কলেৰা বুলিলে ভিব্ৰিঅ' কলেৰি (Vibrio cholerae) নামৰ বেক্টেৰিয়াবিধে মানুহৰ ক্ষুদ্ৰান্ত্ৰত কৰা সংক্ৰমণক বুজায়।১ লক্ষণসমূহ শূন্যৰ পৰা অলপীয়া বা বেছি হ'ব পাৰে।২ এই ৰোগৰ দ্ৰুপদী লক্ষণ হৈছে কেইদিনমানৰ বাবে পানীৰ নিচিনা ডায়েৰিয়া হোৱা।৩ ইয়াৰ লগতে বমি আৰু পেশী টানি ধৰা হ'ব পাৰে।২ ডায়েৰিয়া ইমানেই তীব্ৰ হ'ব পাৰে যে কেইঘণ্টামানৰ ভিতৰতে নিৰ্জলীকৰণ আৰু লৱণৰ অভাৱ হ'ব পাৰে।৩ ইয়াৰ ফলত চকু কোটৰত সোমোৱা, ছাল চেঁচা পৰা, ছালৰ নমনীয়তা কমা, হাত-ভৰিৰ ছাল কোঁচ খোৱা আদি হ'ব পাৰে।৪ নিৰ্জলীকৰণৰ ফলত ছাল নীলা পৰিব পাৰে।৫ সংক্ৰমণৰ দুঘণ্টাৰ পৰা পাঁচ দিনৰ ভিতৰত লক্ষণবোৰ আৰম্ভ হয়।২
কলেৰা কেইবাপ্ৰকাৰৰ ভিব্ৰিঅ' কলেৰি বেক্টেৰিয়াই কৰে, তাৰে কিছুমান প্ৰকাৰে কৰা ৰোগৰ তীব্ৰতা অধিক। সাধাৰণতে ই মানুহৰ বিষ্ঠাৰে দূষিত পানী বা খাদ্যৰ জৰিয়তে বিয়পে।৩ ভালদৰে নৰন্ধা সাগৰীয় খাদ্য এটা প্ৰধান উত্স।৬ মানুহৰ বাহিৰে আন জন্তুৰ এই ৰোগ নহয়। কলেৰাৰ কাৰকবোৰৰ ভিতৰত নিম্নমানৰ অনাময়, বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু দৰিদ্ৰতা প্ৰধান। বিষ্ঠাৰ পৰীক্ষা কৰি কলেৰা ৰোগ নিৰূপণ কৰিব পাৰি।৩ এটা ক্ষিপ্ৰ ডিপ্ষ্টিক পৰীক্ষা আছে যদিও সেইটো নিখুঁত নহয়।৭
প্ৰতিৰোধৰ বাবে অনাময় ব্যৱস্থাৰ উন্নতকৰণ আৰু বিশুদ্ধ খোৱা পানীৰ যোগান কৰিব পাৰি।৪ মুখেৰে দিয়া কলেৰা প্ৰতিষেধকে প্ৰায় ছমাহ সুৰক্ষা প্ৰদান কৰে। ই কলাই নামৰ বেক্টেৰিয়াই কৰা ডায়েৰিয়াৰ পৰাও ই সুৰক্ষা দিয়ে। কলেৰাৰ প্ৰধান চিকিৎসা হৈছে অৰেল ৰিহাইড্ৰেছন থেৰাপী য'ত ইলেক্ট্ৰ'লাইট চ'ল্যুচনেৰে নিৰ্জলীকৰণ আঁতৰোৱা হয়।৩ চাউল-ভিত্তিক চ'ল্যুচনক অগ্ৰাধিকাৰ দিয়া হয়।৮ তীব্ৰ ৰোগত ৰিংগাৰ লেক্টে'ট বা আন ইন্ট্ৰাভেনাছ ফ্লুইড দিয়া হয় আৰু এণ্টিবায়'টিকো কেতিয়াবা ব্যৱহাৰ কৰা হয়। কলেৰা বেক্টেৰিয়া কোনবিধ এণ্টিবায়'টিকৰ প্ৰতি সংবেদনশীল সেয়া পৰীক্ষা কৰি ল'লে সুবিধা হয়।২
২০১০ চনৰ তথ্য অনুসৰি কলেৰাই বিশ্বজুৰি প্ৰায় ৩-৫ নিযুত মানুহক প্ৰভাৱিত কৰে আৰু প্ৰায় ৫৮,০০০-১৩০,০০০ মানুহৰ মৃত্যু ঘটায়।৩৯ ইয়াক pandemic বুলি শ্ৰেণীকৰণ কৰা হ'লেও উন্নত দেশসমূহত ই বিৰল। শিশুবোৰ বেছিকৈ ৰোগত পৰে।৩১০ কলেৰা মহামাৰীৰূপে বা কিছুমান ঠাইত বহু দিন জুৰি থাকে। আফ্ৰিকা আৰু দক্ষিণ-পূব এছিয়া অঞ্চলত ৰোগৰ আশংকা বেছি। ৰোগৰ পৰা মানুহৰ ভিতৰত সাধাৰণতে ৫% মানৰহে মৃত্যু হয় যদিও চিকিৎসা নাপালে ই ৫০% লৈকে হ'ব পাৰে।৩ সংস্কৃত ভাষা ভাষাত ৫ম শতিকাত হোৱা কলেৰাৰ বিৱৰণ পোৱা যায়।৪ ১৮৪৯ ৰ পৰা ১৮৫৪ চনৰ ভিতৰত জন স্ন'ৱে কলেৰাৰ বিষয়ে কৰা অধ্যয়নৰ ফলত ৰোগ বিতৰণৰ তথ্যৰ যথেষ্ট উন্নতি হয়।৪১১
বাহ্যিক সংযোগ
- Cholera—বিশ্ব স্বাস্থ্য সংস্থা
- Cholera - ’’Vibrio cholerae’’ infection—Centers for Disease Control and Prevention
তথ্যসূত্ৰ
- ↑ Finkelstein, Richard. Medical microbiology. http://www.ncbi.nlm.nih.gov/books/NBK8407/
- ↑ (January 6, 2015). Cholera - Vibrio cholerae infection Information for Public Health & Medical Professionals. cdc.gov
- ↑ (Mar 26, 2010). Cholera vaccines: WHO position paper.. Weekly epidemiological record. পৃ. 117–128
- ↑ Harris, JB; LaRocque, RC; Qadri, F. (30 June 2012). Cholera.. Lancet. পৃ. 2466–76
- ↑ Bailey, Diane. (2011). Cholera. Rosen Pub. পৃ. 7. ISBN 9781435894372
- ↑ (November 7, 2014). Sources of Infection & Risk Factors. cdc.gov
- ↑ (February 10, 2015). Diagnosis and Detection. cdc.gov
- ↑ (November 7, 2014). Cholera - Vibrio cholerae infection Treatment. cdc.gov
- ↑ Lozano R, Naghavi M, Foreman K, Lim S, Shibuya K, Aboyans V, Abraham J, Adair T, Aggarwal R, Ahn SY. (December 15, 2012). Global and regional mortality from 235 causes of death for 20 age groups in 1990 and 2010: a systematic analysis for the Global Burden of Disease Study 2010. Lancet. পৃ. 2095–128
- ↑ (October 27, 2014). Cholera - Vibrio cholerae infection. cdc.gov
- ↑ Timmreck, Thomas C. (2002). An introduction to epidemiology. Jones and Bartlett Publishers. পৃ. 77. ISBN 9780763700607
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলেৰা” প্ৰবন্ধৰ সংশোধন ৬২৪২৯২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।