অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিম অংকন ডেকা

জিম অংকন ডেকা (জন্ম ১ জুন ১৯৮০) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, তথ্যচিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ আৰু বাংগালুৰু ভিত্তিক সংস্থা আৰু সংগীত বিদ্যালয় ইষ্টাৰ্ন ফেয়াৰ মিউজিক ফাউণ্ডেশ্যনৰ পৰিচালক। তেওঁ অসমৰপৰা ভাৰতৰ বাংগালুৰুত সংগীত প্ৰতিষ্ঠান আৰু প্ৰডাকচন হাউচ মুকলি কৰা প্ৰথমজন ব্যক্তি।

হালনাগাদ: ৩ ডিচেম্বৰ ২০২৫ ২১৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

জিম অংকন ডেকা (জন্ম ১ জুন ১৯৮০) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, তথ্যচিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ আৰু বাংগালুৰু ভিত্তিক সংস্থা আৰু সংগীত বিদ্যালয় ইষ্টাৰ্ন ফেয়াৰ মিউজিক ফাউণ্ডেশ্যনৰ পৰিচালক।১ তেওঁ অসমৰপৰা ভাৰতৰ বাংগালুৰুত সংগীত প্ৰতিষ্ঠান আৰু প্ৰডাকচন হাউচ মুকলি কৰা প্ৰথমজন ব্যক্তি।২ ২০১২ চনৰ দিল্লীত সংঘটিত দলবদ্ধ ধৰ্ষণৰ কাণ্ডৰ আধাৰত যৌন হিংসাৰ বিৰুদ্ধে মাত মাতি - আৱাজ গীতৰ বাবে তেওঁ একাধিক বঁটা লাভ কৰে।৩ তেওঁ লোক-সংযোজন বেণ্ড FolkAGeet ৰ ফ্ৰণ্টমেন।৪

জীৱনী

প্ৰাথমিক জীৱন আৰু শিক্ষা

ডেকাই তিনি বছৰ বয়সৰপৰাই গীটাৰ বজাবলৈ আৰম্ভ কৰে।৫ আৰম্ভণিতে তেওঁ বৰগীত আৰু খোল বাদ্যৰ শিক্ষা লৈছিল।৬

কেৰিয়াৰৰ আৰম্ভণি

ডেকাই ১৮ বছৰ বয়সতে অসমীয়া বেণ্ড প্ৰহৰৰ সৈতে প্ৰথম এলবাম প্ৰহৰ: তুমি কোৱা কথাবোৰৰ জৰিয়তে সংগীতৰ ক্ষেত্ৰখনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।৭ অসংখ্য কনচাৰ্ট, ইভেণ্ট আৰু টিভি শ্ব'ত গীটাৰিষ্ট, বেছ গীটাৰিষ্ট আৰু কিবৰ্ডিষ্ট হিচাপে কাম কৰি ডেকাই অসমৰ সংগীত জগতত নিজৰ নাম উজলাইছিল।৮৯ ২০০১ চনত ডেকাই গুৱাহাটীত লা-জিয়াজ নামৰ এটা ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰে যিটো ২০০৬ চনত বন্ধ হয়। ডেকা অসমৰ ভুডু চাইল্ড বেণ্ডৰ সদস্য।১০

সংগীত কেৰিয়াৰ

১৯৯৮ চনৰপৰা ডেকাই এলবাম, টিভি ধাৰাবাহিক, তথ্যচিত্ৰ, চুটি ছবি আৰু এড জিংগলৰ সংগীত ৰচনা আৰু ব্যৱস্থা কৰি আহিছে। ২০১২ চনলৈকে তেওঁ ইংৰাজী, হিন্দী, অসমীয়া, মিজো আৰু গোৱালপৰীয়াকে ধৰি বিভিন্ন ভাষাৰ ছটা এলবামৰ সংগীত ৰচনা কৰিছে। বৰ্তমান তেওঁ বীনাৰ নামৰ জাজ ফিউজন বেণ্ডৰ সদস্য১১ আৰু ইষ্টাৰ্ন ফেয়াৰ, বাংগালুৰুৰ এটা একাউষ্টিক ৰক বেণ্ড।১২ অসমৰ গুৱাহাটীৰ এটি এন্সেম্বল টিউনেটেলাৰ্ছৰ গীটাৰিষ্ট আৰু সংগীত প্ৰযোজক। ২০০৫ চনৰপৰা ২০১৬ চনলৈকে তেওঁ ভুডু চাইল্ড বেণ্ডৰ গীটাৰিষ্ট আৰু কী-ব’ৰ্ডবাদক হিচাপে কাম কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Eastern Fare Music Foundation – a will to succeed Assam Times
  2. ↑ Assamese musician launches school in Bangalore Oneindia.in
  3. ↑ The Telegraph
  4. ↑ FolkAGeet – Folk-Fusion Band from Assam, India, Music Malt
  5. ↑ (29 December 2009). Rocking cyberspace. দ্য আছাম ট্ৰিবিউন
  6. ↑ Jim Ankan Deka, NH7
  7. ↑ People from Northeast making a mark in Bangalore, দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  8. ↑ Euphony – with Assamese touch Mangalorean.com
  9. ↑ Jim Ankan Deka – Musician from Assam Posoowa.org
  10. ↑ Assamese Musician Jim Ankan Deka wins Best International Music Video Award, Reviewne.com
  11. ↑ Veenar at Euphony – an Autumn Serenade Merinews.com
  12. ↑ দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

সংগীত পৰিচালকঅসমৰ ব্যক্তিকণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিম অংকন ডেকা” প্ৰবন্ধৰ সংশোধন ৫৬০৫৮২ (৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।