অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

জ্বৰ

জ্বৰ (Fever) প্ৰকৃততে কোনো ৰোগ নহয়, ই শৰীৰত হোৱা যিকোনো ৰোগৰ বাহ্যিক লক্ষণহে। মানুহৰ দেহৰ স্বাভাৱিক উষ্ণতা ৩৭ ডিগ্ৰী ছেণ্টিগ্ৰেট বা ৯৮ ডিগ্ৰী ফাৰেনহাইট থাকে। এই উত্তাপ যেতিয়া স্বাভাৱিকতকৈ বেছি হয় তেতিয়াই জ্বৰ উঠা বুলি কোৱা হয়। ইয়াৰ অন্য নাম Pyrexia।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৫৬২ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জ্বৰ (Fever) প্ৰকৃততে কোনো ৰোগ নহয়, ই শৰীৰত হোৱা যিকোনো ৰোগৰ বাহ্যিক লক্ষণহে। মানুহৰ দেহৰ স্বাভাৱিক উষ্ণতা ৩৭ ডিগ্ৰী ছেণ্টিগ্ৰেট বা ৯৮ ডিগ্ৰী ফাৰেনহাইট থাকে। এই উত্তাপ যেতিয়া স্বাভাৱিকতকৈ বেছি হয় তেতিয়াই জ্বৰ উঠা বুলি কোৱা হয়। ইয়াৰ অন্য নাম Pyrexia১। ইয়াক শৰীৰত হোৱা যিকোনো সংক্ৰমণৰ প্ৰতিক্ৰিয়া বুলিবও পাৰি। যিমানে উষ্ণতা বৃদ্ধি পায় সিমানে প্ৰকৃত ৰোগটোৰ জটিলতা বেছি হোৱা বুলি বুজিব পৰা যায়।

প্ৰকাৰ

[[চিত্ৰ:Febbre.gif|rightবিভিন্ন প্ৰকাৰৰ জ্বৰৰ লেখ

a) নেৰানেপেৰা জ্বৰ

b) হঠাৎ জ্বৰ বাঢ়ি যায় আৰু কমি আহে

c) অল্প বিৰতিৰ জ্বৰ

d) দীৰ্ঘ বিৰতিৰ জ্বৰ

e) কঁপনি জ্বৰ

f) পুনৰাৱৰ্তিত জ্বৰ]]

দেহৰ উত্তাপ বৃদ্ধিৰ ধৰণ অনুসৰি বিভিন্ন প্ৰকাৰৰ লক্ষণে দেখা দিয়ে:

  • নেৰানেপেৰা জ্বৰ: দেহৰ উত্তাপ গোটেই দিনটো বাঢ়ি থাকে আৰু ২৪ ঘণ্টাৰ ভিতৰত ১ °C তকৈ বেছি পৰিবৰ্তন নহয়, যেনে নিউম'নিয়া, টাইফ'ইড, মুত্ৰ নলীৰ সংক্ৰমণ, ব্ৰাঞ্চেলছিছ, বা টাইফাছৰ বাবে হোৱা জ্বৰ। টাইফ'ইড জ্বৰত এক বিশেষ ধৰণ দেখা পোৱা যায় (টাইফ'ইড জ্বৰৰ ওণ্ডাৰলিক বক্ৰ), দেহৰ উত্তাপ অতি লাহে লাহে এঢাপ এঢাপকৈ বাঢ়ি যায় আৰু উচ্চ তাপমাত্ৰা বহু সময় থাকে।
  • দীৰ্ঘ বিৰতিৰ জ্বৰ: দেহৰ উষ্ণতা নিৰ্দিষ্ট সময়ৰ কাৰণেহে বাঢ়ি থাকে, পুনৰ সামান্য অৱস্থালৈ ঘূৰি আহে, যেনে, মেলেৰিয়া, কালা জ্বৰ, পায়েমিয়া, বা চেপ্টিচেমিয়া। এনে জ্বৰৰ প্ৰকাৰবোৰ তলত দিয়া হ'ল২:-
    • দৈনিক জ্বৰ (২৪ ঘণ্টাৰ অন্তৰালত হয়), সাধাৰণতে প্লাছমডিয়াম ফেলচিপেৰাম বা প্লাছমডিয়াম নৌলেছিৰ পৰা হোৱা মেলেৰিয়াৰ বাবে এনে জ্বৰ হয়,
    • এদিন এৰি এদিন হোৱা জ্বৰ (৪৮ ঘণ্টাৰ অন্তৰালত হয়), সাধাৰণতে প্লাছমডিয়াম ভাইভেক্স বা প্লাছমডিয়াম অভেলৰ পৰা হোৱা মেলেৰিয়াৰ বাবে এনে জ্বৰ হয়,
    • ৩ দিনৰ অন্তৰালত হোৱা জ্বৰ (৭২ ঘণ্টাৰ অন্তৰালত হয়), সাধাৰণতে প্লাছমডিয়াম মেলেৰিৰ পৰা হোৱা মেলেৰিয়াৰ বাবে এনে জ্বৰ হয়।
  • অল্প বিৰতিৰ জ্বৰ: দেহৰ উত্তাপ গোটেই দিনটো বাঢ়ি থাকে আৰু ২৪ ঘণ্টাৰ ভিতৰত ১ °Cতকৈও বেছি পৰিবৰ্তন হয়, যেনে, হৃদ্ যন্ত্ৰৰ সংক্ৰমণৰ বাবে হোৱা জ্বৰ।
  • পেল-এবষ্টেইন জ্বৰ: হডকিংছ লিম্ফমাৰ লগত জড়িত বিশেষ ধৰণৰ জ্বৰ। এই জ্বৰত এসপ্তাহ জ্বৰ উঠি থাকে আৰু পিছৰ সপ্তাহ নামি যায় আৰু এই চক্ৰটো পুনৰ আৰম্ভ হয়। প্ৰকৃততে এনে ধৰণৰ জ্বৰ আছে নে নাই তাৰ কোনো বিশ্বাসযোগ্য তথ্য নাই।৩

নিউট্ৰ'পেনিক জ্বৰ: ফেব্ৰাইল নিউট্ৰ'পেনিয়া বুলিও কয়, সাধাৰণ প্ৰতিৰক্ষা তন্ত্ৰৰ কাৰ্যক্ষমতা হ্ৰাস পালে এনে জ্বৰ হয়। কিয়নো সংক্ৰমণৰ প্ৰতিৰোধকাৰী নিউট্ৰ'ফিলৰ অভাৱ হ’লে বেক্টেৰিয়াৰ পৰা হোৱা সংক্ৰমণো বৃদ্ধি পায়; সেইবাবে, এনে জ্বৰত চিকিৎসকৰ পৰামৰ্শ অতি জৰুৰী।

ফেব্ৰিকুলা হ'ল এক প্ৰকাৰৰ নিম্ন স্তৰৰ জ্বৰ। বিশেষকৈ যদি জ্বৰৰ কাৰণ জনা নাযায়, অন্য কোনো লক্ষণ নাথাকে আৰু ৰোগীজন এসপ্তাহত কৈও সোনকালে আৰোগ্য হয়, তেতিয়া তাক ফেব্ৰিকুলা বুলি কোৱা হয়।৪

কাৰণ

জ্বৰ হ'ল বিভিন্ন ৰোগত দেখা দিয়া সাধাৰণ লক্ষণ:

  1. সংক্ৰামক ৰোগ, যেনে- ইনফ্লুয়েঞ্জা, HIV, মেলেৰিয়া, ইবলা আদি
  2. বিভিন্ন চৰ্ম ৰোগ, যেনে- ফোঁহা বা টেমুনা
  3. প্ৰতিৰক্ষাজনিত ৰোগ
  4. কলাৰ বিভংগন, যাৰ কাৰণ হ'ল অস্ত্ৰোপচাৰ, সংক্ৰমণ আদি
  5. অসংগত ৰক্তজনিত উৎপাদ সমূহৰ প্ৰতি প্ৰতিক্ৰিয়া
  6. কৰ্কট ৰোগ, সাধাৰণতে বৃক্কৰ কৰ্কট, লিউকেমিয়া বা লিম্ফমাছ
  7. বিপাক জনিত বিসংগতি,
  8. থ্ৰম্ব-এম্বলিক প্ৰক্ৰিয়া, যেনে- pulmonary embolism বা deep venous thrombosis
  9. কৰ'নাভাইৰাছ ৰোগ ২০১৯

কিছুমান জ্বৰৰ ব্যাখ্যা চিকিৎসা বিজ্ঞানে দিব নোৱাৰে, সেইবোৰক অজ্ঞাত উৎসৰ পৰা বোৱা জ্বৰ বুলি কোৱা হয়।

জ্বৰৰ সাধাৰণ লক্ষণ

  1. শৰীৰৰ উত্তাপ ১০০ ডিগ্ৰী ফাৰেনহাইটতকৈ (℉) বেছি হোৱা।
  2. মূৰৰ বিষ।
  3. ঠাণ্ডা লগা।
  4. গাঁঠিৰ বিষ।
  5. আভোক।
  6. কোষ্ঠকাঠিন্যতা।
  7. অৰুচি আৰু দুৰ্বলতা।

সাধাৰণ পৰামৰ্শ

  1. ৰোগীক ভালদৰে বায়ু চলাচল কৰা কোঠাত ৰাখিব লাগে।
  2. যথেষ্ট পৰিমাণৰ তৰল বস্তু খাবলৈ দিব লাগে।
  3. কোমল পৰিষ্কাৰ পোচাক পিন্ধিব লাগে।
  4. পৰ্য্যপ্ত সময় বিশ্ৰাম লব লাগে।
  5. শৰীৰৰ উত্তাপ ১০৩ ডিগ্ৰীতকৈ বেছি হ’লে বা ৪৮ ঘণ্টাতকৈ অধিক সময়লৈ জ্বৰ উঠি থাকিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

পথ্য

  1. যথেষ্ট পৰিমাণৰ উতলাই চেঁচা কৰা বিশুদ্ধ পানী।
  2. শৰীৰে যথেষ্ট পৰিমাণে শক্তি পোৱা সামগ্ৰী যেনে, গ্লুকজ, স্বাস্থ্যকৰ পানীয়, ফলৰ ৰস আদি খাব লাগে।
  3. লুথুৰী ভাত, চাগু, বাৰ্লি পানী আদি সহজে হজম হোৱা খাদ্য খোৱা উচিত।
  4. গাখীৰ, পাউৰুটি আৰু ৰুটি।
  5. মাংস, কণী, মাখন, দৈ, আৰু তেলত ৰন্ধা খাদ্য খাব নালাগে।

তথ্য সংগ্ৰহ

  • আইএনডিজি দল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Axelrod YK, Diringer MN; Diringer. (May 2008). Temperature management in acute neurologic disorders. Neurol Clin. পৃ. 585–603, xi
  2. ↑ Muhammad, Inayatullah; Shabbir Ahmad Nasir. (May 2009). Bedside Techniques: Methods of clinical examination. Saira Publishers and Salamat Iqbal Press, Multan
  3. ↑ Hilson AJ. (July 1995). Pel-Ebstein fever. N. Engl. J. Med.. পৃ. 66–7. They cite Richard Asher's lecture Making Sense (Lancet, 1959, 2, 359)
  4. ↑ Rolla L. Thomas. (1906). The eclectic practice of medicine. The Scudder Brothers Company. পৃ. 261

সম্পৰ্কিত শ্ৰেণী

ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্বৰ” প্ৰবন্ধৰ সংশোধন ৬২৪২৩৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।