পঃৰাগ (Porag) মিচিং জনগোষ্ঠী লোকসকলৰ এটা উল্লেখযোগ্য কৃষিভিত্তিক উৎসৱ, এই উৎসৱ ৫ দিন জুৰি উদযাপন কৰা হয়। সাধাৰণতে খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়।১ সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। এই উৎসৱ গাঁৱৰ ডেকা-গাভৰুসকলৰ নেতৃত্বত অনুষ্ঠিত হয় কাৰণে ৰং-আনন্দৰ মাজেদি পতা হয়। আলি আঃয়ে লৃগাঙৰ দৰে এই উৎসৱতো প্ৰচুৰ গীত-মাত, নৃত্য আদিৰ আয়োজন হয়। এই উত্সৱৰ আন এটা নাম হৈছে নৰাছিগা বিহু। ধান কাটি চপোৱাৰ অন্তত, অৰ্থাৎ, ধানৰ নৰা ছিগাৰ সময়ত অনুষ্ঠিত হোৱা বাবেই এই উৎসৱৰ নাম নৰাছিগা বিহু।২
বিৱৰণ
প্ৰথম দিনাৰ সকলো আয়োজন শেষ কৰাৰ পিচত ৰাতিলৈ 'মিবু'ৰ আদৰণিৰে 'মিবু-দাগনাম'অনুষ্ঠান পতা হয়। এই অনুষ্ঠানত মিবুৰে সৈতে সকলো ডেকা-গাভৰু শাৰী-শাৰীকৈ নৃত্য কৰে। এই নৃত্যত 'আঃবাঃ' গীত গোৱা হয়। এই গীতবোৰৰ জৰিয়তেমানৱ সৃষ্টিকৰ্তা 'চেদীবাঃবু' আৰু 'মেঃলং-নাঃনী'ক স্মৰণ কৰা হয়। এনে মাঃগলিক অনুষ্ঠানবোৰত মিবুৰ সৈতে গাঁৱৰ বয়োবৃদ্ধসকলে বধ কৰা গাহৰিৰ আগমঙহত 'আচিন-তাগিৰ' বা মংগল চায়। দ্বিতীয়দিনা নিমন্ত্ৰিত অতিথি 'মিনম'সকলক আদৰ শুশ্ৰ্ষা কৰা হয়। পঃৰাগ উৎসৱত চুবুৰীয়া গাঁৱৰ উপৰি দূৰ-দূৰণিৰ গাঁৱকো নিমন্ত্ৰণ কৰা হয়। পঃৰাগ উৎসৱত গাঁৱৰ মুৰংঘৰ অনুষ্ঠিত কৰা হয়। মুৰংঘৰ গাঁৱৰ সোঁমাজত নাইবা যিকোনো এমুৰত মুকলি ঠাইত পূবা-পশ্চিমাকৈ বনোৱা হয়। ইয়াক বাঁহ, কাঠ,আৰু খেৰেৰে নিৰ্মাণ কৰা হয়। মুৰংঘৰত বেৰ নাথাকে; ই এটা মুকুলি চাংঘৰ। ইয়াৰ দুয়োমূৰে চাঙত উঠা-নমা কৰিবলৈ জখলা লগাোৱা থাকে। পঃৰাগৰ কেউনিশা গাঁৱৰ ডেক-গাভৰু আৰু মিনমসকলে এক লগে মুৰংঘৰত শোৱে। এয়া মিচিংসকলৰ পৰম্পৰাগত ৰীতি। পঃৰাগ উৎসৱৰ অন্যতম অনুষ্ঠান হ'ল- 'পঃবৰ্-কাতনাম্' আৰু 'এঃগ-মাননাম'। 'পঃবৰ' বাঁহ-বেতেৰ সজোৱা চুপি আকৃতিৰ এক সাজ, ইয়াক আপাং চাকিবলৈ ব্যৱহাৰ কৰা হয়। 'এঃগ-মাননাম' বা গাহৰি বধ কৰা অনুষ্ঠান। এইদৰে তিনি দিন, তিনি নিশা ৰং-আনন্দ, ভোজভাত আৰু পূজা-অৰ্চনাৰ পাচত পঃৰাগ উৎসৱৰ সামৰণি মৰা হয়।
ঘাইকৈ গাঁৱৰ ডেকা-গাভৰুৰ উদ্যোগত এই উৎসৱ উদযাপিত হয় যদিও গাঁৱৰ আন সকলোৱে ইয়াত অংশগ্ৰহণ কৰে। এই উৎসৱ পালন কৰিবৰ বাবে গাঁৱৰ মূৰত নাইবা আহল-বহল ঠাইত মুৰং ঘৰ নামৰ এটা ঘৰ সাজি লয়। নৰাছিগা বিহুত মুৰং ঘৰ অপৰিহাৰ্য। এই উৎসৱ পতাৰ আগতে উৎসৱ পৰিচালনাৰ বাবে কেইজনমান বিষয়ববীয়া নিয়োগ কৰা হয়। এই বিষয়ববীয়াসকলৰ ভিতৰত মিগম বৰা, বৰ পুৱাৰী, সোধৰ বৰা, ডেকা বৰা আদি উল্লেখযোগ্য। নৰাছিগা বিহুত অংশগ্ৰহণ কৰিবৰ বাবে কাষৰীয়া চাৰি-পাঁচখন গাঁৱৰ ৰাইজক অতিথি হিচাপে আমন্ত্ৰণ কৰি অনাটো মিচিংসকলৰ এক পৰম্পৰা। সাধাৰণতে তিনিদিন ধৰি পালন কৰা উৎসৱত বিবিধ লোকাচাৰ পালন কৰাৰ উপৰিও মিচিং ডেকা-গাভৰুৱে ইয়াত প্ৰাণঢালি নাচে।২
এই নাচ সামাজিক হ'লেও মূলতঃ ই আন এখন সমাজৰ মিলা-প্ৰীতি পাবৰ কাৰণে কৰা প্ৰচেষ্টা। কিয়নো এই উৎসৱত এখন গাঁৱৰ এদল ডেকা-গাভৰুৱে আন এখন গাঁৱৰ এদল ডেকা-গাভৰু-বয়োজেষ্ঠক নাচি-ধেমালি-উৎসৱৰ মাজেদি সন্তোষ দিবলৈ চেষ্টা কৰে। ঘাইকৈ গাঁৱৰ মানুহৰ কল্যাণ আৰু খেতি-শস্যৰ বৃদ্ধি কামনা কৰি নৰাছিগা বিহু পতা হয়।২
মুৰং ঘৰ
মুৰং ঘৰ মিচিং সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ। মুৰংঘৰৰ প্ৰকাণ্ড খুঁটা আৰু চ'তিবোৰত বিবিধ কাৰু-কাৰ্য খচিত থাকে। তদুপৰি এইবোৰত দঃঞি (সূৰ্য্য), পঃল (চন্দ্ৰ), তাকাৰ (নক্ষত্ৰ)ৰ চিত্ৰৰ উপৰিও বিভিন্ন জীৱ-জন্তু,পশু-পক্ষী আদিৰ নানাৰঙী চিত্ৰ অংকিত থাকে। এইবোৰত জেঠি, গাহৰি, বাঘ, হাতী আৰু নানা ধৰণৰ চৰাই, বান্দৰ আদিৰ ভাস্কৰ্য্য ব্যৱহাৰ কৰে। গাঁৱৰ সকলোৱে লোকে মিলিজুলি সামূহিকভাৱে মুৰং নিৰ্মাণ কৰে। ই মিচিং সাংস্কৃতিৰ জীৱনৰ ৰংগমঞ্চ৩।
তথ্য সংগ্ৰহ
শ্ৰেণী:অসমৰ উৎসৱসমূহ
তথ্যসূত্ৰ
- ↑ ((June 15, 2005)). Porag. India9
- ↑ অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা, ২০০১, পৃষ্ঠা-১২৫ (১)
- ↑ গ্ৰন্থ: মিচিং সমাজ আৰু সংস্কৃতি, লেখক: ইন্দ্ৰেশ্বৰ পেগু, পৃষ্ঠা: ৬ - ৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঃৰাগ” প্ৰবন্ধৰ সংশোধন ৩৬৭৩৪৩ (২৭ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।