টাগিন জনগোষ্ঠী ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশৰ টানি জাতিৰ অন্যতম প্ৰধান জনজাতি। উত্তৰ-পূব ভাৰতৰ টাগিনসকলক এটা বৃহত্তম জনগোষ্ঠীক বুজায়। টাগিনসকল আবুতানী (আবু - 'পিতৃ', তানী - 'পূৰ্বপুৰুষৰ নাম') বৃহত্তৰ পদবীৰ সদস্য। টাগিনলোকসকলৰ বেছিভাগে ডনি প'ল ধৰ্মৰ অনুগামী। কিছুসংখ্যক টাগিন লোক খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰা দেখা যায়।
বিতৰণ
টাগিনসকল আপাৰ সোৱণশিৰি জিলাৰ প্ৰধান জনগোষ্ঠী।১তেওঁলোক বিশেষকৈ অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং, পাপুম পৰে আৰু কাষৰীয়া জিলাসমূহত লগতে অৰুণাচল প্ৰদেশৰ কাষৰীয়া তিব্বতৰ কিছু অঞ্চলতো বিয়পি থকা দেখা যায়।
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত ৬২,৯৩১জন টাগিন লোক আছে। চীন অধীনস্থ তিব্বতত কেইহাজাৰমান টাগিন লোক থকাৰ সম্ভাৱনা আছে। তাগিনসকলৰ মাজত ডুচোক, মোছিং-মোছু, তামিন (নাকাম, নায়াম, নেভা, নেগিয়া নুটিক, মিণ্ডি (নাচি আৰু নালো) আৰু জাপো), লেয়ু, ৰেৰি, নাটাম-গ্যাদু (বাগাং), নাহ, গ্যামা, তাচে-তাগিয়া, তাছি, দুই, টপো, টানি-টাটৰ, চেৰম-চেৰা, বুনিং, হেচে, কোডাক-কোনিয়া, নালো, পম্বু, বাগাং (নাচো, নাজী, চিংমিং আদি), আইয়েং (পায়েং), পাজি, গামছিং, কোজুম আবু আদি।
ভাষা
টাগিন মানুহসকলে নিজৰ স্থানীয় উপভাষা বাংনি-তাগিন কয়। যদিও ইহঁতৰ মাজত সুৰৰ ভিন্নতা আছে কিন্তু এই ভিন্নতাই ইজনে সিজনক বুজিবলৈ কোনো বাধাৰ সৃষ্টি নকৰে।
ধৰ্ম
টাগিন লোকসকল পৰম্পৰাগত মূলতঃ চি-ডনিক ধৰ্ম হিচাপে অনুসৰণ কৰা হৈছিল। চি-ডনিক উৎপত্তি চি (পৃথিৱী), আৰু ডনি (সূৰ্য্য)ৰ পৰা হৈছে। যিয়ে আধ্যাত্মিক দেৱতাৰ ৰূপত জীৱবাদ আৰু আচাৰ-ব্যৱহাৰমূলক প্ৰকৃতিৰ পূজা অনুসৰণ কৰে য’ত বেদীত বিশেষ ধৰণৰ জীৱ-জন্তু বা কুকুৰা বলি দিয়া হয়। বাঁহ আৰু কাঠৰ পাতৰ পৰা তৈয়াৰী যোগ-যোগিং কৰা হয়। এইবোৰ বিশেষ পাত বা লতা ভৰ্তি আকৃতিৰ থাকে। তেওঁলোকৰ আত্মাবোৰে খং নকৰে আৰু নিজৰ দয়ালু ৰূপত ৰাখে। জন্মগতভাৱে নিজৰ শক্তিৰে জন্ম লোৱা পুৰোহিত বা নিবু (শ্বেমান)সকলেই আন জগতৰ মাজত যোগাযোগ আৰু আলোচনা কৰে। তেওঁলোকৰ মাজৰ এই জগতৰ পৰা আন জগতলৈ দূত থাকে।
উৎসৱ
টাগিনসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ হ'ল চি-ডনি উৎসৱ। য'ত পৃথিৱীৰ দেৱতা(চি) আৰু সূৰ্য্যৰ দেৱী(ডনি) ভগৱান হিচাপে মনি পূজা কৰা হয়।২প্ৰতি বছৰে ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ ছি-ডনি উৎসৱ উদযাপন কৰা হয়। ইয়াক আগন্তুক নতুন বছৰৰ সৈতে মানৱ জাতিৰ মংগলৰ বাবে উদযাপন কৰা হয়। এই অনুষ্ঠানসমূহত নিবু(স্থানীয় পুৰোহিতে) সভাপতিত্ব আৰু উউয়ু বেনাম (আকাশী গীত) জপ কৰি অনুষ্ঠান সম্পাদন কৰে। সমাজৰ সামগ্ৰিক শান্তি আৰু সমৃদ্ধিৰ বাবে দেৱ-দেৱীৰ আগত মিথুন বলিদান দিয়া হয়।
সংস্থাসমূহ
টাগিন কালচাৰেল ছ’চাইটি (টিচিএছ) আৰু টাগিন ৱেলফেয়াৰ ছ’চাইটি (টিডব্লিউএছ) জনজাতিটোৰ মূল অভিভাৱক সংগঠন। ইয়াৰ উপৰিও অল টাগিন ষ্টুডেণ্টছ ইউনিয়ন(ATSU) আৰু অল টাগিন যুথ অৰ্গেনাইছন(ATYO) নামৰ যুৱ/ছাত্ৰ গোট আছে। টি ডব্লিউ এছ বা টি চি এছৰ বহুতো উপগোটও আছে যিবোৰে ৰাজ্যখনৰ ভৱিষ্যত গঢ় দিয়াত সহায় কৰি আহিছে।
তথ্যসূত্ৰ
- ↑ (2011). Upper Subansiri District Census Handbook, Part A. Directorate of Census Operations, Arunachal Pradesh. পৃ. 27
- ↑ Mahendra Naran Karna. (1998). Social Movements in North-East India. Indus Publishing. পৃ. 64. ISBN 81-212-0334-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাগিন জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৪৭৭৯১২ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।