জনগোষ্ঠী
১৭ প্ৰবন্ধ
-
টাগিন জনগোষ্ঠী
টাগিন জনগোষ্ঠী ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশৰ টানি জাতিৰ অন্যতম প্ৰধান জনজাতি। উত্তৰ-পূব ভাৰতৰ টাগিনসকলক এটা বৃহত্তম জনগোষ্ঠীক বুজায়। টাগিনসকল আবুতানী (আবু - 'পিতৃ', তানী - 'পূৰ্বপুৰুষৰ নাম') বৃহত্তৰ পদবীৰ সদস্য। টাগিনলোকসকলৰ বেছিভাগে ডনি প'ল ধৰ্মৰ অনুগামী।
-
বিশ্বকৰ্মা সম্প্ৰদায়
বিশ্বকৰ্মা সম্প্ৰদায় ভাৰতৰ এক সামাজিক গোট, কেতিয়াবা জাতি বুলিও কোৱা কৰা হয়। তেওঁলোকে নিজকে ব্ৰাহ্মণ বা জাতি স্তৰত উচ্চ মৰ্যাদাৰ বুলি দাবী কৰে যদিও এই দাবীসমূহ তেওঁলোকৰ সমাজৰ বাহিৰত সাধাৰণতে গ্ৰহণ কৰা নহয়।
-
সুথাৰ
সুথাৰ প্ৰধানকৈ ভাৰত আৰু পাকিস্তানত বাস কৰা বিশ্বকৰ্মা সম্প্ৰদায়ৰ ভিতৰুৱা এটা সম্প্ৰদায়। ইয়াৰ পৰম্পৰাগত বৃত্তি বেছিভাগেই কাঠমিস্ত্ৰী। গুজৰাট আৰু ৰাজস্থানত প্ৰধানকৈ পোৱা সুথাৰ সম্প্ৰদায়ত বিভিন্ন জাতিৰ মিশ্ৰণ হৈছে।
-
সূত্ৰধৰ
ভাৰতৰ পশ্চিমবংগ আৰু বাংলাদেশৰ বিশ্বকৰ্মা সম্প্ৰদায়ৰ ভিতৰত সূত্ৰধৰ এটা বঙালী জাতি। তেওঁলোকৰ পৰম্পৰাগত বৃত্তি হৈছে কাঠমিস্ত্ৰী। হিন্দু সূত্ৰধৰৰ অধিকাংশই বৈষ্ণৱ পন্থাৰ অন্তৰ্গত। বিশ্বকৰ্মাক তেওঁলোকৰ পৃষ্ঠপোষক দেৱতা হিচাপে গণ্য কৰা হয়।
-
কাৰাণী বংশ
বংগাছ জিলাৰপৰা অহা কাৰ্লানি জনগোষ্ঠীৰ এজন জনগোষ্ঠীয় আফগান তাজ খান কাৰাণীয়ে ১৯৬৪ চনত প্ৰতিষ্ঠা কৰিছিল কাৰাণী বংশ। এই অঞ্চলটো মোগল সাম্ৰাজ্যৰ চুবহ হোৱাৰ আগতেই বংগৰ চুলতানত্বত শাসন কৰা শেষ বংশটোৱেই আছিল এই বংশ।
-
খাতি
খাতি বিশ্বকৰ্মা সম্প্ৰদায়ৰ এটা হিন্দু উপজাতি যি প্ৰধানকৈ উত্তৰ ভাৰতৰ ৰাজ্য ৰাজস্থান, হাৰিয়ানা, পঞ্জাব আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল-দিল্লীত বাস কৰে। খাতিৰ উপৰি তেওঁলোকক জাংগীদ, জাংগ্ৰা-ব্ৰাহ্মণ বুলিও সম্বোধন কৰা হয় আৰু ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ কেন্দ্ৰীয় তালিকাত অন্যান্য পিছপৰা শ্ৰেণীৰ…
-
পখ্টা
পখ্টা দক্ষিণ এছিয়াৰ উত্তৰ সীমান্ত অঞ্চলত বাস কৰা এটা প্ৰাচীন বৈদিক ভাৰত-আৰ্য জনগোষ্ঠী আছিল। আধুনিক পাখতুন লোকসকলৰ অন্যতম সম্ভাৱ্য পূৰ্বপুৰুষ বুলি গণ্য কৰা হয়।
-
মাংগ (জাতি)
মাংগ বা মাতংগ হৈছে ভাৰতৰ এক জাতি যাৰ মূল নিবাস মহাৰাষ্ট্ৰ ৰাজ্যত। তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকত মাতংগসকলক মাডিগা বুলি জনা যায়। এই সম্প্ৰদায়টো ঐতিহাসিকভাৱে গাঁৱৰ নিৰাপত্তা আৰু ৰছী নিৰ্মাণ, ঝাড়ু নিৰ্মাণ, সংগীতজ্ঞ, গৰু-ম'হ চামৰাৰ কাম, ধাত্ৰী, জল্লাদ আৰু শৱদাহৰ কামত জড়িত আছিল বুলি বিশ্বাস…
-
মাছাই জনগোষ্ঠী
মাছাই জনগোষ্ঠী (Maasai People) 'আফ্ৰিকাৰ গ্ৰেট লেক' অঞ্চলত অৱস্থিত কেনিয়াৰ উত্তৰ, মধ্য আৰু দক্ষিণাঞ্চলত আৰু টাঞ্জানিয়াৰ উত্তৰাঞ্চলত বসবাস কৰা এটা নিলোটিক জনগোষ্ঠী। এই জনগোষ্ঠীৰ স্থানীয় ভাষা, 'মাছাই ভাষা'টো ডিংকা, কালেনজিন আৰু নিউৰ সৈতে জডিত এটা নিলোটিক ভাষা।
-
অলিম্যান গোত্ৰ
অলিম্যান ঋষিৰ বংশধৰক অলিম্যান গোত্ৰ বুলি কোৱা হয়। অলিম্যান গোত্ৰক বহুতে আলম্যান গোত্ৰ, আলিম্মান গোত্ৰ, আলম্বায়ন গোত্ৰ বুলিও কোৱা পৰিলক্ষিত হয়।
-
অসমৰ জনগণ
অসমৰ জনগনই বহুজাতিক, বহুভাষিক আৰু বহুধৰ্মীয় সমাজত বাস কৰে। তেওঁলোকে চাৰিটা মুখ্য ভাষা গোটৰ ভাষা কয়: তিব্বত-বৰ্মীয়, ইন্দো-আৰ্য, টাই-কাদাই, আৰু অষ্ট্ৰোচিয়াটিক। বৃহৎ সংখ্যক জাতিগত আৰু ভাষিক গোট, জনসংখ্যাৰচনা ইয়াক "ক্ষুদ্ৰ ৰূপত ভাৰত" বুলি কোৱা হৈছেে।
-
আলভি
আলভি দক্ষিণ এছিয়াৰ এটা আলিদ মুছলমান সম্প্ৰদায়। ইছলামিক হজৰত মহম্মদৰ খুলশালীয়েক, সংগী আৰু জোঁৱাই আছিল চতুৰ্থ ৰছিদুন খলিফা আলী ইবনে আবি তালিবৰ বংশধৰ, তেওঁৰ পত্নীসকলৰ জৰিয়তে যিসকলক তেওঁ নবীৰ কন্যা ফাতিমা বিন্ত মুহাম্মাদ মৃত্যুৰ পাছত বিয়া কৰাইছিল।
-
কুৰ্দিছ জনগোষ্ঠী
কুৰ্দিছ জনগোষ্ঠী বা কুৰ্দ জনগোষ্ঠী হৈছে পশ্চিম এছিয়াৰ স্থানীয় ইৰাণী জনগোষ্ঠী। দক্ষিণ-পূব তুৰস্ক, উত্তৰ-পশ্চিম ইৰাণ, উত্তৰ ইৰাক আৰু উত্তৰ-পূব ছিৰিয়াত বিস্তৃত ভৌগোলিক অঞ্চল কুৰ্দিস্তানৰ স্থানীয় লোক।
-
থাংগল (জনগোষ্ঠী)
থাংগল জনগোষ্ঠী উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ সেনাপতি জিলাত বসবাস কৰা এহ তিব্বত-বৰ্মন মূলৰ জনগোষ্ঠী। তেওঁলোকে মাৰামৰ সৈতে মিল থকা থাংগল ভাষা আৰু ৰংমেই ভাষা কয়। নৃতাত্ত্বিক গ্ৰন্থ অনুসৰি তেওঁলোকে মেইটেই ভাষাক দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে। বৰ্তমান ১৩খন থাংগল গাঁও আছে।
-
পাংগাল
পাংগাল (মেইতেই: ꯄꯥꯡꯒꯜ), ইংৰাজী: Meitei Pangals) হ'ল মণিপুৰী মুছলমানসকল, যি এটি নৃতাত্ত্বিক জনগোষ্ঠী। এই জনগোষ্ঠীৰ লোকসকল প্ৰধানকৈ ভাৰতৰ মণিপুৰ, অসম, ত্ৰিপুৰা আৰু নাগালেণ্ড ৰাজ্যত আৰু বাংলাদেশৰ ছিলেট বিভাগত বসবাস কৰে। মেইতেই ভাষাত “পাংগাল” শব্দৰ অৰ্থ হৈছে “মুছলমান”।
-
লোনিয়া
লোনিয়াসকল হৈছে হিন্দু অন্য পিছপৰা জাতি। তেওঁলোকে মূলতঃ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কাষৰীয়া অঞ্চলত বসবাস কৰে। তেওঁলোক পৰম্পৰাগতভাৱে নিমখ খন্দা আৰু নিমখ নিৰ্মাণৰ কামত জড়িত আছিল। ৰাজ্য চৰকাৰে মাল্লা, বিন্দ আৰু বেলদাৰ সম্প্ৰদায়ৰ সৈতে লোনিয়াসকলক অতি পিছপৰা জাতি হিচাপে তালিকাভুক্ত কৰে।
-
শ্বোম্পেন জনগোষ্ঠী
শ্বোম্পেন বা শ্বোম পেন হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশ গ্ৰেট নিকোবাৰ দ্বীপৰ অন্তৰ্ভাগৰ খিলঞ্জীয়া লোক। শ্বোম্পেনসকলক অনুসূচিত জনজাতিৰ তালিকাৰ ভিতৰত বিশেষভাৱে দুৰ্বল জনজাতি গোট হিচাপে নিৰ্ধাৰণ কৰা হৈছে।