এক্সট্ৰেক্চন (Extraction; ) হ'ল ২০২০ চনৰ এখন আমেৰিকান একশ্যন-থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখন শ্ব্যাম হাৰগ্ৰাভৰ দ্বাৰা পৰিচালিত আৰু এণ্ড পাৰ্কছ, জো ৰুছো, এণ্টনি ৰুছো, ফাৰ্নান্দো লেওন গনজালেজ আৰু ৰিক স্কিলমেনৰ গ্ৰাফিক উপন্যাসৰ আধাৰত জো ৰুছোৰ দ্বাৰা ৰচিত। চলচ্চিত্ৰখনত ক্ৰিছ হেমছৱৰ্থ, ৰুদ্ৰাক্ষ জয়ছৱাল, ৰণদীপ হুদা, গোলছিফতেহ ফাৰাহানী, পংকজ ত্ৰিপাঠী, প্ৰিয়ংশু পেনিউলি আৰু ডেভিড হাৰবাৰে অভিনয় কৰিছে। ছবিখন প্ৰায় ৬৫ মিলিয়ন ডলাৰ বাজেটত নিৰ্মাণ কৰা হৈছিল।১
চলচ্চিত্ৰখন নেটফ্লিক্সত, ২০২০ চনৰ ২৪ এপ্ৰিলত প্ৰকাশিত হৈছিল। ই সমালোচকসকলৰ পৰা মিশ্ৰ পৰ্যালোচনা পাইছিল, সমালোচকসকলে হেমছৱাৰ্থ, হুডা আৰু ষ্টাণ্টৰ কামৰ প্ৰশংসা কৰিছে কিন্তু দুৰ্বল কাহিনী আৰু অত্যধিক হিংসাত্মক দৃশ্যৰ কাৰণে দুখ প্ৰকাশ কৰিছে।২৩
কাহিনী
এজন ভাৰতীয় ব্যৱসায়ীৰ পুতেকক অপহৰণ কৰি বাংলাদেশৰ ঢাকাত আটক কৰি ৰখা হয়। তাক উদ্ধাৰ কৰিবলৈ এজন ভাড়াৰ সেনাক নিয়োগ কৰা হয়। পিছত ল'ৰাটোক উদ্ধাৰ কৰিবলৈ চলি থাকে এটাৰ পাছত এটা অভিযান।
অভিনয়ত
- ক্ৰিছ হেমছৱৰ্থ - টাইলাৰ ৰেক, ভাড়াত কাম কৰা এজন প্ৰাক্তন এছএএছআৰ।
- ৰবীন্দ্ৰ জয়ছৱাল - অভি মহাজন জুনিয়ৰ, ভাৰতীয় অপৰাধীৰ অধিপতি অভি মহাজন ছিনিয়ৰৰ পুতেক।
- ৰণদীপ হুদা - ছাজু, এজন প্ৰাক্তন প্যাৰা (বিশেষ বাহিনী) পৰিচালক আৰু অভি মহাজন ছিনিয়ৰৰ দক্ষিণহস্ত।
- প্ৰিয়ংশু পেনিউলি - আমিৰ আছিফ, অভিক অপহৰণকাৰী বাংলাদেশী অপৰাধীৰ অধিপতি।
- গোলছিফতেহ ফাৰাহানি - নিক খান, ৰেকৰ ভাড়াৰ মানুহ আৰু অংশীদাৰ।
- পংকজ ত্ৰিপাঠী - অভি মহাজন ছিনিয়ৰ, এজন ভাৰতীয় অপৰাধী অধিপতি আৰু অভিৰ পিতা।
- সুৰাজ ৰিকাম - ফৰহাদ, এজন সৰু লৰা যি আমিৰৰ দক্ষিণহস্তত পৰিণত হয়।
- ডেভিড হাৰবাৰ - গেস্পাৰ, ঢাকাত বসবাসকাৰা টাইলাৰৰ সতীৰ্থ।
- আডাম বেছা - ইয়াজ খান।
- শতাফ ফিগাৰ -আমিৰৰ হৈ কাম কৰা বাংলাদেশী অভিজাত বাহিনীৰ কৰ্নেল।
- নেহা মহাজন - নিছা, ছাজুৰ পত্নী।
- শ্ব্যাম হাৰগ্ৰাভ - গীতান।
তথ্যসূত্ৰ
- ↑ Kit, Borys. (April 24, 2020). Year After Record 'Avengers: Endgame' B.O. Launch, AGBO's Joe & Anthony Russo Open 'Extraction' On Netflix. Deadline Hollywood
- ↑ Extraction (2020) Reviews. Metacritic
- ↑ Extraction (2020). Rotten Tomatoes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এক্সট্ৰেক্চন (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৬৯০৮৯ (১৮ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।