অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দক্ষিণ ত্ৰিপুৰা জিলা

দক্ষিণ ত্ৰিপুৰা জিলা উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ এখন জিলা। এই জিলা ১৯৭০ চনত প্ৰতিষ্ঠা কৰা হৈছিল। জিলাখনৰ মাটিকালি ২১৫২ বৰ্গ কিলোমিটাৰ। জিলাখনৰ সদৰঠাই বেল’নিয়াত অৱস্থিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰ এক হিন্দু মন্দিৰ]]

দক্ষিণ ত্ৰিপুৰা জিলা উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ এখন জিলা। এই জিলা ১৯৭০ চনত প্ৰতিষ্ঠা কৰা হৈছিল। জিলাখনৰ মাটিকালি ২১৫২ বৰ্গ কিলোমিটাৰ। জিলাখনৰ সদৰঠাই বেল’নিয়াত অৱস্থিত।

ইতিহাস

দক্ষিণ ত্ৰিপুৰা জিলাখন ১৯৭০ চনৰ ১ ছেপ্টেম্বৰত সৃষ্টি কৰা হৈছিল।

ভৌগোলিক অৱস্থান

এই জিলাৰ মুঠ মাটিকালি ২১৫২ বৰ্গ কিলোমিটাৰ। জিলাখন সাগৰ পৃষ্ঠৰ পৰা গড়ে ২৬ মিটাৰ উচ্চতাত অৱস্থিত। দক্ষিণ ত্ৰিপুৰা জিলাৰ সদৰ ঠাই বেল’নিয়া নগৰ।

প্ৰশাসনিক বিভাগ

দক্ষিণ ত্ৰিপুৰা জিলাৰ তিনিটা মহকুমা আছে- বেল’নিয়া, চাবৰুম (Sabroom) আৰু শান্তিৰবাজাৰ (Santirbazar)।

এই জিলা পশ্চিম ত্ৰিপুৰা আৰু পূব ত্ৰিপুৰা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি দক্ষিণ ত্ৰিপুৰা জিলাৰ জনসংখ্যা ৮৭৫,১৪৪ জন।১ জনসংখ্যাৰ ফলাৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৪৭১ তম।১ এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৮৬ জন।১ ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৪.০৩%।১ দক্ষিণ ত্ৰিপুৰা জিলাৰ প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫৭ গৰাকী।১ জিলাখনত সাক্ষৰতাৰ হাৰ ৮৫.৪১%।১

জৈৱবৈচিত্ৰ্য

১৯৮৭ চনত দক্ষিণ ত্ৰিপুৰা জিলাৰ ১৯৫ বৰ্গ কিলোমিটাৰ লৈ তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য সৃষ্টি কৰা হয়।২ তদুপৰি এই জিলাত ১৯৮৮ চনত ৩৯০ বৰ্গ কিলোমিটাৰ জুৰি গোমটি বন্যপ্ৰাণী অভয়াৰণ্য নামেৰে দ্বিতীয়খন সংৰক্ষিত বনাঞ্চল প্ৰতিষ্ঠা কৰা হয়।২

তথ্যসূত্ৰ

  1. ↑ (2011). District Census 2011. Census2011.co.in
  2. ↑ Indian Ministry of Forests and Environment. Protected areas: Tripura

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ ত্ৰিপুৰা জিলা” প্ৰবন্ধৰ সংশোধন ৩৮১৩১২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।