অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কে বালচন্দৰ

কৈলাসম বালচন্দৰ (Kailasam Balachandar; ৯ জুলাই ১৯৩০- ২৩ ডিচেম্বৰ ২০১৪ ) এজন ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু অভিনেতা, যি মূলতঃ তামিল চলচ্চিত্ৰৰ সৈতে জড়িত আছিল।

হালনাগাদ: ৮ নৱেম্বৰ ২০২৪ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কৈলাসম বালচন্দৰ (Kailasam Balachandar; ৯ জুলাই ১৯৩০- ২৩ ডিচেম্বৰ ২০১৪ ) এজন ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু অভিনেতা, যি মূলতঃ তামিল চলচ্চিত্ৰৰ সৈতে জড়িত আছিল। সুকীয়া চলচ্চিত্ৰ নিৰ্মাণ শৈলীৰ বাবে তেওঁ সুপৰিচিত আছিল আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগে তেওঁক অগতানুগতিক বিষয়বস্তু আৰু কঠোৰ সমসাময়িক বিষয়বস্তুৰ গুৰু হিচাপে চিনি পাইছিল। বালচন্দৰৰ ছবিসমূহত নাৰীক সাহসী ব্যক্তিত্ব আৰু কেন্দ্ৰীয় চৰিত্ৰ হিচাপে চিত্ৰিত কৰাৰ বাবে সুপৰিচিত। জনপ্ৰিয়ভাৱে তেওঁক ইয়াক্কুনাৰ ছিগাৰম (সাক্ষৰিক অৰ্থত "সৰ্বোচ্চ পৰিচালক") বুলি জনাজাত,১২ বালচন্দৰৰ ছবিসমূহ সাধাৰণতে অস্বাভাৱিক বা জটিল আন্তঃব্যক্তিগত সম্পৰ্ক আৰু সামাজিক বিষয়বস্তুৰ ওপৰত কেন্দ্ৰিভূত। ১৯৬৪ চনত চিত্ৰনাট্যকাৰ হিচাপে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰি নীৰকুমিঝি (১৯৬৫) ছবিৰে পৰিচালনাত হাত দিয়ে।

৫০ বছৰীয়া কৰ্মজীৱনত তেওঁ চিত্ৰনাট্যকাৰ বা পৰিচালক হিচাপে প্ৰায় ১০০খন পূৰ্ণদৈৰ্ঘ্য ছবিত অৰিহণা যোগাইছিল আৰু দেশৰ অন্যতম উৎপাদনশীল চলচ্চিত্ৰ নিৰ্মাতা হিচাপে পৰিগণিত হৈছিল।৩ সহযোগীসকলৰ মাজত জটিল কামৰ গুৰু (tough task master) হিচাপে পৰিচিত৪ বালচন্দৰে অসংখ্য অভিনেতাৰ, বিশেষকৈ, যেনে নাগেশ, সুজাতা, কামাল হাচান, ৰজনীকান্ত, চিৰঞ্জীৱী, জয়াপ্ৰদা, শ্ৰীদেৱী, জয়াসুধা, সৰিতা, ৰেণুকা, নাছাৰ, প্ৰকাশ ৰাজ, ৰমেশ অৰবিন্দ আৰু বিবেকক সৃষ্টি কৰাৰ কৃতিত্ব লাভ কৰিছিল।

চলচ্চিত্ৰ জীৱনত বালচন্দৰে ৯টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১১টা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ৫টা নন্দী বঁটা আৰু ১৩টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তাৰোপৰি তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী (১৯৮৭) আৰু ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত হয়।

তেওঁ নিজৰে কবিতালয়া প্ৰডাকচনৰ অধীনতো ছবি নিৰ্মাণ কৰিছে। তামিলৰ বাহিৰেও তেওঁ তেলেগু, কানাড়া আৰু হিন্দী আদি অন্যান্য ভাষাত ছবি নিৰ্মাণ কৰিছে। কৰ্মজীৱনৰ শেষৰ ফালে তেওঁ কেইখনমান টিভি ধাৰাবাহিক পৰিচালনা কৰাৰ উপৰিও কেইখনমান ছবি অভিনয়ো কৰিছিল।

বঁটা আৰু সন্মান

অসামৰিক সন্মান

  • ১৯৮৭: পদ্মশ্ৰী

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • ১৯৬৯: শ্ৰেষ্ঠ তামিল পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ- ইৰু কডুগাল
  • ১৯৭৫: শ্ৰেষ্ঠ তামিল পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ- অপূৰ্ব ৰাগংগল
  • ১৯৮১: শ্ৰেষ্ঠ তামিল পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ- থানিৰ থানিৰ
  • ১৯৮১: শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ- থানিৰ থানিৰ
  • ১৯৮৪: শ্ৰেষ্ঠ তামিল পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ- আশামিলাই আশামিলাই
  • ১৯৮৮: ৰাষ্ট্ৰীয় সংহতি বিষয়ক শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে নাৰ্গিছ দত্ত বঁটা- ৰুদ্ৰবীণা
  • ১৯৯১: অন্যান্য সামাজিক বিষয়ক শ্ৰেষ্ঠ ছবি- অৰু বিদু অৰু বিশাল
  • ১৯৯২: ৰাষ্ট্ৰীয় সংহতি বিষয়ক শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে নাৰ্গিছ দত্ত বঁটা- ৰোজা
  • ২০১০: দাদা চাহেব ফাল্কে বঁটা

ফিল্মফেয়াৰ বঁটা

  • ১৯৮১: শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ- এক দুজে কে লিয়ে৫

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Srinivasan, Pavithra. (2 May 2011). The Very Best of K Balachander. Rediff.com
  2. ↑ Ramachandran 2012
  3. ↑ S. Srinivasan. (11 July 2011). K. Balachander: The Middle-Class Maestro
  4. ↑ Warrier, Shobha. (13 May 2000). I hated every minute of it. Rediff.com
  5. ↑ Filmfare Award - 1981. বলিউড হাংগামা

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকতেলুগু ভাষাৰ চলচ্চিত্ৰ পৰিচালকচিত্ৰনাট্য লেখকদাদাচাহেব ফাল্কে বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীনাট্যকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে বালচন্দৰ” প্ৰবন্ধৰ সংশোধন ৪৪৩৪৬০ (৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।