আমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচ্চিত্ৰ
১২ প্ৰবন্ধ
-
লাইফ অৱ পাই (চলচ্চিত্ৰ)
লাইফ অৱ পাই (Life of Pi) ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান ত্ৰিমাত্ৰিক কম্পিউটাৰ এনিমেটেড ৰোমাঞ্চক চলচ্চিত্ৰ। ২০০১ চনত প্ৰকাশিত য়ান মাৰ্টেলৰ লাইফ অৱ পাই নামৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি পৰিচালক আং লীয়ে চলচ্চিত্ৰখন নিৰ্মাণ কৰে।
-
এক্সট্ৰেক্চন (চলচ্চিত্ৰ)
এক্সট্ৰেক্চন (Extraction; ) হ'ল ২০২০ চনৰ এখন আমেৰিকান একশ্যন-থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখন শ্ব্যাম হাৰগ্ৰাভৰ দ্বাৰা পৰিচালিত আৰু এণ্ড পাৰ্কছ, জো ৰুছো, এণ্টনি ৰুছো, ফাৰ্নান্দো লেওন গনজালেজ আৰু ৰিক স্কিলমেনৰ গ্ৰাফিক উপন্যাসৰ আধাৰত জো ৰুছোৰ দ্বাৰা ৰচিত।
-
ক্লেশ্ব অফ দ্য টাইটানছ (২০১০ চলচ্চিত্ৰ)
ক্লেশ্ব অফ দ্য টাইটানছ ২০১০ চনৰ এখন ফেণ্টাছী এডভেঞ্চাৰ চলচ্চিত্ৰ যি ১৯৮১ চনৰ একে নামৰ চলচ্চিত্ৰৰ এক পুনৰ্নিৰ্মাণ (যাৰ স্বত্ব ১৯৯৬ চনত ৱাৰ্ণাৰ ব্ৰাদাৰ্ছে ক্ৰয় কৰে)। ইয়াৰ কাহিনীভাগ উপৰুৱাকৈ গ্ৰীক কিংবন্তিৰ পাৰ্চিয়াছৰ ওপৰত আধাৰিত।
-
গ্ৰে'ভিটী (২০১৩ বৰ্ষৰ চলচ্চিত্ৰ)
গ্ৰেভিটী (Gravity) ২০১৩ চনত মুক্তিপ্ৰাপ্ত কল্প-বিজ্ঞান কাহিনীৰ ওপৰত আধাৰিত আৰু মহাকাশত সংঘটিত কাহিনীৰে নিৰ্মিত এখন ত্ৰিমাত্ৰিক (3D) শিহৰণকাৰী চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা, সহ-প্ৰযোজনা আৰু সহ-সম্পাদনা Alfonso Cuarón-ৰ।
-
দ্য গডফাদাৰ (চলচ্চিত্ৰ)
১৯৬৯ চনত পুজ’ৰ একে নামৰ বহুপঠিত উপন্যাসখনৰ আধাৰত মাৰিঅ’ পুজ’ৰ সৈতে সহযোগীভাৱে চিত্ৰনাট্য লিখা ফ্ৰান্সিছ ফৰ্ড কপ’লাই পৰিচালনা কৰা ১৯৭২ চনত নিৰ্মিত এখন আমেৰিকান অপৰাধমূলক কাহিনীৰ ছবি— দ্য গডফাদাৰ।
-
ৰেথ অফ দ্য টাইটানছ
ৰেথ অফ দ্য টাইটানছ ২০১২ চনৰ এখন আমেৰিকান-স্পেনিছ ফেণ্টাছী চলচ্চিত্ৰ আৰু ই ২০১০ চনৰ চলচ্চিত্ৰ ক্লেশ্ব অফ দ্য টাইটানছৰ ছিকুৱেল। ছবিখনত ছেম ৱৰ্ডিংটন, ৰজেমাণ্ড পাইক, বিল নায়ি, এডগাৰ ৰেমিৰেজ, টবি কেবেল, ডেনৈ হাষ্টন, ৰালফ ফিয়েনছ আৰু লায়াম নিছনে তাৰকা হিচাপে অভিনয় কৰিছে।
-
এক্স-মেন চলচ্চিত্ৰ শৃংখলা
এক্স-মেন চলচ্চিত্ৰ শৃংখলা হৈছে মাৰ্ভেল কমিক্চৰ আধাৰত নিৰ্মাণ কৰা কেইখনমান ছুপাৰহিৰো চলচ্চিত্ৰৰ সমষ্টি। এই চলচ্চিত্ৰকেইখনে ৱলভেৰিন (হিউগ জেকমেন), অধ্যাপক জেভিয়াৰ (পেট্ৰিক ষ্টুৱাৰ্ট আৰু জেমছ মেকাভয়) আৰু মেগনিটকে (ইয়ান মেককেলেন আৰু মাইকেল ফাছবেণ্ডাৰ) প্ৰমুখ্য কৰি এটা সমূহীয়া গোটক চিত্ৰিত কৰা হৈছে।
-
জুৰাছিক পাৰ্ক (চলচ্চিত্ৰ)
জুৰাছিক পাৰ্ক (Jurassic Park) হৈছে ১৯৯৩ চনত ক্ৰাইটনৰ ১৯৯০ চনৰ উপন্যাসৰ আধাৰত নিৰ্মিত ষ্টিভেন স্পিলবাৰ্গৰ দ্বাৰা পৰিচালিত আৰু মাইকেল ক্ৰাইটন আৰু ডেভিদ ক’পে লিখা এখন আমেৰিকান কল্পবিজ্ঞানধৰ্মী থ্ৰিলাৰ ছবি।
-
টিংকাৰ বেল (চলচ্চিত্ৰ)
টিংকাৰ বেল (Tinker Bell) হ'ল ২০০৮ চনত ডিজনী টুন ষ্টুডিঅ'ৰ দ্বাৰা ডিজনী পৰীৰ ওপৰত নিৰ্মাণ কৰা এক এনিমেটেড চলচ্চিত্ৰ। জে.এম.বেৰীৰ পিটাৰ পেন নাটত আবিৰ্ভাৱ হোৱা আৰু ডিজনী চলচ্চিত্ৰ পিটাৰ পেন (১৯৫৩) আৰু ৰিটাৰ্ণ টু নেভাৰলেণ্ড (২০০২)ত ভূমুকি মৰা টিংকাৰ বেল নামৰ পৰীজনী ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰ।
-
দ্য জেনেৰেল (১৯২৬ চলচ্চিত্ৰ)
দ্য জেনেৰেল (The General) হৈছে ১৯২৬ চনত ইউনাইটেড আৰ্টিষ্টে মুক্তি দিয়া এখন আমেৰিকান নিৰ্বাক চলচ্চিত্ৰ। আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত সংঘটিত হোৱা এটা সত্য কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ ছবিখন নিৰ্মাণ কৰা হৈছিল।
-
মেটেৰিয়েলিষ্টছ (চলচ্চিত্ৰ)
মেটেৰিয়েলিষ্টছ (Materialists) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, চেলিন ছঙৰ দ্বাৰা ৰচিত তথা পৰিচালিত, এখন আমেৰিকীয় প্ৰণয়ধৰ্মী চলচ্চিত্ৰ। ছবিখনত ডাকোটা জনছন, ক্ৰিছ ইভান্স, জো উইণ্টাৰছ, মেৰিন আয়াৰলেণ্ড, লুইছা জেকবছন আৰু পেড্ৰʼ পাস্কেলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
ৰিঅ' (চলচ্চিত্ৰ)
ৰিঅ’ (ইংৰাজী: Rio) হৈছে ২০১১ চনৰ এখন সংগীতধৰ্মী হাস্যমধুৰ আমেৰিকান ত্ৰিবিমীয় এনিমেটেড এডভেঞ্চাৰ চলচ্চিত্ৰ। ইয়াক ৰিঅ’: দ্য মুভি বা দ্য ৰিঅ’ মুভি হিচাপেও জনা যায়। ব্লু স্কাই ষ্টুডিঅ'জে নিৰ্মাণ কৰা ৰিঅ’ৰ পৰিচালক কাৰ্ল'ছ ছালডেনহা।