বান্দৰ
১২ প্ৰবন্ধ
-
হলৌ বান্দৰ
হলৌ বান্দৰ গিবন পৰিয়ালৰ অন্তৰ্গত এক লুপ্তপ্ৰায় বৃক্ষবাসী বনমানুহ, আৰু ভাৰতৰ বনাঞ্চলত পোৱা একমাত্ৰ বনমানুহ বুলিও পৰিচিত। উত্তৰ-পূব ভাৰতৰ পৰা ম্যানমাৰলৈ বিস্তৃত ইয়াৰ আবাসভূমি, একগামী যোৰ-জীৱন, সুতীব্ৰ চিঞৰ আৰু বিশেষ খাদ্যাভ্যাস ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্য।
-
মলুৱা বান্দৰ
মলুৱা বান্দৰ (Rhesus Macaque) হ’ল, আটাইতকৈ বহুলভাৱে বিস্তৃত আৰু মানুহৰ সৈতে ওচৰ সম্পৰ্ক থকা এবিধ বান্দৰৰ প্ৰজাতি৷ ই যথেষ্ট বুদ্ধিমান বান্দৰ হিচাপে খ্যাত৷
-
লাজুকী বান্দৰ
লাজুকী বান্দৰ ( Bengal slow loris) প্ৰধানতঃ ভাৰত উপমহাদেশ তথা ইণ্ডোনেচিয়াত পোৱা বান্দৰৰ এটা প্ৰজাতি। সমগ্ৰ বিশ্বত পোৱা অন্যান্য পাঁচটা লাজুকী বান্দৰৰ প্ৰজাতিৰ ভিতৰত এই প্ৰজাতিটোয়ে আটাইতকৈ বহুলভাৱে বিস্তৃত।
-
অসমীয়া বান্দৰ
অসমীয়া বান্দৰ (Assamese macaque) অসমকে ধৰি দক্ষিণ-পূব এছিয়াৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ অসমীয়া বান্দৰৰ দুটা মূল উপ-প্ৰজাতি আছে৷ পূব দেশীয় অসমীয়া বান্দৰ আৰু পশ্চিম-দেশীয় অসমীয়া বান্দৰ৷ পূব দেশীয় অসমীয়া বান্দৰৰ নেজডাল পশ্চিম দেশীয় উপপ্ৰজাতিতকৈ চুটি৷ অসমীয়া বান্দৰ…
-
সোণালী বান্দৰ
সোণালী বান্দৰ ( Golden langur) পোণপ্ৰথমে ১৯৫৪ চনত আৱিস্কৃত হৈছিল৷ এই আপুৰুগীয়া বান্দৰৰ প্ৰজাতিটো ভাৰতবৰ্ষত মূলতঃ পশ্চিম অসম, ভুটানৰ পৰ্ব্বত অঞ্চলত পোৱা যায় ৷এই প্ৰাণীবিধৰ দৈহিক গঠন তথা বিস্তৃতি সম্পৰ্কে গী (Gee,১৯৫৬) আৰু খাজুৰীয়া (Khajuria,১৯৫৬, ১৯৬২) ই প্ৰথম বৈজ্ঞানিক তথ্য আগবঢ়ায়৷ এই…
-
টুপীমূৰীয়া বান্দৰ
টুপীমূৰীয়া বান্দৰ (Capped Langur) উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখা পোৱা এবিধ বান্দৰৰ প্ৰজাতি। এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে, বাংলাদেশ, নেপাল, ভূটান, চীন, আৰু ম্যানমাৰতো পোৱা যায়। টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল।
-
গাহৰি-নেজীয়া বান্দৰ
গাহৰি-নেজীয়া বান্দৰ (Pig-tailed macaque) বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, লাওচ, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি। পূৰ্ব্বতে ইয়াক M. nemestrina-ৰ এবিধ উপ-প্ৰজাতি বুলি গণ্য কৰা হৈছিল। ভাৰতবৰ্ষত এই প্ৰজাতিটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত পোৱা যায়।
-
সেন্দূৰী বান্দৰ
সেন্দূৰী বান্দৰ (Stump-tailed Macaque) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা বান্দৰৰ এবিধ প্ৰজাতি। ইয়াৰ গাৰ বৰণ গাঢ় খয়েৰী বৰণৰ। নেজ অত্যন্ত চুটি আৰু নোমহীন। নেজৰ এই বৈশিষ্ট্যৰ বাবেই এই প্ৰজাতিবিধৰ ইংৰাজী নাম Stump-tailed হয়। সেন্দূৰী বান্দৰৰ মুখখন নোমহীন আৰু তাত কিছুমান ক'লা ক'লা দাগ দেখা পোৱা যায়।
-
চশমা-চকুৱা বান্দৰ
চশমা-চকুৱা বান্দৰ ( Phayre's leaf monkey; বৈজ্ঞানিক নামঃ Trachypithecus phayrei) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ এই প্ৰাণীবিধ সম্পৰ্কে বৈজ্ঞানিক তথ্য এতিয়াও সীমিত৷ এই প্ৰজাতিটোৰ চকুৰ চাৰিওদিশে থকা বগা আঁকটো চশমাৰ দৰে দেখা যায় বাবে ইয়াক চশমা-চকুৱা বান্দৰ বুলি অভিহিত কৰা হয়৷…
-
কৃশাঙ্গী বান্দৰ
কৃশাঙ্গী বান্দৰ (Gray Slender Loris) ভৌগোলিকভাৱে পৃথক লাজুকী বান্দৰৰ সমগোত্ৰীয় এবিধ বান্দৰ প্ৰজাতি৷
-
নীলগিৰি লেংগুৰ
নীলগিৰি লেংগুৰ (Nilgiri langur; বৈজ্ঞানিক নামঃ Semnopithecus johnii) পুৰণি বিশ্বৰ বান্দৰৰ এবিধ এছিয়ান লেংগুৰ। ইয়াৰ চকচকীয়া, ক’লা নোম আৰু মূৰত কমলা-সোণালী বাদামী মানুহৰ দৰে চুলি থাকে। মাইকী নীলগিৰি লেংগুৰৰ ভিতৰৰ উৰুত বগা নোমৰ দাগ থাকে।
-
হালধীয়া-গালৰ হলৌ বান্দৰ
হালধীয়া-গালৰ হলৌ বান্দৰ (Yellow-cheeked gibbon; বৈজ্ঞানিক নামঃ Nomascus gabriellae)ক সোণালী গালৰ হলৌ বান্দৰ, হালধীয়া গালৰ জঁযুক্ত হলৌ বান্দৰ, সোণালী গালৰ জঁযুক্ত হলৌ বান্দৰ, ৰঙা গালৰ হলৌ বান্দৰ বা হালধীয়া গালৰ হলৌ বান্দৰ বুলি কোৱা হয়।