকলৈ লৈ যোৱা। এলজেব্ৰিক ন'টেচনত আৰু সংকেতিক চিহ্ন যোগ কৰা হয় যাতে দুটা একে চিহ্ন গুটি পৃথকে বুজাব পাৰি। Ngf3 মানে g ফাইলৰ নাইটটো f ফাইলৰ ৩ নম্বৰ ৰেংকলৈ লৈ যোৱা''২
দবাখেলৰ সঞ্চালনসমূহৰ আন বহুতো সংকেতিক চিহ্ন আছেঃ২
- 0-0 = ৰজাৰ ফালে কেচ্লিং কৰা।
- 0-0-0 = ৰাণীৰ ফালে কেচ্লিং কৰা।
- x = গুটি খোৱা।
- + = চেক্ দিয়া।
- ++ বা # = চেক্মেট দিয়া।
- e.p. = অন প'ছ'ন কৰি গুটি খোৱা।
ইয়াৰোপৰি খেল এখনৰ অৱস্থিতি আৰু সঞ্চালনসমূহৰ অৱস্থিতিসমূহ লিখি ৰাখিবলৈও সংকেতিক চিহ্ন আছেঃ৩
- 1 - 0 বা 1:0 = বগা জয় হ'ল।
- 0 - 1 বা 0:1 = ক'লা জয় হ'ল।
- - = ড্ৰ হ'ল।
- … = ক'লা দলৰ সঞ্চালন কৰাৰ আগত এই সংকেতিক চিহ্ন ব্যৱহাৰ কৰি পিছৰটো সঞ্চালন যে ক'লা দলে কৰিব লাগে তাক বুজোৱা হয়।
- ! = ভাল সঞ্চালন।
- !! = অতি ভাল সঞ্চালন।
- ? = দুৰ্ব্বল সঞ্চালন।
- ?? = ব্লাণ্ডাৰ বা অতি বেয়া বা সাংঘাতিক ভুল সঞ্চালন।
- ?! = সন্দেহযুক্ত মানৰ সঞ্চালন।
- !? = অনিশ্চিত মানৰ সঞ্চালন কিন্তু মনোযোগ দিবলগীয়া।
- +- = বগা দলৰ অৱস্থান ক'লা দলৰ অৱস্থানতকৈ বহুত ভাল।
- += = বগা দলৰ অৱস্থান ক'লা দলৰ অৱস্থানতকৈ অলপ ভাল।
- = = বগা দলৰ অৱস্থান আৰু ক'লা দলৰ অৱস্থান সমান।
- =+ = ক'লা দলৰ অৱস্থান বগা দলৰ অৱস্থানতকৈ অলপ ভাল।
- -+ = ক'লা দলৰ অৱস্থান বগা দলৰ অৱস্থানতকৈ বহুত ভাল।

উদাহৰণ স্বৰূপে এখন সৰু খেল এনে ধৰণে লিখি ৰাখিব পাৰি: 1. e4 e5 2. Qh5?! Nc6 3. Bc4 Nf6?? 4. Qxf7# এইটো হৈছে দবা খেলত প্ৰয়োগ কৰা এটা ফান্দ বা ট্ৰেপ যাক কোৱা হয় স্ক'লাৰ্চ মেট।৪
প্ৰতিযোগিতামূলক খেলা
সংস্থানসমূহ
আন্তঃৰাষ্ট্ৰীয়ভাৱে দবা খেল নিয়ন্ত্ৰণ কৰা সংস্থানটো হ'ল ‘ফিদে’ (FIDE: Fédération Internationale des Échecs)। বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় দবা খেল নিয়ন্ত্ৰণ কৰা সংস্থানসমূহ হ'ল ফিদেৰ সদস্য।৫ ফিদে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সদস্য৬ কিন্তু দবা খেল অলিম্পিকত অন্তৰ্ভুক্ত নহয়; দবা খেলৰ নিজস্ব চেচ্ অলিম্পিয়াড আছে যিটো ১৯৫০ চনৰ পৰা ২০১৮ চনলৈ দুবছৰৰ অন্তৰে অন্তৰে হৈ আহিছে।৭ এই খেল দলগত ভাৱে অনুষ্ঠিত কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় দবা খেল নিয়ন্ত্ৰক সংস্থানটো হ'ল সৰ্বভাৰতীয় দবা ফেডাৰেচন (All India Chess Federation)।৮ অসমৰ দবা খেল নিয়ন্ত্ৰক সংস্থানটো হ'ল সদৌ অসম দবা সন্থা (All Assam Chess Association)।৯ দবা ফেডাৰেচনবোৰৰ শীৰ্ষত আছে ৰাছিয়া আৰু ফেডাৰেচনবোৰৰ ভিতৰত ভাৰতৰ স্থান হ'ল চতুৰ্থ।১০ ফিদে আয়োজন কৰা বিশ্ব দবা চেম্পিয়নশ্বিপৰ বিশ্ব দবা চেম্পিয়ন হৈছে ডিং লিৰেণ/ডিং লিজেন/তিং লিৰেণ (Ding Liren) আৰু মহিলা বিশ্ব দবা চেম্পিয়ন হৈছে জু ৱেনজান।১১
খিতাপ আৰু ৰেংকিং
দবাখেলৰ শ্ৰেষ্ঠ খেলুৱৈসকলক কিছুমান খিতাপ (titles) দিয়া হয় যিবোৰ খেলুৱৈসকলৰ লগত জীৱনভৰ থাকে।১২ দবাখেলৰ বহুতো খিতাপ আছেঃ
- গ্ৰেণ্ড মাষ্টৰ: দবাখেলৰ শীৰ্ষতম খিতাপটো হৈছে গ্ৰেণ্ড মাষ্টৰ খিতাপ। ফিদেএ গ্ৰেণ্ড মাষ্টৰ খিতাপ দিয়াৰ আগতে খেলুৱৈজনৰ ইএল' ৰেটিং জীৱনকালত ২৫০০ তকৈ বেছি এবাৰ হ'লেও হ'ব লাগে আৰু খেলুৱৈজনে টুৰ্নামেণ্টবোৰত তিনিটা ভাল ফলাফল (নৰ্মচ্) দেখুৱাব লাগে। এই টুৰ্নামেণ্টবোৰত খেলুৱৈজনৰ দেশৰ বাহিৰৰ দেশৰ গ্ৰেণ্ড মাষ্টৰসকলেও অংশ গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাদেও যদি এজন খেলুৱৈৰ ৰেটিং ২৩০০ বা তাতকৈ বেছি আৰু তেওঁ এটা বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাইছে তেতিয়া তেওঁ আবেদন কৰিলে তেওঁক ফিদেএ পোনপটীয়াকৈ গ্ৰেণ্ড মাষ্টৰ খিতাপ (direct title) দি দিয়ে। যদিহে আবেদন কৰা খেলুৱৈজনৰ ৰেটিং ২৩০০ তকৈ কম হয় তেতিয়া তেওঁক কণ্ডিশ্যনেল খিতাপ দিয়া হয় আৰু যদি তেওঁ সেই নিম্নতম ৰেটিং লাভ কৰে তেতিয়া ফেডাৰেচনৰ অনুগ্ৰহত তেওঁ গ্ৰেণ্ড মাষ্টৰ খিতাপ দিয়া হয়। এই নীতি আন খিতাপৰ ক্ষেত্ৰটো প্ৰযোজ্য।১২
- আন্তঃৰাষ্ট্ৰীয় মাষ্টৰ: গ্ৰেণ্ড মাষ্টৰৰ পিছতেই তথা খিতাপটো হ'ল আন্তঃৰাষ্ট্ৰীয় মাষ্টৰ। এই খিতাপ লাভ কৰা নিয়মবোৰো গ্ৰেণ্ড মাষ্টৰৰ দৰেই আৰু খেলুৱৈজনৰ ৰেটিং জীৱনকালত ২৪০০ তকৈ বেছি এবাৰ হ'লেও হ'ব লাগে। ইয়াৰ বাদেও ইয়াৰ পোনপটীয়া খিতাপৰ বাবে বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ২২০০ হ’ব লাগিব।১২
- মহিলা গ্ৰেণ্ড মাষ্টৰ: মহিলা গ্ৰেণ্ড মাষ্টৰ কেৱল মহিলাসকলৰ ভিতৰত শীৰ্ষতম খিতাপ। এই খিতাপ লাভ কৰা নিয়মবোৰো গ্ৰেণ্ড মাষ্টৰৰ দৰেই আৰু খেলুৱৈজনৰ ৰেটিং জীৱনকালত ২৩০০ তকৈ বেছি এবাৰ হ'লেও হ'ব লাগে। ইয়াৰ বাদেও ইয়াৰ পোনপটীয়া খিতাপৰ বাবে বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ২১০০ হ’ব লাগিব।১২
- মহিলা আন্তঃৰাষ্ট্ৰীয় মাষ্টৰ: মহিলা গ্ৰেণ্ড মাষ্টৰৰ পিছতেই তথা মহিলাসকলৰ খিতাপটো হ'ল মহিলা আন্তঃৰাষ্ট্ৰীয় মাষ্টৰ। এই খিতাপ লাভ কৰা নিয়মবোৰো গ্ৰেণ্ড মাষ্টৰৰ দৰেই আৰু খেলুৱৈজনৰ ৰেটিং জীৱনকালত ২২০০ তকৈ বেছি এবাৰ হ'লেও হ'ব লাগে। ইয়াৰ বাদেও ইয়াৰ পোনপটীয়া খিতাপৰ বাবে বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ২০০০ হ’ব লাগিব।১২
- ফিদে মাষ্টৰ: ফিদে মাষ্টৰৰ বাবে খেলুৱৈজনৰ ৰেটিং ২৩০০ তকৈ বেছি হ'ব লাগে। ফিদে মাষ্টৰৰ ডাইৰেক্ট খিতাপ পাবলৈ বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ২১০০ হ’ব লাগিব।১২
- মহিলা ফিদে মাষ্টৰ: মহিলা ফিদে মাষ্টৰৰ বাবে খেলুৱৈজনৰ ৰেটিং ২১০০ তকৈ বেছি হ'ব লাগে। মহিলা ফিদে মাষ্টৰ ডাইৰেক্ট খিতাপ পাবলৈ বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ১৯০০ হ’ব লাগিব।১২
- কেণ্ডিডেট মাষ্টৰ: কেণ্ডিডেট মাষ্টৰৰ বাবে খেলুৱৈজনৰ ৰেটিং ২২০০ তকৈ বেছি হ'ব লাগে। কেণ্ডিডেট মাষ্টৰ ডাইৰেক্ট খিতাপ পাবলৈ বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ২০০০ হ’ব লাগিব।১২
- মহিলা কেণ্ডিডেট মাষ্টৰ: মহিলা মাষ্টৰৰ বাবে খেলুৱৈজনৰ ৰেটিং ২০০০ তকৈ বেছি হ'ব লাগে। মহিলা কেণ্ডিডেট মাষ্টৰ ডাইৰেক্ট খিতাপ পাবলৈ বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ১৮০০ হ’ব লাগিব।১২
| +শীৰ্ষস্থানৰ খেলুৱৈসকল১৩ | ||
| প্ৰকাৰ (Category) | নাম (Name) | ৰেটিং (Rating |
|---|---|---|
| মুকলি (Open) | মেগনাচ্ কাৰ্লচেন (Magnus Carlsen) | ২৮৩৯ |
| মহিলা (Women) | হও ইয়েফান (Hou Yifan) | ২৬২৮ |
| কনিষ্ঠ (Juniors) | আলীৰেজা ফিৰ'জা (Alireza Firouzja) | ২৭৭৭ |
| বালিকা (Girls) | বিবিচাৰা আচ্চাওবায়েভা (Bibisara Assaubayeva) | ২৪৬৯ |
| +দবাত ভাৰতৰ স্থিতি৮ ১৪ | |
| খিতাপ | খেলুৱৈৰ সংখ্যা |
|---|---|
| গ্ৰেণ্ড মাষ্টৰ | ৮৪ |
| মহিলা গ্ৰেণ্ড মাষ্টৰ | ১৮ |
| আন্তঃৰাষ্ট্ৰীয় মাষ্টৰ | ১২৪ |
তথ্যসূত্ৰ
- ↑ Hooper, David and Whyld, Kenneth 1992. The Oxford Companion to Chess 2nd ed, Oxford University Press
- ↑ Fide Laws of Chess taking effect from 1 January 2018. FIDE
- ↑ Hooper, David; Whyld, Kenneth. (1992). The Oxford companion to chess.. Oxford University Prc·.u. পৃ. 92
- ↑ Heisman, Dan. (September 15, 2007). Back to Basics: Tactics (ChessCafe Back to Basics Chess). Russell Enterprises, Inc
- ↑ ABOUT FIDE. International Chess Federation
- ↑ World Chess Federation. International Olympic Committee
- ↑ Brace, Edward R. (1977). An Illustrated Dictionary of Chess. Hamlyn Publishing Group. পৃ. 64. ISBN 1-55521-394-4
- ↑ All India Chess Federation. All India Chess Federation
- ↑ Affiliates. All India Chess Federation
- ↑ TOP CHESS FEDERATIONS. International Chess Federation
- ↑ International Chess Federation. International Chess Federation
- ↑ FIDE Title Regulations effective from 1 July 2017. International Chess Federation
- ↑ TOP CHESS PLAYERS. International Chess Federation
- ↑ CHESS RANKINGS. International Chess Federation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দবা খেল” প্ৰবন্ধৰ সংশোধন ৫১৩৩১৫ (২৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।