অসমৰ সংগ্ৰহালয়
৭ প্ৰবন্ধ
-
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত অসমৰ এক মুখ্য সাংস্কৃতিক পৰিসৰ, য’ত সংগ্ৰহালয়, কলা-প্ৰদৰ্শনী, প্ৰেক্ষাগৃহ আদি একেলগে গঢ় লৈ উঠিছে। অসমীয়া সংস্কৃতিৰ ঐতিহ্য সংৰক্ষণ আৰু শিল্প-সাহিত্য-নৃত্য-নাট্যৰ কৰ্মকেন্দ্ৰ গঠনৰ লক্ষ্যৰে এই প্ৰকল্প স্থাপন কৰা হৈছিল।
-
অসম ৰাজ্যিক সংগ্ৰহালয়
অসম ৰাজ্যিক সংগ্ৰহালয় হৈছে উত্তৰ-পূব ভাৰতৰ মুখ্য সংগ্ৰহালয়। অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটী মহানগৰৰ দীঘলীপুখুৰীৰ দক্ষিণত অৱস্থিত। অসম ৰাজ্যিক সংগ্ৰহালয়টো কামৰূপ অনুসন্ধান সমিতিয়ে স্থাপন কৰিছিল আৰু ১৯৪০ চনৰ ২১ এপ্ৰিলত তেতিয়াৰ অবিভক্ত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট ৰেইডৰ দ্বাৰা মুকলি কৰা হৈছিল।
-
জ্যোতি ভাৰতী
জ্যোতি ভাৰতী বা পকী হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। মহাত্মা গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰুকে আদি কৰি বহুকেইজন বিশিষ্ট স্বাধীনতা সংগ্ৰামীয়ে জ্যোতি ভাৰতীত পদাৰ্পণ কৰিছিল। এই 'পকী' বা জ্যোতি ভাৰতীৰ স্থাপত্য আৰু নিৰ্মাণশৈলী ৰাজস্থানী আৰু আহোম যুগৰ শৈলীৰ সংমিশ্ৰণত গঢ়ি উঠিছে।
-
যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ
যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ (Jorhat Science Centre and Planetarium) হৈছে যোৰহাট নগৰৰ মাজমজিয়াতে ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত। পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মিত এই কেন্দ্ৰটো মুঠ ১৫০০ বৰ্গ মিটাৰ জুৰি বিস্তৃত হৈ আছে।
-
ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী
ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী (National Science Centre, Guwahati) পূৰ্বতে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী অসমৰ গুৱাহাটীত অৱস্থিত এখন বিজ্ঞান কেন্দ্ৰ। ই অসম আৰু সমগ্ৰ উত্তৰ ভাৰতৰে বিজ্ঞান সংক্ৰান্তীয় এক বিশেষ কেন্দ্ৰ। ১৯৯৪ চনৰ ১৫ মাৰ্চ তাৰিখে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰে হৈছিল।
-
জিলা সংগ্ৰহালয়, তেজপুৰ
তেজপুৰ জিলা সংগ্ৰহালয় হৈছে তেজপুৰ চহৰৰ কেন্দ্ৰস্থলত অৱস্থিত অসমৰ ১২টা সংগ্ৰহালয়ৰ এটা। ১৯৮৬ চনৰ ১৬ মাৰ্চ মাহত এই সংগ্ৰহালয়টো অসমৰ গুৱাহাটীস্থিত সংগ্ৰহালয় পৰিৱেশকৰ অধীনত স্থাপন কৰা হৈছিল।
-
বিজ্ঞান নগৰী, গুৱাহাটী
বিজ্ঞান নগৰী, গুৱাহাটী অসমৰ গুৱাহাটীৰ উপকণ্ঠ অঞ্চল টেপেচিয়া, সোণাপুৰত অৱস্থিত এটা বৃহৎ বিজ্ঞান শিক্ষা আৰু প্ৰদৰ্শনী কেন্দ্ৰ। ২০২৬ চনৰ ১০ মাৰ্চত উদ্বোধন কৰা এই কেন্দ্ৰটো উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ বিজ্ঞান কেন্দ্ৰ হিচাপে পৰিগণিত হয়।