নেজাল জে (Tailed Jay, বৈজ্ঞানিক নাম-Graphium agamemnon) এটা সেউজীয়া আৰু ক’লা বৰণৰ চাতকনেজীয়া (Swallowtail ) পখিলা ৷ ইয়াক সাধাৰণতে ক্ৰান্তীয় অঞ্চলসমূহত দেখা পোৱা যায়৷ ই ভাৰত, শ্ৰীলংকাৰ লগতে সমগ্ৰ দক্ষিণ-পূব এছিয়াত আৰু অষ্ট্ৰেলিয়া মহাদেশত সততে পোৱা এবিধ স্থানীয় পখিলাৰ প্ৰজাতি৷
বিৱৰণ

ইয়াৰ মতা পখিলাটোৰ দেহৰ ওপৰৰ অংশ ক’লা৷ আগফালৰ পাখি (Forewing)খনত কেইবাটাও বৈশিষ্ট্যপূৰ্ণ দাগ থকা বাবে ইয়াত সহজে চিনাক্ত কৰিব পৰা যায়৷ ইয়াৰ পাখিৰ তলৰ অংশ মটিয়া বা ক’লা-মটিয়া বৰণৰ হয়৷১ মাইকী পখিলাজনী প্ৰায় একে যদিও ইয়াৰ পাখিত সেউজীয়া-বগা বৰণৰ আভাস থাকে৷
বিস্তৃতি
দক্ষিণ ভাৰতৰ সৌৰাষ্ট্ৰৰ পৰা উত্তৰ ভাৰতৰ কুমায়ুনৰ পৰা অসম পৰ্যন্ত, নেপাল, শ্ৰীলংকা, আন্দামান, নিকোবৰ, বাংলাদেশ, ব্ৰুণেই, ম্যানমাৰ, থাইলেণ্ড, লাউচ, কম্বোডিয়া,চীন, টাইৱান, নিউগিনি আৰু অষ্ট্ৰেলিয়ালৈকে এই পখিলাবিধ বিস্তৃত হৈ আছে৷ .
বাসস্থান
পূৰ্বতে এই পখিলাবিধ কেৱল পৰ্য্যাপ্ত পৰিমাণে বৰষুণ হোৱা বনাঞ্চলতহে পোৱা গৈছিল যদিও বৰ্তমান নেজাল জে পখিলা খেতি-পথাৰকে ধৰি চহৰীয়া অঞ্চলতো সততে দেখা যায়৷
আচৰণ
নেজাল জে এবিধ খুউব শক্তিশালী আৰু খৰকৈ উৰিব পৰা পখিলাৰ প্ৰজাতি৷ ই প্ৰায় সকলো সময়তে অতি সক্ৰিয় হৈ থাকে৷ মতা পখিলাবোৰে ঘাইকৈ Lantana, Ixora, Mussaenda আৰু Poinsettia আদি উদ্ভিদৰ পৰা ফুলৰ মৌ খায়৷ মাইকী পখিলাবোৰে এই উদ্ভিদসমূহ কণী পাৰিবৰ বাবেও ব্যৱহাৰ কৰে৷ নেজাল জে পখিলা বছৰৰ সকলো সময়তে দেখা যায় যদিও ইয়াৰ ঘনত্ব বাৰিষাৰ আগমন তথা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে৷ ২

খাদ্য
Polyalthia longifolia, Polyalthia cerasoides, Annona squamosa, Annona reticulata, Annona discolor, Annona muricata, Goniothalamus cardiopetalus, Mitrephora heyneana৩ and Uvaria narum৪ Michelia doltospa, Michelia champaca, Milliusa tomentosum , Cinnamom, আৰু Artabotrys hexapetalus আদি উদ্ভিদত এই পখিলাবিধে মৌৰ সন্ধান কৰা দেখা যায়৷
জীৱন-চক্ৰ
নেজাল জে পখিলাই কণীৰ পৰা পূৰ্ণবয়স্ক হোৱালৈকে মাথোঁ ৩৩-৩৬ দিন পৰ্যন্ত আয়ুস পায়৷৫
কণী
ইয়াৰ কণীৰ বৰণ শেঁতা হালধীয়া৷ এই পখিলাই সাধাৰণতে গছৰ পাতৰ তলৰফালে কণী পাৰে৷ ৩-৪ দিনৰ ভিতৰত কণী ফুটি পোৱালি জগে৷
পলু
পলুৰ বৰণ গাঢ় হালধীয়া সেউজীয়া আৰু পেটৰ অংশতে এডাল শেঁতা হালধীয়া আঁচ থাকে৷
লেটা
লেটা সাধাৰণতে সেউজীয়া বা মটিয়া বৰণৰ হয়৷ লেটাবোৰ গছৰ পাতৰ তলৰফালে সংযুক্ত হৈ থাকে৷ এই অৱস্থাত ইহঁত ১৩-১৪ দিন পৰ্যন্ত থাকে৷
লগতে চাওক
- Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
- Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
- Gaonkar, Harish (1996) Butterflies of the Western Ghats, India (including Sri Lanka) - A Biodiversity Assessment of a threatened mountain system. Journal of the Bombay Natural History Society.
- Gay, Thomas; Kehimkar,Isaac & Punetha,J.C.(1992) Common Butterflies of India. WWF-India and Oxford University Press, Mumbai, India.
- Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
- Kunte,Krushnamegh (2005) Butterflies of Peninsular India. Universities Press.
- Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Bingham, C. T. (1907) Fauna of British India. Butterflies. Volume 2
- ↑ Sharma, R.M. and N. Chaturvedi (2005) Additions to the light attracted butterflies. J. Bombay. Nat. Hist. Soc. 102(1):129
- ↑ Kunte, K. 2006. Additions to known larval host plants of Indian butterflies. J. Bombay Nat. Hist. Soc. 103(1):119-120
- ↑ Nair, V. P. 2005 Uvaria narum, a new host plant record of the Tailed Jay Butterfly (Graphium agamemnon) from Kerala. Journal of the Bombay Natural History Society 102(3):355-356
- ↑ Ramana S.P., Atluri .J.B., Reddi C.S. (2003) Autecology of the tailed jay butterfly Graphium agamemnon (Lepidoptera: Rhopalocera: Papilionidae). Journal of Environmental Biology. Jul;24(3):295-303
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেজাল জে” প্ৰবন্ধৰ সংশোধন ৪০০২৮৩ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।