খেলুৱৈ
১৪ প্ৰবন্ধ
-
চিত্ৰাশী ৰাৱট
চিত্ৰাশী ৰাৱট (Chitrashi Rawat) এগৰাকী ভাৰতীয় মডেল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু অভিনেত্ৰী। ২০০৭ চনত ‘চক দে ইণ্ডিয়া’ ছবিখনত কোমল চৌটালাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিতি লাভ কৰিছিল। চিত্ৰাশী এগৰাকী হকী খেলুৱৈ। ১৭ বছৰ বয়সৰ পৰাই হকী খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ বাওঁফালৰ ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল।
-
নাওমি অ'ছাকা
নাওমি অ'ছাকা (Naomi Osaka), জন্ম ১৬ অক্টোবৰ, ১৯৯৭) হৈছে এগৰাকী জাপানী পেছাদাৰী টেনিছ খেলুৱৈ৷ মহিলা টেনিছ সন্থাৰ দ্বাৰা তালিকাভুক্ত তেখেত হৈছে ডব্লিউ টি এ শীৰ্ষ স্থানত থকা খেলুৱৈ৷ শীৰ্ষস্থান লাভ কৰা জাপানী পুৰুষ আৰু মহিলা খেলুৱৈৰ ভিতৰত অ'ছাকাই প্ৰথম৷ নাওমিয়ে গ্ৰেণ্ড শ্লেমৰ একক খিতাপ চাৰিবাৰ জয়…
-
অঞ্জু তামাং
অঞ্জু তামাং ( Anju Tamang; জন্ম: ২২ ডিচেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ যিয়ে ইণ্ডিয়ান মহিলা লীগ ক্লাব ইষ্ট বেংগল আৰু ভাৰত মহিলা জাতীয় দলৰ বাবে ফৰৱাৰ্ড হিচাপে খেলে।. ইণ্ডিয়ান উইমেনছ লীগত ৰাইজিং ষ্টুডেণ্টছ, ছেঠু, উৰিষ্যা আৰু গোকুলাম কেৰালাকো প্ৰতিনিধিত্ব কৰিছে।
-
অশ্বিনী নাচাপ্পা
অশ্বিনী নাচাপ্পা ( Ashwini Nachappa; জন্ম ২১ অক্টোবৰ ১৯৬৭) মাদিকেৰীৰ এগৰাকী ভাৰতীয় প্ৰাক্তন ট্ৰেক এণ্ড ফিল্ড এথলীট আৰু অভিনেত্ৰী। ১৯৮০ চনৰ আৰম্ভণিৰ আশে-পাশে নাচাপ্পাই খ্যাতি অৰ্জন কৰিছিল, যেতিয়া তেওঁ পি.টি. উষা দুবাৰকৈ। তেওঁক ভাৰতৰ ফ্ল'জো বুলি কোৱা হৈছে। ১৯৮৮ চনত তেওঁ অৰ্জুন বঁটা লাভ কৰে।
-
ইন্দু পুৰী
ইন্দু পুৰী ( Indu Puri; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৫৩) ১৯৭০ আৰু ১৯৮০ চনৰ এগৰাকী প্ৰাক্তন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় মহিলা টেবুল টেনিছ ক্ৰীড়াবিদ। তেওঁ ৰাষ্ট্ৰীয় মহিলা একক শাখাত আঠবাৰ অভিলেখ সৃষ্টি কৰে।
-
কিৰণ মকছুদ বালুচ
কিৰণ মকছুদ বালুচ (:Kiran Maqsood Baluch; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৭৮) এগৰাকী প্ৰাক্তন পাকিস্তানী মহিলা ক্ৰিকেটাৰ। তেওঁ অল-ৰাউণ্ডাৰ হিচাপে খেলিছিল,আৰু সোঁহাতেৰে বেটিং আৰু বলিং দুয়োটাতে সমানে পাৰদৰ্শিতা দেখুৱাইছিল। পাকিস্তানৰ হৈ তিনিখন টেষ্ট মেচ আৰু ৪০ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছিল।
-
গুৰজিৎ কৌৰ
গুৰজিৎ কৌৰ ( Gurjit Kaur; জন্ম: ২৫ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় মহিলা ফিল্ড হকী খেলুৱৈ। ডিফেণ্ডাৰৰ পজিচনত খেলে আৰু দলৰ নিৰ্দিষ্ট ড্ৰেগ ফ্লিকাৰো। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে, শেহতীয়াকৈ হকী বিশ্বকাপ ২০১৮ত।
-
দীক্ষা ডাগাৰ
দীক্ষা ডাগাৰ ( Diksha Dagar; জন্ম: ১৪ ডিচেম্বৰ ২০০০) এগৰাকী ভাৰতীয় পেছাদাৰী গলফাৰ যি বধিৰও। ২০১৫ চনৰ নৱেম্বৰৰ পৰা তেওঁ ভাৰতৰ আগশাৰীৰ অপেশাদাৰী মহিলা গলফাৰ হিচাপে পৰিগণিত হয়।
-
দীয়া চুজানা বাজাজ
দীয়া চুজানা বাজাজ ( Deeya Suzannah Bajaj; জন্ম: ৯ মাৰ্চ ১৯৯৪) এগৰাকী ভাৰতীয় দুঃসাহসিক ক্ৰীড়া খেলুৱৈ। ২০২২ চনৰ ৫ জুনত তেওঁ সাতটা শীৰ্ষ সন্মিলন সম্পূৰ্ণ কৰে।
-
নিক্কি প্ৰধান
নিক্কি প্ৰধান ( Nikki Pradhan; জন্ম: ৮ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ভাৰতীয় জাতীয় দলৰ সদস্য। নিক্কি আছিল ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা হকী খেলুৱৈ যিয়ে ভাৰতক অলিম্পিকত প্ৰতিনিধিত্ব কৰিছিল।
-
নিখত জৰীন
নিখত জৰীন ( Nikhat Zareen; জন্ম: ১৪ জুন ১৯৯৬) এগৰাকী ভাৰতীয় বক্সাৰ আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন। ২০১১ চনত আন্টালিয়াত অনুষ্ঠিত হোৱা এআইবিএ মহিলা যুৱ আৰু জুনিয়ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে।
-
বালা দেৱী
বালা দেৱী ( Nganngom Bala Devi; জন্ম: ২ ফেব্ৰুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ যিয়ে ইণ্ডিয়ান উইমেনছ লীগ ক্লাব শ্ৰীভূমি আৰু ভাৰত জাতীয় দলৰ বাবে ফৰৱাৰ্ড হিচাপে খেলে।
-
মনীষা কল্যাণ
মনীষা কল্যাণ (জন্ম ২৭ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ যিয়ে গ্ৰীক এ ডিভিজন ক্লাব পিএঅ'কে আৰু ভাৰতীয় মহিলা জাতীয় দলৰ বাবে ফৰৱাৰ্ড হিচাপে খেলে। ২০২০–২১ চনৰ এআইএফএফৰ বছৰৰ উদীয়মান ফুটবলাৰ আৰু ২০২২–২৩ চনৰ এআইএফএফৰ বছৰৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ বঁটা লাভ কৰে।
-
লোইটংবাম আশালতা দেৱী
লোইটংবাম আশালতা দেৱী ( ইংৰাজী: Loitongbam Ashalata Devi; জন্ম: ৩ জুলাই ১৯৯৩) আশালতা দেৱী নামেৰে পৰিচিত এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ যিয়ে ইণ্ডিয়ান মহিলা লীগ ক্লাব ইষ্ট বেংগলৰ ডিফেণ্ডাৰ হিচাপে খেলে আৰু ভাৰতীয় মহিলা জাতীয় দলৰ অধিনায়ক।