অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ই. গায়ত্ৰী

ইছাম্পতি গায়ত্ৰী (Echampati Gayathri) হৈছে পৰম্পৰাগত কৰ্ণাটকী সংগীতৰ এগৰাকী স্বনামধন্য বীণাবাদক, যাক বীণা গায়ত্ৰী বুলিও জনা যায়। তেখেতৰ জন্ম হৈছিল ১৯৫৯ চনৰ ৯ নৱেম্বৰত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৯৭ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ইছাম্পতি গায়ত্ৰী (Echampati Gayathri) হৈছে পৰম্পৰাগত কৰ্ণাটকী সংগীতৰ এগৰাকী স্বনামধন্য বীণাবাদক, যাক বীণা গায়ত্ৰী বুলিও জনা যায়। তেখেতৰ জন্ম হৈছিল ১৯৫৯ চনৰ ৯ নৱেম্বৰত।১ ২০১৩ চনৰ নৱেম্বৰ মাহত তদানীন্তন তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়ললিতাই তেখেতক "তামিলনাডু সংগীত আৰু ললিত কলা বিশ্ববিদ্যালয়"ৰ উপাচাৰ্য হিচাপে মনোনীত কৰে। তেখেত বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী উপাচাৰ্য।২৩

ই. গায়ত্ৰীয়ে ২০০২ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে। ইয়াৰ পূৰ্বে ১৯৮৪ চনত তেখেতে তামিলনাডু চৰকাৰৰ পৰা 'কলামতী' সন্মান অৰ্জন কৰে। তেখেতক এই সন্মান প্ৰদান কৰে ড॰ এম. জি. আৰে। ২০১১ চনত ই. গায়ত্ৰীয়ে পূৰ্ব চেন্নাই ৰ'টাৰী ক্লাৱৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা লাভ কৰে। ২০১১ চনত তদানীন্তন মুখ্যমন্ত্ৰী জয়ললিতাই তেখেতক চেন্নাই, থিৰুভায়াৰু, মাদুৰাই আৰু কৈম্বায়তুৰত থকা সংগীত মহাবিদ্যালয়সমূহৰ সন্মানীয় অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে। ২০১৭ চনত তেখেতক বিশ্ব তামিল ভাষা বিশ্ববিদ্যালয়ে ডক্তৰেট সন্মানেৰে সন্মানীত কৰে।৪

কৰ্মজীৱন

১৯৫৯ চনৰ ন নৱেম্বৰত জন্মলাভ কৰা ই. গায়ত্ৰীৰ পিতৃ আছিল জি. অশ্বত্থামা আৰু মাতৃ আছিল কমলা অশ্বত্থামা। মাতৃ এগৰাকী প্ৰসিদ্ধ বীণা বাদক আছিল। আনহাতে পিতৃ জি. অশ্বত্থামা তেলেগু চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী সংগীত পৰিচালক আছিল।৫দেউতাকে গায়ত্ৰীৰ নাম ৰাখিছিল গায়ত্ৰী বসন্ত শোবা। গায়ত্ৰীয়ে প্ৰাথমিক শিক্ষা লাভ কৰিছিল তেখেতৰ পিতৃ-মাতৃৰ তত্ত্বাৱধানতেই। দ্য হিন্দুৰ সৈতে সম্পন্ন হোৱা এটা বিশেষ সাক্ষাৎকাৰত এটা প্ৰশ্নৰ প্ৰত্যুত্তৰত শিল্পীগৰাকীয়ে মন্তব্য কৰে যে, “দৰাচলতে, মই তেতিয়া (শৈশৱতে) মোক পিতৃক সন্তুষ্ট কৰিব বিচাৰিছিলোঁ আৰু তেওঁৰ পৰা লাভ কৰা এটা প্ৰশংসায়েই মোক যথেষ্ট উৎফুল্ল কৰিছিল।”৬ পৰৱৰ্তী সময়ত ই. গায়ত্ৰীয়ে সংগীতা কালানিধি টি.এম. থ্যাগাৰঞ্জনৰ ওচৰত প্ৰশিক্ষণ লয়।৭ তেখেত আছিল এগৰাকী কৰ্ণাটকী সংগীতকাৰ আৰু সুৰকাৰ।

গায়ত্ৰীয়ে কৰ্মজীৱনৰ পাতনি মেলিছিল মাত্ৰ ন বছৰ বয়সতেই। ১৯৬৮ চনৰ সেই কালছোৱাত শ্ৰী পাৰ্থসাৰথি স্বামী সভাই তেখেতক ত্ৰিপ্লীকেনত পৰিৱেশন কৰিবলৈ আমন্ত্ৰিত কৰিছিল। তেখেতক মহাপুৰুষ থ্যাগাৰাজা মহোৎসৱত পৰিৱেশন কৰিবলৈ দিয়া হৈছিল। পৰৱৰ্তী সময়ত গায়ত্ৰীয়ে দেশে-বিদেশে বিভিন্ন ঠাইত বীণা বাদন পৰিৱেশন কৰি ভূয়সী প্ৰশংসা আৰু স্বীকৃতি আদায় কৰে।৮ গায়ত্ৰীয়ে বহুতো এলবামো মুকলি কৰিছে। গায়ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ, আমেৰিকা গণৰাজ্য, ফ্ৰান্স, জাৰ্মানী, ছিংগাপুৰ আৰু মালয়েছিয়াৰ দৰে দেশত কলা পৰিৱেশন কৰিছে। সমগ্ৰ বিশ্বতে প্ৰসিদ্ধ ভাৰতীয় সংগীতশিল্পী এ. আৰ. ৰহমানৰ জন গণ মন শীৰ্ষক গীততো তেখেতে অংশগ্ৰহণ কৰিছে।

বঁটা আৰু স্বীকৃতি

  • অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্বাৰা ১৩ বছৰ বয়সতে জ্যেষ্ঠ গ্ৰেড শিল্পীৰ সন্মান, ১৯৭৩ চনত।
  • ড॰ এম.জি.আৰ.ৰ পৰা 'কালাইমামণি' শীৰ্ষক তামিলনাডু ৰাজ্যিক বঁটা লাভ, ১৯৮৪ চনত।
  • ড॰ এ পি জে আব্দুল কালামৰ পৰা 'সংগীত নাটক একাডেমী বঁটা' লাভ, ২০০২ চনত৯
  • মধ্য প্ৰদেশ চৰকাৰৰ পৰা 'কুমাৰা গন্ধৰ্ব' সন্মান, ১৯৯৯ চনত।
  • চেন্নাইৰ ভাৰতীয় ললিত কলা সমাজৰ পৰা 'সংগীত কলাশিখামণি' সন্মান, ২০০১ চনত।১০
  • শ্ৰী পাৰ্থসাৰথি স্বামী সভাৰ পৰা 'সংগীত কলাসাৰথি' সন্মান লাভ, ২০০৯ চনত।৫
  • চেন্নাইৰ ৰ'টাৰি ইষ্টৰ পৰা 'জীৱনজোৰা সাধনাৰ বঁটা' লাভ, ২০১১ চনত।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Vice - Chancellor. Tamil Nadu Music and Fine Arts University
  2. ↑ (22 November 2013). Vice Chancellor: University will have unique approach towards music. B. Vijayalakshmi. Deccan Chronicle
  3. ↑ (21 November 2013). Gayathri is music varsity V-C. The Hindu
  4. ↑ Kurai Ondrum Illai-Aditya Anand-Harmonium
  5. ↑ Balasubramanian, V. (17 December 2009). On a nostalgic November evening. The Hindu
  6. ↑ On a nostalgic November evening. The Hindu
  7. ↑ Gayathri Echampati. indiamusicinfo.com
  8. ↑ (17 December 2009). On a nostalgic November evening. The Hindu
  9. ↑ Sangeet Natak Akademi Puraskar (Akademi Awards). Sangeet Natak Akademi
  10. ↑ (19 December 2001). Sangeetha Kala Sikhamani' conferred on Gayathri. The Hindu

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰীসংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় সংগীতজ্ঞবীণা বাদক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ই. গায়ত্ৰী” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৭৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।