অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়ন্তী কুমাৰেশ

জয়ন্তী কুমাৰেশ ( Jayanthi Kumaresh; এগৰাকী ভাৰতীয় বীণা সংগীতজ্ঞ। ছয় প্ৰজন্মৰ পৰা কৰ্ণাটকী সংগীতৰ অনুশীলন কৰি অহা সংগীতজ্ঞৰ বংশৰ পৰা অহা জয়ন্তীয়ে তিনি বছৰ বয়সৰ পৰাই সৰস্বতী বীনা বজাবলৈ আৰম্ভ কৰিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জয়ন্তী কুমাৰেশ ( Jayanthi Kumaresh; এগৰাকী ভাৰতীয় বীণা সংগীতজ্ঞ। ১ ২ ৩ ছয় প্ৰজন্মৰ পৰা কৰ্ণাটকী সংগীতৰ অনুশীলন কৰি অহা সংগীতজ্ঞৰ বংশৰ পৰা অহা জয়ন্তীয়ে তিনি বছৰ বয়সৰ পৰাই সৰস্বতী বীনা বজাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ মাতৃ লালগুড়ী ৰাজলক্ষ্মী আছিল তেওঁৰ প্ৰথম শিক্ষয়িত্ৰী আৰু পিছত তেওঁ মাহীয়েক পদ্মাৱতী অনন্তগোপালনৰ পৰা গভীৰ প্ৰশিক্ষণ গ্ৰহণ লৈছিল। এছ বালচন্দৰেও তেওঁক শিকাইছিল আৰু বালচন্দৰৰ সৈতেও তেওঁ অনুষ্ঠান পৰিৱেশন কৰিছিল। ভায়লিনবাদক যুটি গণেশ–কুমাৰেশৰ কনিষ্ঠ কুমাৰেশ ৰাজগোপালনৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁ ভায়লিনবাদক লালগুড়ী জয়ৰমনৰ ভতিজী।

জয়ন্তীয়ে "সৰস্বতী বীণাৰ শৈলী আৰু বজোৱাৰ কৌশল", এই বিষয়ত কৰা গৱেষণাৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ সমগ্ৰ বিশ্বতে কৰ্মশালা আয়োজন কৰে আৰু বক্তৃতা প্ৰদান কৰে। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় অৰ্কেষ্ট্ৰা ৪ প্ৰতিষ্ঠা কৰিছিল, য'ত ভাৰতৰ চহকী সংগীত আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰা কৰ্ণাটকী আৰু হিন্দুস্তানী ধাৰাৰ শিল্পীৰ এটা দলে একে বেনাৰৰ তলত একত্ৰিত হৈ ভাৰতীয় শাস্ত্ৰীয় সংগীত প্ৰদৰ্শন কৰে।

জয়ন্তীয়ে " Mysterious Duality " এলবামটো ৰচনা কৰি মুক্তি দিয়ে। ৫ শিল্পীগৰাকীয়ে ৭টা ভিন্নভিন্ন বীনা ট্ৰেক বজাইছে।

সন্মান

তথ্যসূত্ৰ

  1. ↑ (22 December 2014). Faculty · Milapfest
  2. ↑ (9 January 2007). 'We hardly discuss music'. দ্য হিন্দু
  3. ↑ Rao, Pappu Venugopala. (8 January 2010). Of memories, melodies and more... The Hindu
  4. ↑ (25 October 2014). Classic Choral: Indian National Orchestra. The Hindu
  5. ↑ Sivakumar, S. (21 October 2010). Concept of duality. The Hindu
  6. ↑ Srikanth, Venkatesan. (2019-11-14). Jayanthi Kumaresh: The chosen one. The Hindu

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় সংগীতজ্ঞবীণা বাদক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্তী কুমাৰেশ” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৪৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।