অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চন্দ্ৰশেখৰন জোচেফ বিজয়

চন্দ্ৰশেখৰন জোচেফ বিজয় (জন্ম ২২ জুন ১৯৭৪, বিজয় থালাপতি বা থালাপতি বিজয় নামেৰে পৰিচিত) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেতা যিয়ে ২০২৬ চনৰ মে' মাহৰ পৰা তামিলনাডুৰ নৱম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ৰাজনৈতিক দল তামিলাগা ভেট্টি কাজাগাম (TVK)ৰ প্ৰতিষ্ঠাপক আৰু সভাপতি।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১,০০১ শব্দ · ৬ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰশেখৰন জোচেফ বিজয় (জন্ম ২২ জুন ১৯৭৪, বিজয় থালাপতি বা থালাপতি বিজয় নামেৰে পৰিচিত'') এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেতা যিয়ে ২০২৬ চনৰ মে' মাহৰ পৰা তামিলনাডুৰ নৱম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ৰাজনৈতিক দল তামিলাগা ভেট্টি কাজাগাম (TVK)ৰ প্ৰতিষ্ঠাপক আৰু সভাপতি। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ তামিল চলচ্চিত্ৰৰ এজন আগশাৰীৰ অভিনেতা আৰু মাজে-মাজে নেপথ্য কণ্ঠশিল্পী আছিল।

১৯৮০ চনৰ দশকত শিশু অভিনেতা হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত বিজয়ে তেওঁৰ পিতৃ এছ. এ. চন্দ্ৰশেখৰনৰ পৰিচালনাত নালাইয়্য থীৰ্পু (১৯৯২) ছবিৰ জৰিয়তে নায়ক হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ পুভে উনাক্কাগা (১৯৯৬), লাভ টুডে (১৯৯৭), কাধালুকু মাৰিয়াদাই (১৯৯৭) আৰু থুল্লাথা মানামুম থুল্লুম (১৯৯৯) ৰ দৰে ৰোমাণ্টিক ছবিৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰে। ইয়াৰ পিছত তেওঁ থিৰুমালাই (২০০৩), গিলী (২০০৪) আৰু পক্কিৰী (২০০৭) ছবিৰ জৰিয়তে এজন একচন ষ্টাৰ হিচাপে পৰিগণিত হয়। ২০১০ চনৰ পৰা তেওঁ থুপ্পাক্কি (২০১২), কাথ্থি (২০১৪), মেৰ্ছাল (২০১৭), সৰকাৰ (২০১৮), মাষ্টাৰ (২০ ২০২১), লিঅ' (২০২৩), আৰু দ্য গ্ৰেটেষ্ট অৱ অল টাইম (২০২৪) ৰ দৰে বৃহৎ বাণিজ্যিক সফলতা লাভ কৰা ছবিত অভিনয় কৰে, যিবোৰ সৰ্বাধিক উপাৰ্জন কৰা তামিল ছবিৰ ভিতৰত অন্যতম।

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত বিজয়ে চলচ্চিত্ৰৰ পৰা অৱসৰ আৰু ৰাজনীতিত প্ৰৱেশৰ কথা ঘোষণা কৰে। তেওঁ TVK প্ৰতিষ্ঠা কৰে, যিয়ে ২০২৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত ১০৮খন আসন লাভ কৰে। একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰি TVK-ই তামিলনাডুৰ ৰাজনীতিত আধা শতিকা জোৰা DMK–AIADMK-ৰ দ্বৈত আধিপত্য ভংগ কৰে।১২ কেইবাটাও সৰু দলৰ সমৰ্থনত বিজয় ২০২৬ চনৰ ১০ মে'ত মুখ্যমন্ত্ৰী হয়।

প্ৰাৰম্ভিক জীৱন, পৰিয়াল আৰু শিক্ষা

জোচেফ বিজয় চন্দ্ৰশেখৰৰ জন্ম ১৯৭৪ চনৰ ২২ জুনত তামিলনাডুৰ চেন্নাইত হৈছিল।৩৪ তেওঁৰ পিতৃ এছ. এ. চন্দ্ৰশেখৰন এজন চলচ্চিত্ৰ পৰিচালক আৰু মাতৃ শোভা চন্দ্ৰশেখৰ এগৰাকী নেপথ্য কণ্ঠশিল্পী।৫ তেওঁৰ পিতৃ এজন কেথলিক খ্ৰীষ্টধৰ্ম আছিল আৰু মাতৃ এগৰাকী হিন্দু ধৰ্মাৱলম্বী।৬৭ বিজয়ৰ বিদ্যা নামৰ এগৰাকী ভগ্নী আছিল, যাৰ মাত্ৰ দুবছৰ বয়সতে মৃত্যু হৈছিল।৮ বিজয়ে প্ৰাথমিক শিক্ষা কডাম্বাক্কামৰ ফাতিমা স্কুলত আৰু পৰৱৰ্তী সময়ত বিৰুগাম্বাক্কামৰ বাললোক স্কুলত লাভ কৰিছিল।৯১০ তেওঁ লয়লা কলেজৰ পৰা দৃশ্যমান যোগাযোগ (Visual Communication) বিষয়ত স্নাতক ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিছিল, কিন্তু অভিনয় জীৱনত মনোনিবেশ কৰিবলৈ তেওঁ আধাতে কলেজ ত্যাগ কৰে।১১১২১৩

ব্যক্তিগত জীৱন

বিবাহ, সম্পৰ্ক আৰু বন্ধুত্ব

বিজয়ে ১৯৯৯ চনৰ ২৫ আগষ্টত শ্ৰীলংকাত জন্মগ্ৰহণ কৰা ব্ৰিটিছ তামিল ভাষা মূলৰ এক আঢ্যৱন্ত ব্যৱসায়ী পৰিয়ালৰ কন্যা সংগীতা সোৰ্ণালিংগমৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।১৪১৫ কালামেল্লাম কাথিৰুপ্পেন (১৯৯৭) ছবিৰ শ্বুটিঙৰ সময়ত সংগীতাই বিজয়ক এজন অনুৰাগী হিচাপে লগ পাইছিল আৰু পৰৱৰ্তী সময়ত দুই পৰিয়ালৰ সন্মতিমৰ্মে তেওঁলোকৰ বিবাহ সম্পন্ন হয়। তেওঁলোকৰ দুটি সন্তান আছে: এজন পুত্ৰ (জেছন সঞ্জয়) আৰু এগৰাকী কন্যা (দিব্য ছাশা)।১৬১৭ জেছন সঞ্জয় এজন নৱাগত চলচ্চিত্ৰ পৰিচালক যিয়ে চিগমা ছবিৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিব আৰু ইয়াৰ পূৰ্বে তেওঁ পিতৃৰ সৈতে ভেট্টাইক্কাৰন ছবিত অভিনয় কৰিছিল; আনহাতে দিব্য ছাশায়ো পিতৃৰ সৈতে থেৰী ছবিত অভিনয় কৰিছিল।১৮১৭

২০২৫ চনত সংগীতাই বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে।১৯২০১৩ ২০২৬ চনত তেওঁ এখন আৱেদন দাখিল কৰি অভিযোগ কৰে যে বিজয়ে তেওঁক বৈবাহিক গৃহত প্ৰৱেশ কৰাত বাধা দিছে আৰু এগৰাকী নাম অপ্ৰকাশিত অভিনেত্ৰীৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক আছে।২১২২২৩ অভিনেত্ৰী তৃষা কৃষ্ণনৰ সৈতে বিজয়ক এটা অনুষ্ঠানত দেখা পোৱাৰ পিছত এই আৱেদনে সংবাদ মাধ্যমৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰে।২২২৪২৫

পাৰ্শ্ব অভিনেতা সঞ্জীৱ ভেংকট, শ্ৰীমান আৰু শ্ৰীনাথ কলেজীয়া দিনৰ পৰাই বিজয়ৰ অন্তৰংগ বন্ধু আৰু তেওঁলোকৰ কেইবাখনো ছবিত বিজয়ৰ সৈতে অভিনয় কৰিছে। নেপথ্য কণ্ঠশিল্পী এছ. এন. সুৰেন্দৰ বিজয়ৰ মোমায়েক; আনহাতে অভিনেতা তথা ক্ৰিকেটাৰ বিক্ৰান্ত বিজয়ৰ এজন সম্পৰ্কীয় ভাতৃ, যদিও তেওঁলোকে একেলগে কোনো ছবিত কাম কৰা নাই। তামিলনাডুৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী উদয়নিধি ষ্টালিন, যিয়ে বিজয়ৰ ছবি কুৰুভি প্ৰযোজনা কৰিছিল, তেওঁ বিজয়ক শৈশৱৰ পৰাই "এজন ঘনিষ্ঠ বন্ধু" বুলি অভিহিত কৰিছিল।২৬ বিজয়ৰ তামিলাগা ভেট্টি কাজাগামে উদয়নিধিৰ পিতৃ তথা তামিলনাডুৰ তদানীন্তন মুখ্যমন্ত্ৰী এম. কে. ষ্টালিনৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আৰু প্ৰচাৰ চলোৱাৰ পিছত তেওঁলোক দুয়ো ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হৈ পৰে।

সম্পত্তি আৰু উপাৰ্জন

বিজয় তামিল চলচ্চিত্ৰৰ সৰ্বাধিক দৰমহা পোৱা অভিনেতাসকলৰ ভিতৰত অন্যতম।২৭২৮ ২০২৬ চনৰ মাৰ্চ মাহৰ তথ্য অনুসৰি বিজয়ৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ৬২৫ কোটি টকাতকৈও অধিক।২৯ তেওঁ বিষ্ট ছবিখনৰ বাবে ১০০ কোটি টকা আৰু ৱাৰিছু ছবিখনৰ বাবে আনুমানিক ১২০ কোটিৰ পৰা ১৫০ কোটি টকা দৰমহা হিচাপে লাভ কৰিছিল।৩০৩১ ২০২৩ চনত প্ৰকাশিত খবৰ অনুসৰি তেওঁ দ্য গ্ৰেটেষ্ট অৱ অল টাইম ছবিখনৰ বাবে ২০০ কোটি টকা লাভ কৰি ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেতাসকলৰ মাজত স্থান লাভ কৰে।৩২

কৰ সম্পৰ্কীয় আইনী বিবাদ

২০১৫ চনত আয়কৰ বিভাগে অভিনেতা বিজয়ৰ বাসগৃহত তালাচী চলাইছিল, যাৰ ফলত ২০১৫–১৬ বিত্তীয় বৰ্ষৰ বাবে অতিৰিক্ত ১৫ কোটি টকাৰ আয় প্ৰকাশ পাইছিল, য'ত পুলি চলচ্চিত্ৰৰ সৈতে জড়িত ধনো অন্তৰ্ভুক্ত আছিল। যদিও বিজয়ে প্ৰকাশিত ধনৰ ওপৰত কৰ দিছিল, বিভাগে পিছলৈ আয়কৰ আইনৰ ধাৰা 271AAB(1) ৰ অধীনত ১.৫ কোটি টকাৰ জৰিমনা বিহে। বিজয়ে ২০২২ চনত মাদ্ৰাছ উচ্চ ন্যায়ালয়ত এই জৰিমনাক প্ৰত্যাহ্বান জনাইছিল। ২০২৫ চনলৈকে এই বিষয়টো বিচাৰধীন হৈ আছে আৰু জৰিমনা আদায়ৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰা হৈছে।৩৩৩৪৩৫

২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত আয়কৰ বিভাগে কৰ ফাঁকিৰ সন্দেহ আৰু স্থাৱৰ সম্পত্তিৰ বিনিয়োগৰ ওপৰত ভিত্তি কৰি চেন্নাইত বিজয়ৰ বাসগৃহত অভিযান চলায়।৩৬৩৭ পৰৱৰ্তী সময়ত বিষয়াসকলে জনায় যে অভিযানত বিশেষ একো পোৱা নগ'ল।৩৮ ২০২১ চনৰ ১৩ জুলাইত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ব্ৰিটেইনৰ পৰা আমদানিকৃত তেওঁৰ ৰোলছ-ৰয়েচ ঘষ্ট (Rolls-Royce Ghost) গাড়ীখনৰ প্ৰৱেশ কৰ ৰেহাই বিচাৰি বিজয়ে দাখিল কৰা আবেদন খাৰিজ কৰে আৰু ১ লাখ টকাৰ জৰিমনা বিহে।৩৯ অৱশ্যে পিছলৈ ন্যায়ালয়ে পূৰ্বৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে আৰু ২০২২ চনৰ ১৫ জুলাইত ঘোষণা কৰে যে কোনো জৰিমনা আৰোপ কৰা নহ'ব।৪০৪১৪২

সন্মান আৰু বঁটা

১৯৯৮ চনত তামিলনাডু চৰকাৰে বিজয়ক কালাইমামানি বঁটা প্ৰদান কৰে। চলচ্চিত্ৰ জগতত তেওঁৰ কৃতিত্বৰ বাবে ২০০৭ চনত ড° এম.জি.আৰ. বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।৪৩ তেওঁ নিজৰ অভিনয়ৰ বাবে আন বহুতো বঁটা আৰু সন্মান লাভ কৰিছে।৪৪৪৫ মেৰ্ছাল ছবিত কৰা অভিনয়ৰ বাবে তেওঁক আন্তঃৰাষ্ট্ৰীয় প্ৰাপ্তি স্বীকৃতি বঁটা (IARA)-ত ২০১৮ চনৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিনেতাৰ বঁটা প্ৰদান কৰা হয়।৪৬

সংবাদ মাধ্যমত

থালাপাথি হিচাপে অভিহিত বিজয়ৰ ভাৰতত এক বুজনসংখ্যক অনুৰাগী আছে।৪৭ নিউজ ১৮-এ বিজয়ক এজন "বহুমুখী অভিনেতা" আৰু এজন "অসাধাৰণ নেপথ্য গায়ক, নৃত্যশিল্পী আৰু সমাজহিতৈষী" বুলি বৰ্ণনা কৰিছে।৪৮৪৯ তেওঁৰ নৃত্যৰ বাবে তেওঁ প্ৰশংসা বুটলিছে,৫০ দ্য টাইম্‌ছ অৱ ইণ্ডিয়াই তেওঁৰ নৃত্যৰ ভঙ্গীবোৰক "শক্তিশালী আৰু অনায়াস" বুলি অভিহিত কৰিছে।৫১৫২ তেওঁৰ অভিনয় দক্ষতাৰ বাবেও তেওঁ প্ৰশংসিত হৈছে; জী মিডিয়াই ৰিপৰ্ট কৰিছে যে "বিজয়ে তেওঁৰ অভিনয় আৰু পৰ্দাৰ উপস্থিতিৰে দৰ্শকক বিহিত কৰিছিল"।৫৩

২০১২ চনত ৰেডিফ ডট কমৰ "শ্ৰেষ্ঠ তামিল অভিনেতা"ৰ তালিকাত বিজয় দ্বিতীয় স্থানত আছিল।৫৪ ২০১২ চনৰ পৰা ২০১৯ চনলৈকে তেওঁ ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ তালিকাত কেইবাবাৰো স্থান লাভ কৰিছিল,৫৫৫৬ আৰু ২০১৮ চনত তেওঁ ২৬তম স্থানত উপনীত হৈছিল।৫৭ ২০২০ চনত তেওঁ আছিল টুইটাৰত সৰ্বাধিক চৰ্চিত দক্ষিণ ভাৰতীয় অভিনেতাৰ ভিতৰত তৃতীয়গৰাকী আৰু ২০২১ চনত তেওঁ একেখন তালিকাতে শীৰ্ষস্থান দখল কৰিছিল।৫৮৫৯ ২০১৯ চনত কন্যাকুমাৰীৰ এটি সংগ্ৰহালয়ত বিজয়ৰ এক মমৰ মূৰ্তি উন্মোচন কৰা হৈছিল।৬০৬১ ২০২৩ চনত ইষ্টাৰ্ণ আই আলোচনীত এছিয়াৰ বিশ্বব্যাপী চেলিব্ৰিটিসকলৰ ভিতৰত বিজয় অষ্টম স্থানত আছিল।৬২৬৩ ২০২৩ চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ হিউমেন ব্ৰেণ্ডছে কৰা এক গৱেষণা অনুসৰি বিজয় দক্ষিণ ভাৰতৰ সৰ্বাধিক বজাৰমূল্য থকা চেলিব্ৰিটিসকলৰ ভিতৰত এজন আছিল।৬৪ ২০২৪ চনত আইএমডিবি (IMDb)-ৰ ১০০গৰাকী সৰ্বাধিক দৰ্শন কৰা ভাৰতীয় তাৰকাৰ তালিকাত তেওঁৰ স্থান আছিল ৩৫তম।৬৫ একে বছৰতে তেওঁ ইষ্টাৰ্ণ আইৰ শীৰ্ষ ৫০ এছিয়ান তাৰকাৰ তালিকাত ষষ্ঠ স্থান লাভ কৰে।৬৬

নিৰ্বাচনী ইতিহাস

তামিলনাডু বিধানসভা

নিৰ্বাচনবিধানসভাসমষ্টিৰাজনৈতিক দলফলাফলভোটৰ শতাংশপ্ৰতিদ্বন্দ্বী
প্ৰাৰ্থীৰাজনৈতিক দলভোটৰ শতাংশ
২০২৬১৭শপেৰাম্বুৰতামিলাগা ভেট্টি কাজাগামrowspan=2rowspan=2৫৮.৮৯%আৰ. ডি. শেখৰডিএমকে৩২.৬১%
ত্ৰিচী পূব৫০.০৭%ইনিগো এছ. ইৰুধায়ৰাজডিএমকে৩৫.০৫%

তথ্যসূত্ৰ

  1. ↑ (4 May 2026). TVK storms Tamil Nadu, eclipses DMK and AIADMK but falls short of majority: What next for Vijay?. The Times of India
  2. ↑ Kumar, D. Suresh. (4 May 2026). TVK chief Vijay makes stunning debut, disrupts T.N.’s bipolar politics but falls short of magic figure. The Hindu
  3. ↑ (22 June 2021). Happy birthday Thalapathy! Check out some rare images of the Vijay. The New Indian Express
  4. ↑ Manoj Kumar R. (24 June 2022). 'Thalapathy' Vijay, the last superstar of Tamil box office. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  5. ↑ (28 November 2023). Did you know Kizhakku Vasal fame S.A. Chandrasekhar was a director?. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ (27 December 2021). About Vijay. Vikatan
  7. ↑ (21 February 2020). "I was born as a Christian, my wife is a Hindu": Vijay's father SA Chandrasekhar responds to allegations. Keralakaumudi Daily
  8. ↑ (2026-05-04). Who was Vidhya Vijay? Thalapathy Vijay’s sister, died tragically at young age due to…, caused TVK chief to become…. News 24
  9. ↑ Vijay speaks about his childhood schooling in fathima matriculation school chennai. YouTube
  10. ↑ (23 April 2016). Vijay · Which Celebrity belongs to your school/college?. Behindwoods
  11. ↑ (22 May 2023). Top actors who studied in Loyola college. The Economic Times
  12. ↑ (5 February 2026). Actor-politician Vijay's wife Sankgeetha files for divorce. The News Minute
  13. ↑ (27 February 2026). Who Is Vijay's Wife Sankgeetha Sornalingam, Who Filed For Divorce After 26 Years Of Marriage?. NDTV
  14. ↑ Five reasons why we love Vijay. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  15. ↑ (17 August 1998). Rediff On The Net, Movies: Gossip from the southern film industry. Rediff
  16. ↑ (17 February 2021). Rumour has it! Vijay's son Jason Sanjay to direct the 'Master' actor's film soon. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  17. ↑ (21 January 2016). Vijay's daughter to make her debut with Theri. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  18. ↑ (23 December 2025). 'Sigma' teaser: Jason Sanjay's directorial debut impresses, Fans sense a hit. The Times of India
  19. ↑ Madhav, Pramod. (27 February 2026). Actor and TVK chief Vijay's wife files for divorce, alleges affair with actor. India Today
  20. ↑ Sajeev, Upasana. (27 February 2026). Actor Vijay's Wife Moves Family Court Seeking Divorce. livelaw.in
  21. ↑ (7 March 2026). Sankgeetha Sornalingam files fresh petition, alleges Vijay is denying her entry to Neelankarai home. Moneycontrol
  22. ↑ Madhav, Pramod. (7 March 2026). Vijay's wife's plea seeking residential rights surfaces amid viral pics with Trisha. India Today
  23. ↑ Vijay Divorce: Sangeetha seeks court nod to stay in matrimonial home. Deccan Herald
  24. ↑ TVK chief Vijay attends wedding reception with actor Trisha days after his wife files for divorce. Deccan Herald
  25. ↑ (5 March 2026). Vijay arriving with Trisha at Kalpathi Suresh's son's wedding days after wife Sankgeetha's divorce filing fuels buzz. Hindustan Times
  26. ↑ Nair, Shilpa. (28 October 2024). Actor Vijay calls out 'dynastic selfish family', DMK says no basis to remarks. India Today
  27. ↑ (22 May 2023). Rajinikanth to Thalapathy Vijay, highest paid actors of Kollywood. Here's how much they earn per film. ইণ্ডিয়া টুডে
  28. ↑ (4 April 2022). Vijay to Suriya: 8 Highest-Paid Actors of The Tamil Film Industry. News18
  29. ↑ (30 March 2026). Tamil Nadu election 2026: TVK president Vijay declares nearly ₹625 crore in assets. The Hindu
  30. ↑ (22 June 2021). Thalapathy Vijay turns 47: Luxury cars to hefty pay package, a look at Tamil actor's wealth. The Hindustan Times
  31. ↑ (20 August 2021). Vijay confirms 'Thalapathy 66' for highest salary in south?. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  32. ↑ (29 May 2023). Thalapathy Vijay Gets Rs 200 Crore For Next Film, Becomes Highest-paid Indian Actor: Reports. News18
  33. ↑ Income Tax department opposes TVK leader Vijay's plea against penalty of ₹1.5 crore. The Hindu
  34. ↑ (24 September 2025). Thalapathy Vijay's income tax row: All you need to know about the 2017 case, 'Jana Nayagan' actor's dispute over Rs 1.50 crore fine. The Times of India
  35. ↑ (24 September 2025). TVK chief Vijay challenges Rs 1.5 crore penalty imposed by income tax dept. The Times of India
  36. ↑ Kandavel, Sangeetha. (6 February 2020). Over ₹77 crore seized from film producer; searches continue at actor Vijay's properties. দ্য হিন্দু
  37. ↑ Rs 65 crore recovered in IT raid from film financer of actor Vijay. Daily News and Analysis
  38. ↑ I-T search at Vijay's residence concludes, officials say he has paid all taxes. The Week
  39. ↑ S., Mohamed Imranullah. (13 July 2021). Court comes down hard on actor Vijay for seeking tax exemption for his Rolls-Royce Ghost. দ্য হিন্দু
  40. ↑ (18 January 2022). Madras High Court Bench Deletes Remarks Made By Single Judge Against Actor Vijay. NDTV
  41. ↑ (15 July 2022). Chennai High court closes Vijay's Rolls-Royce case. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  42. ↑ (15 July 2022). Madras HC relief to actor Vijay in car import case. দ্য হিন্দু
  43. ↑ Vijay gets Doctorate. Sify
  44. ↑ (22 May 2023). Thalapathy Vijay Wins Best Actor Award At Osaka Asian Film Festival In Japan. News18
  45. ↑ (13 December 2018). Vijay collects his IARA Award for 'Mersal' in person
  46. ↑ (23 September 2018). Thalapathy Vijay wins Best International Actor award. ইণ্ডিয়া টুডে
  47. ↑ Srinivasan, Latha. (2 December 2022). 30 years of Superstar Vijay: From child artist to Kollywood star Thalapathy Vijay. ইণ্ডিয়া টুডে
  48. ↑ (22 June 2020). Film facts about versatile actor Thalapathy Vijay. News18
  49. ↑ (27 July 2022). Priyamudan and other films of Vijay- Top 20 Best Films of Vijay. Behindwoods
  50. ↑ Thalapathy Vijay got some octane dance moves. Odisha News
  51. ↑ (15 October 2015). Vijay's energetic dance moves. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  52. ↑ (15 October 2015). Five reasons why we love Vijay. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  53. ↑ Shyam, Shrudi. (24 June 2021). Thalapathy Vijay's amazing acting skills. Zee Media Corporation
  54. ↑ (18 January 2013). The Top Tamil Actors of 2012. Rediff.com
  55. ↑ 2013 Celebrity 100 . Forbes (1 February 2013). Retrieved 26 December 2013
  56. ↑ 2017 Celebrity 100 . Forbes Retrieved 30 December 2017
  57. ↑ 2018 Forbes India Celebrity 100 list: Rajinikanth, Thalapathy Vijay among the wealthiest South Indian stars!. Times Now
  58. ↑ (14 December 2020). Keerthy Suresh and Mahesh Babu are Most Tweeted About South Indian Superstars of 2020. ইণ্ডিয়া টুডে
  59. ↑ Thalapthy Vijay, Keerthy Suresh 'Most Tweeted About' Actors of 2021 From South Industry. News18
  60. ↑ (23 November 2019). Thalapathy Vijay gets an impressive wax statue in Kanyakumari museum. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  61. ↑ (11 June 2017). Vijay's statue unveiled at Behindwoods Gold Medals. Behindwoods
  62. ↑ R, Ansgar. (15 December 2023). Vijay secures 8th place among top asian celebrities in eastern eye. Asianet News
  63. ↑ (14 December 2023). Top 10 Asian celebrities in the world (2023). Deccan Herald
  64. ↑ (16 January 2023). Suriya is the number one celebrity in South India: Report. The Economic Times
  65. ↑ (29 May 2024). Deepika Padukone, Shah Rukh Khan Top IMDb's List of Most Viewed Indian Stars. Variety
  66. ↑ (13 December 2024). Top 50 Asian stars of 2024. Eastern Eye

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰশেখৰন জোচেফ বিজয়” প্ৰবন্ধৰ সংশোধন ৬৩৭০৩০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।