ভাৰতৰ সাঁতোৰবিদ
৫ প্ৰবন্ধ
-
আৰতি সাহা
আৰতি গুপ্তা সাহা (২৪ ছেপ্টেম্বৰ ১৯৪০ – ২৩ আগষ্ট ১৯৯৪) এগৰাকী ভাৰতীয় দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদ। ব্ৰিটিছ অধীনস্থ ভাৰতৰ কলকাতাত আৰতিৰ জন্ম হৈছিল। চাৰি বছৰ বয়সৰ পৰাই তেওঁ সাঁতোৰবিদ্যা শিকিবলৈ লৈছিল। তেওঁৰ প্ৰতিভাৰ প্ৰথম উমান পাইছিল শচীন নাগে।
-
এলভিছ আলী হাজৰিকা
এলভিছ আলী হাজৰিকা (Elvis Ali Hazarika) ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ। আঢ়ৈ বছৰ বয়সতে সাঁতুৰিবলৈ আৰম্ভ কৰা হাজৰিকাই ৪ বছৰ বয়সত গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হৈছিল।
-
মুৰলীকান্ত পেটকাৰ
মুৰলীকান্ত পেটকাৰ (Murlikant Petkar) ভাৰতৰ প্ৰথম পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী। তেওঁ জাৰ্মানীৰ হাইডেলবাৰ্গত অনুষ্ঠিত ১৯৭২ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁ ৫০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰ প্ৰতিযোগিতাত ৩৭.৩৩ ছেকেণ্ডৰ বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰিছিল।
-
ভক্তি শৰ্মা
ভক্তি শৰ্মা (Bhakti Sharma; জন্ম ৩০ নৱেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় সাঁতোৰবিদ (মুকলি পানীৰ)। এণ্টাৰ্কটিকাৰ পানীত মুক্ত সাঁতোৰৰ দ্বাৰা ৰেকৰ্ড গঢ়া শৰ্মা এচিয়াৰ প্ৰথম মহিলা আৰু পৃথিৱীৰ সৰ্বকনিষ্ঠতম।
-
মিঠু বৰুৱা
মিঠু বৰুৱা অসমৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় সাঁতোৰবিদ। তিনিবছৰ বয়সতে দীঘলীপুখুৰীৰ দুয়োপাৰ সাতুৰিবলৈ সক্ষম হোৱা মিঠু বৰুৱাই ৫০ মিটাৰ ফ্ৰিষ্টাইল শাখাত ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল।