চৰকাৰী বিষয়া
৬ প্ৰবন্ধ
-
হৰেকৃষ্ণ ডেকা
হৰেকৃষ্ণ ডেকা (জন্ম ১৯৪৩) এগৰাকী অসমীয়া কবি, গল্পকাৰ, প্ৰবন্ধকাৰ, ঔপন্যাসিক আৰু কবিতা-সমালোচক, একে সময়তে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে উচ্চ পদত দায়িত্ব পালন কৰা ব্যক্তি।
-
অজিৎ বৰুৱা
অজিৎ বৰুৱা (Ajit Barua; ১৯ আগষ্ট ১৯২৬—৩ এপ্ৰিল ২০১৫) এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। প্ৰধানকৈ সাহিত্যিক হিচাপেই তেওঁ জনাজাত আছিল। একাধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল।
-
কামেশ্বৰ দাস
কামেশ্বৰ দাস (Kameshwar Das, জন্ম: ১ মাৰ্চ ১৮৯৩ - মৃত্যু: ১ ছেপ্তেম্বৰ ১৯৬৬) হৈছে অসমৰ এজন গণিতজ্ঞ। তেখেত হৈছে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিতশাস্ত্ৰত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত প্ৰথম অসমীয়া স্নাতকোত্তৰ।
-
ছিলভাৰিন স্বেৰ
ছিলভাৰিন স্বেৰ (Silverine Swer; ১২ নৱেম্বৰ ১৯১০ - ১ ফেব্ৰুৱাৰী ২০১৪) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু অসামৰিক সেৱা বিষয়া। তেওঁক জনপ্ৰিয়ভাবে কং ছিল হিচাপে জনা যায়। খাছীভাষাত কং ছিলৰ অৰ্থ হৈছে বায়েক। তেওঁ মেঘালয় চৰকাৰৰ জ্যেষ্ঠ পদত অধিষ্ঠিত হোৱা প্ৰথম জনজাতীয় মহিলা।
-
লীনা শৰ্মা
লীনা শৰ্মা (Leena Sarma) এগৰাকী অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক। চাকৰিসূত্ৰে ভাৰতীয় ৰেল বিভাগৰ শীৰ্ষ বিষয়া ৰূপে তেওঁ গুৱাহাটীৰ মালিগাঁও সদৰ কাৰ্যালয়ত কৰ্মৰত আছিল। ইতিমধ্যে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ১৯৬২ চনৰ ১১ ডিচেম্বৰৰ দিনা গুৱাহাটীৰ নিজৰাপাৰাত লীনা শৰ্মাৰ জন্ম হৈছিল।
-
স্বৰাজবীৰ সিং
স্বৰাজবীৰ সিং (জন্ম ২৪ এপ্ৰিল ১৯৫৮) এজন ভাৰতীয় পাঞ্জাবী নাট্যকাৰ, কবি, প্ৰশাসক আৰু সম্পাদক। মছিহা দি ৰাত (২০১৬) নাটকৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে। ২০১৮ চনৰ ৩১ আগষ্টৰপৰা ২০২৪ চনৰ ১৩ জানুৱাৰীলৈকে তেওঁ দৈনিক কাকত পাঞ্জাবী ট্ৰিবিউনৰ সম্পাদক আছিল।