কোকাকোলা (Coca-Cola) বিশ্বৰ জনপ্ৰিয় শীতল পানীয়বোৰৰ ভিতৰত অন্যতম।১ এই পানীয়বিধ জৰ্জিয়াৰ আটলাণ্টাত অৱস্থিত কোকাকোলা কোম্পেনী (The Coca-Cola Company)য়ে প্ৰস্তুত কৰে। এই পানীয়বিধক প্ৰায়ে 'ক'ক'( 'Coke') নামেৰে জনা যায়। ই হৈছে ১৯৪৪ চনৰ ২৭ মাৰ্চত আমেৰিকা যুক্তৰাষ্ট্ৰত কোম্পেনীয়ে পঞ্জীভূত কৰা ট্ৰেডমাৰ্ক।
ইতিহাস
কোকাকোলাৰ আৱিষ্কাৰ হৈছিল আমেৰিকাত, ১৮৮৬ চনত। সেই বছৰৰে ৩ মে'ৰ দিনা আমেৰিকাৰ আটলাণ্টা নগৰৰ চিকিৎসক ডা: জন পেম্বাৰটনে কিবা এটা গৱেষণা কৰাৰ বাবে চেনি আৰু আন এবিধ খাৰৰ পৰা ৰাসায়নিক দ্ৰব্যৰে প্ৰস্তুত তৰল মিস্ৰ্ণ এটা ষ্টভৰ ওপৰত উতলাই আছিল। তেনেতে তেওঁৰ কপালৰ পৰা কেইটোপালমান ঘাম মিশ্ৰণটোত পৰিল। পেনস্তৰ্ণে অলপমান মিশ্ৰণ চেলেকি চাই অপূৰ্ব সোৱাদ পালে। লগে লগে বিলি আৰু বেনেবুল নামৰ তেওঁৰ দুজন বন্ধুকো সেই পানীয়ৰ সোৱাদ ল'বলৈ দিলে। বিলিয়ে অপূৰ্ব সোৱাদযুক্ত সেই পানীয়ৰ নাম ৰাখিলে কোকাকোলা। ১৮৯২ চনৰ পৰা কোকাকোলাৰ ব্যৱসায়িক উৎপাদন আৰম্ভ হয়। বৰ্তমানে বিশ্বৰ ১৬০খনতকৈও অধিক দেশত কোকাকোলা জনপ্ৰিয় শীতল পানীয়। কোকাকোলা প্ৰ্স্তুত কৰাৰ পদ্ধতি বা সূত্ৰ অৱশ্যে গুপুতে কেৱল 'ছেভেন এক্স' (7x) বুলিয়েই ৰখা হৈছে।
বাহ্যিক সংযোগ
- Kinescope of a live 1954 TV commercial for Coca-Cola (Internet Archive)
- Coca-Cola Advertising History
- Coca-Cola: Refreshing Memories — slideshow by Life magazine
- China Advisory: Avoiding the Wax Tadpole – Effective Chinese Language Trademark Strategy Chinese language trademark for Coca-Cola
তথ্যসূত্ৰ
- ↑ Stafford, Leon. (September 9, 2012). Coca-Cola to spend $30 billion to grow globally. The Atlanta Journal-Constitution
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোকাকোলা” প্ৰবন্ধৰ সংশোধন ৩৮৮৪১৩ (২৩ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।