উত্তৰ লখিমপুৰ
৬ প্ৰবন্ধ
-
উত্তৰ লখিমপুৰ
উত্তৰ লখিমপুৰ অসমৰ লখিমপুৰ জিলাৰ সদৰ নগৰ আৰু জিলা-প্ৰশাসনৰ মুখ্য কেন্দ্ৰ। গুৱাহাটী-পূব দিশৰ এই নগৰখনক পৰিবহণ-সংযোগ আৰু শিক্ষানুষ্ঠানৰ উপস্থিতিৰ বাবে অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ নগৰীয় কেন্দ্ৰ হিচাপে ধৰা হয়।
-
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় (North Lakhimpur University) পূৰ্বৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) উত্তৰ লখিমপুৰৰ খেলমাটিত অৱস্থিত এখন বিশ্ববিদ্যালয়। পূৰ্বৰ মহাবিদ্যালয়খনি ১৯৫২ চনত স্থাপিত হৈছিল যি পাছলৈ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিল ২০২৩ অনুসৰি বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।
-
লীলাবাৰী বিমানবন্দৰ
লীলাবাৰী বিমানবন্দৰ ভাৰতৰ অৰুণাচল প্ৰদেশৰ নিকটবৰ্তী অসম ৰাজ্যৰ লখিমপুৰ জিলাত অৱস্থিত এটি আন্তৰাজ্যিক বিমানবন্দৰ। এই বিমনন্দৰৰ দ্বাৰা অসম আৰু অৰুণাচল প্ৰদেশ ৰাজ্যলৈ বিমানসেৱা উপলব্ধ হয়। বিমান বন্দৰটো উত্তৰ লখিমপুৰ নগৰৰ পৰা ৭ কিলোমিটাৰ দূৰৈত অৱস্থিত।
-
উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন অসমৰ ভিতৰতে এখন লেখত ল'বলগীয়া বিদ্যালয়। ২০১৩ চনত শতবৰ্ষ গৰকা এই বিদ্যালয়খনিৰ বৰ্তমান অধ্যক্ষা শ্ৰীমতী অনুপমা দেউৰী ভৰালী।
-
ঘাৰমৰা সত্ৰ
ঘাৰমৰা সত্ৰ উত্তৰ লখিমপুৰ নগৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই সত্ৰখন প্ৰাগ শঙ্কৰী যুগত স্থাপিত হৈছিল। ঘাৰমৰা সত্ৰত সংৰক্ষিত হৈ থকা মধ্যযুগৰ অলেখ মূল্যৱান সম্পদে পৰ্য্যটক সকলক বিশেষভাৱে আকৃষ্ট কৰিব পাৰে।
-
পদুমণি থান
পদুমণি থান লখিমপুৰ জিলাৰ উত্তৰ দিশত লখিমপুৰ চহৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৱস্থিত। ই এটা হিন্দু ধৰ্মৰ মন্দিৰ। ইয়াক ১৯৫২ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়ালৈ প্ৰতিদিনে বহু লোকৰ আগমণ হয়। দুলুং সংৰক্ষিত বনাঞ্চলৰ একেবাৰে সমীপত থকা এই মন্দিৰত বছৰি হাজাৰ হাজাৰ ভক্ত আগমন ঘটে।