সোণালী বান্দৰ ( Golden langur) পোণপ্ৰথমে ১৯৫৪ চনত আৱিস্কৃত হৈছিল৷ এই আপুৰুগীয়া বান্দৰৰ প্ৰজাতিটো ভাৰতবৰ্ষত মূলতঃ পশ্চিম অসম,১২ ভূটানৰ পৰ্ব্বত অঞ্চলত পোৱা যায় ৩৪৷এই প্ৰাণীবিধৰ দৈহিক গঠন তথা বিস্তৃতি সম্পৰ্কে গী (Gee,১৯৫৬) আৰু খাজুৰীয়া (Khajuria,১৯৫৬, ১৯৬২) ই প্ৰথম বৈজ্ঞানিক তথ্য আগবঢ়ায়৷ এই প্ৰাণীবিধক ভাৰতীয় বন্যপ্ৰাণী আইন (১৯৭২) অনুসৰি সৰ্বোচ্চ প্ৰতিৰক্ষা আগবঢ়োৱা হৈছে৷ এই আইনত সোণালী বান্দৰক প্ৰথম অনুসূচীৰ (Schedule I) প্ৰাণী বুলি স্বীকৃতি দিয়া হৈছে আৰু ইয়াৰ দ্বাৰাই এই জন্তুবিধৰ হত্যা, চিকাৰ বা পোহনীয়া কৰি ৰখাটো নিষিদ্ধ কৰা হৈছে৷
শ্ৰেণীবিভাজন
সোণালী বান্দৰৰ দুটা উপ-প্ৰজাতি পোৱা যায়:-
- Trachypithecus geei geei
- Trachypithecus geei bhutanensis
বিৱৰণ

সোণালী বান্দৰৰ দেহৰ বৰণ সোণালী, মুখখন ক’লা আৰু নেজডাল যথেষ্ট দীঘ৷ সোণালী বান্দৰে সাধাৰণতে ওখ গছত বাস কৰে বাবে দীঘল নেজ ডালে দেহৰ ভাৰসাম্য ৰখাতো সহায় কৰে৷ দেহৰ দৈৰ্ঘ্য ৫০-৬০ ছে: মি: আৰু ওজন-৯.৫-১১ কি:গ্ৰা:৷ সোণালী বান্দৰ এবিধ তৃণভোজী প্ৰাণী,প্ৰধানত: ফল-মূল, গছৰ পাত, গুটি আৰু ফুল খাদ্য ইচাপে গ্ৰহণ কৰে ৷
বিস্তৃতি

সোণালী বান্দৰৰ বিস্তৃত তেনেই সীমিত৷ ভাৰতবৰ্ষত দক্ষিণে ব্ৰহ্মপুত্ৰ নদ, পূবত মানস নদী, পশ্চিমে সোণকোষ নদী আৰু উত্তৰে ভূটানৰ ক’লা পাহাৰ পৰ্য্যন্ত এই প্ৰাণী বিধৰ বিচৰণস্হলী ৪ ৫৷
আচৰণ
ই সাধাৰণতে ৮-৫০ টা প্ৰাণীৰ দলত বাস কৰে৷ একোটা দলত সাধাৰণতে এটা বা দুটা মতা প্ৰাণী থাকে৬৷ এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে৷
স্থিতি তথা সংৰক্ষণ
সোণালী বান্দৰ এবিধ বিলুপ্তপ্ৰায় (endangered) প্ৰাণী ৷ ২০০১ চনৰ এটা অধ্যয়ন অনুসৰি ভাৰতবৰ্ষত ইয়াৰ সংখ্যা প্ৰায় ১০৬৪ টা ৷ ইয়াৰে ৬০% ই পূৰ্ণবয়স্ক প্ৰাণী বুলি তথ্য পোৱা গৈছে ৪ ৭৷
বাহ্যিক সংযোগ
- ARKive - images and movies of the golden langur (Trachypithecus geei)
- The Primata:Golden Langur (Trachypithecus geei)
- Golden Langur photo gallery
- Watch more golden langur (Trachypithecus geei) video clips from the BBC archive on Wildlife Finder
তথ্যসূত্ৰ
- ↑ Choudhury, A.U. (1988). Priority ratings for conservation of Indian primates. Oryx 22: 89-94
- ↑ Choudhury, A.U. (1988). Conservation in Manas Tiger Reserve. Tigerpaper 15(2): 23-27
- ↑ Choudhury, A.U. (1990). Primates in Bhutan. Oryx 24: 125
- ↑ Srivastava, A.; Biswas, J.; Das, J. (2001). Status and Distribution of Golden Langurs (Trachypithecus geei) in Assam, India. American Journal of Primatology. পৃ. 15–23
- ↑ Wangchuk, Tashi; Inouye, David W.; Hare, Matthew P. (2008). The Emergence of an Endangered Species: Evolution and Phylogeny of the Trachypithecus geei of Bhutan. International Journal of Primatology. পৃ. 565–582
- ↑ Biswas, J. 2002. Home range shifting of free ranging golden langur: Trachypithecus geei (Khajuria, 1956). (abstract) XIXth Congress of the International Primatological Society. Beijing, China
- ↑ Rekha Medhi, Dilip Chetry, P. C. Bhattacharjee and B. N. Patiri. (2004). Status of Trachypithecus geei in a Rubber Plantation in Western Assam, India. International Journal of Primatology. পৃ. 1331–1337
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণালী বান্দৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৩৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।