১৯৮৯ বৰ্ষৰ চলচ্চিত্ৰ
৭ প্ৰবন্ধ
-
কোলাহল (চলচ্চিত্ৰ)
কোলাহল (The Turmoil) হৈছে ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। শইকীয়াই ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ৰুণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভূ ৰঞ্জন চৌধুৰী আদিয়ে।
-
বাঘ বাহাদুৰ
বাঘ বাহাদুৰ ( Bagh Bahadur ) প্ৰফুল্ল ৰায়ৰ চুটিগল্পৰ আধাৰত নিৰ্মিত ১৯৮৯ চনৰ এখন হিন্দী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। পৰিচালনা আৰু চিত্ৰনাট্ বুদ্ধদেৱ দাসগুপ্তৰ।
-
তবাৰানা কাথে
তবাৰানা কাথে (Tabarana Kathe; অৰ্থ: তবাৰানাৰ কথা) ১৯৮৭ চনত মুক্তি পোৱা, গিৰীশ কাছাৰৱল্লী পৰিচালিত কানাড়া ভাষাৰ এখন চলচ্চিত্ৰ। পূৰ্ণচন্দ্ৰ তেজস্বীৰ একে নামৰ চুটিগল্পৰ আধাৰত ছবিখনখনৰ কাহিনী ৰচনা কৰা হৈছিল।
-
পিৰাভি
পিৰাভি (Piravi; অৰ্থ: জন্ম) ) ১৯৮৯ চনৰ মালয়ালম ভাষাৰ শ্বাজী এন কৰুণৰ পৰিচালিত এখন নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে প্ৰেমজী, অৰ্চনা আৰু লক্ষ্মী কৃষ্ণমূৰ্তিয়ে। ১৯৭৬ চনৰ ভাৰতৰ জৰুৰীকালীন সময়ছোৱাত কালিকটৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, অধ্যাপক টি.ভি.
-
পৰশুৰামেৰ কুঠাৰ
পৰশুৰামেৰ কুঠাৰ (Parshuramer Kuthar) নব্যেন্দু চেটাৰ্জীৰ ১৯৮৯ চনৰ এখন বঙালী ছবি। মুখ্য অভিনেত্ৰী শ্ৰীলেখা মুখাৰ্জীয়ে এইখন ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। পৰশুৰামেৰ কুঠাৰৰ গল্পটো লিখিছে লেখক সুবোধ ঘোষে।
-
সতী (চলচ্চিত্ৰ)
সতী ( Sati ) হৈছে ১৯৮৯ চনত মুক্তি পোৱা অপৰ্ণা সেনৰ ৰচনা আৰু পৰিচালনাৰ এখন ভাৰতীয় বাংলা ছবি। কমল কুমাৰ মজুমদাৰৰ কাহিনীৰ আধাৰত সতী নিৰ্মাণ কৰা হৈছে। ছবিখন এগৰাকী বোবা অনাথ ছোৱালীৰ বিষয়ে। তেওঁৰ কোষ্ঠীৰ পৰা অনুমান হয় যে তেওঁ সতী হ'ব আৰু তেওঁৰ স্বামীৰ মৃত্যু হ'ব।
-
ৰুদ্ৰ (চলচ্চিত্ৰ)
ৰুদ্ৰ (Rudra) হʼল ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় কন্নড় ভাষাৰ এখন একচনধৰ্মী চলচ্চিত্ৰ। ছবিখন পৰিচালক কে. এছ. আৰ. দাসে ৰচনা তথা পৰিচালনা কৰিছিল। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা বিষ্ণুবৰ্ধন আৰু অভিনেত্ৰী খুছবু সুন্দৰে আৰু পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল বজ্ৰমুনি, কে. এছ. অশ্বথ এবং লোহিতাস্বই।