ভাৰতীয় সংগীতজ্ঞ
২৩ প্ৰবন্ধ
-
তানসেন
তানসেন (Tansen) সংগীতজ্ঞ।
-
স্বৰ্ণকুমাৰী দেৱী
স্বৰ্ণকুমাৰী দেৱী (Swarnakumari Devi; ২৮ আগষ্ট ১৮৫৫ – ৩ জুলাই ১৯৩২) আছিল এগৰাকী ভাৰতৰ বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷ ভাৰতৰ প্ৰথমকেইগৰাকী ঔপন্যাসিকাৰ মাজত তেখেতৰ নামটোও লোৱা হয়৷ বংগত বাংলা ভাষাত সাহিত্য চৰ্চা কৰি সমাদৰ লাভ কৰা প্ৰথমকেইগৰাকী লেখিকাৰ ভিতৰতো স্বৰ্ণকুমাৰী দেৱী অন্যতম৷
-
বিশাল মিশ্ৰা (সুৰকাৰ)
বিশাল মিশ্ৰা এগৰাকী ভাৰতীয় সংগীত সুৰকাৰ আৰু নেপথ্য কণ্ঠশিল্পী। তেওঁ প্ৰথমে ডিডি নেচনেলত সম্প্ৰচাৰিত এটি ৰিয়েলিটি শ্ব’ত অভিনয় কৰিছিল। সংগীত জগতৰ প্ৰাৰম্ভিক দিনবোৰত মিশ্ৰাক পৰিচালনা কৰিছিল যতীন–ললিত সুৰকাৰ যুটিৰ ললিত পণ্ডিতে।
-
শিৱকুমাৰ শৰ্মা (সন্তুৰ বাদক)
পণ্ডিত শিৱকুমাৰ শৰ্মা (Shivkumar Sharma) (১৩ জানুৱাৰী ১৯৩৮ – ১০ মে' ২০২২) এগৰাকী ভাৰতীয় সংগীত নিৰ্মাতা আৰু সন্তুৰ বাদক। তেওঁ জম্মুত বসবাস কৰিছিল। এজন সংগীত নিৰ্মাতা হিচাপে তেওঁ শিৱ-হৰি নামেৰে ভাৰতীয় বাঁহীবাদক হৰিপ্ৰসাদ চৌৰাছিয়াৰ সৈতে যুটি বান্ধি কাম কৰিছিল আৰু ফাচলে (১৯৮৫), চান্দনী (১৯৮৯), লমহে…
-
ওঙ্কাৰনাথ ঠাকুৰ
পণ্ডিত ওঙ্কাৰ নাথ ঠাকুৰ (Pandit Omkar Nath Thakur) এজন ভাৰতীয় সংগীত শিক্ষক, সংগীতবিদ আৰু হিন্দুস্তানী শাস্ত্ৰীয় গায়ক আছিল। গোৱালিয়ৰ ঘৰানাৰ শাস্ত্ৰীয় গায়ক বিষ্ণু দিগম্বৰ পালুস্কাৰৰ শিষ্য, তেওঁ লাহোৰৰ গন্ধৰ্ব মহাবিদ্যালয়ৰ অধ্যক্ষ হৈছিল, আৰু পিছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সংগীত অনুষদৰ প্ৰথম…
-
বড়ে গুলাম আলি খাঁ
বড়ে গুলাম আলি খাঁ (Bade Ghulam Ali Khan) হৈছে পাটিয়ালা ঘৰানাৰ এগৰাকী ভাৰতীয় হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ কণ্ঠশিল্পী।
-
বিষ্ণু নাৰায়ণ ভাতখাণ্ডে
পণ্ডিত বিষ্ণু নাৰায়ণ ভাতখাণ্ডে (Pandit Vishnu Narayan Bhatkhande) এজন ভাৰতীয় সংগীতবিদ আছিল যিয়ে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ওপৰত প্ৰথম আধুনিক গ্ৰন্থ লিখিছিল, যিটো এক কলা যিটো বহু শতাব্দী ধৰি মৌখিক পৰম্পৰাৰ জৰিয়তে প্ৰচাৰিত হৈছিল।
-
শ্ৰীকৃষ্ণ নাৰায়ণ ৰতনঝংকাৰ
পণ্ডিত কৃষ্ণ নাৰায়ণ ৰতন ঝংকাৰ(Pandit Krishna Narayan Ratanjankar) পণ্ডিত কৃষ্ণ নাৰায়ণ ৰতন ঝংকাৰ আগ্ৰা ঘৰানাৰ পৰা হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এজন বিশিষ্ট পণ্ডিত আৰু শিক্ষক আছিল।
-
শৰণৰাণী বাকলিৱাল
শৰণৰাণী বাকলিৱাল ( Sharan Rani Backliwal; জন্ম: মাথুৰ; ৯ এপ্ৰিল ১৯২৯ – ৮ এপ্ৰিল ২০০৮) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সৰোদবাদক আৰু সংগীতজ্ঞ। তেওঁৰ বাদ্যযন্ত্ৰৰ ব্যক্তিগত সংগ্ৰহত পঞ্চদশ শতিকাৰ পাৰ ঊনবিংশ শতিকালৈ মুঠ ৩৭৯টা বাদ্যযন্ত্ৰ আছে, যি এতিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালায়ৰ শৰণৰাণী বাকলিৱাল…
-
ই. গায়ত্ৰী
ইছাম্পতি গায়ত্ৰী (Echampati Gayathri) হৈছে পৰম্পৰাগত কৰ্ণাটকী সংগীতৰ এগৰাকী স্বনামধন্য বীণাবাদক, যাক বীণা গায়ত্ৰী বুলিও জনা যায়। তেখেতৰ জন্ম হৈছিল ১৯৫৯ চনৰ ৯ নৱেম্বৰত।
-
এপি ঢিল্লোঁ
অমৃতপাল সিং "এপি" ঢিল্লোঁ (Amritpal Singh Dhillon) হৈছে পঞ্জাবী সংগীতৰ সৈতে জড়িত এগৰাকী ইণ্ডো-কানাডীয় ৰেপাৰ, কণ্ঠশিল্পী, আৰু ৰেকৰ্ড প্ৰযোজক। তেওঁৰ পাঁচটা একক গীতে অফিচিয়েল চাৰ্টছ কোম্পানী ইউ কে এছিয়ান আৰু পঞ্জাবী চাৰ্টত শীৰ্ষস্থান দখল কৰে।
-
জয়ন্তী কুমাৰেশ
জয়ন্তী কুমাৰেশ ( Jayanthi Kumaresh; এগৰাকী ভাৰতীয় বীণা সংগীতজ্ঞ। ছয় প্ৰজন্মৰ পৰা কৰ্ণাটকী সংগীতৰ অনুশীলন কৰি অহা সংগীতজ্ঞৰ বংশৰ পৰা অহা জয়ন্তীয়ে তিনি বছৰ বয়সৰ পৰাই সৰস্বতী বীনা বজাবলৈ আৰম্ভ কৰিছিল।
-
যদুনাথ ভট্টাচাৰ্য
যদুনাথ ভট্টাচাৰ্য বা যদু ভট্ট (Jadunath Bhattacharya; ১৮৪০ – ৪ এপ্ৰিল ১৮৮৩) এজন ভাৰতীয় সংগীতজ্ঞ আৰু ঊনবিংশ শতিকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ। কবিৰ ভাষাত তেওঁ " ঐশ্বৰিক হাতৰ গৰাকী" আছিল।
-
শোভা গুৰ্টু
শোভা গুৰ্টু ( Shobha Gurtu; ১৯২৫–২০০৪) লঘু হিন্দুস্তানী শাস্ত্ৰীয় শৈলীৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আছিল। বিশুদ্ধ শাস্ত্ৰীয় শৈলীৰ ওপৰতো সমান আধিপত্য আছিল যদিও লঘু শাস্ত্ৰীয় সংগীতৰ দ্বাৰাহে তেওঁ খ্যাতি লাভ কৰিছিল। এটা সমৃদ্ধ কণ্ঠৰ বাবে তেওঁ থুমৰী ৰাণী হিচাপে পৰিচিত হৈছিল।
-
অৰ্ক মুখাৰ্জী
অৰ্ক মুখাৰ্জী (Arko Mukhaerjee) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় গায়ক আৰু নগৰীয়া লোকসংগীত শিল্পী। তেওঁ বাংলা আৰু নেপালীকে ধৰি বিভিন্ন ভাষাত লোকগীত পৰিৱেশন কৰে। তেওঁ বিশটাতকৈও অধিক ভাষাত গীত পৰিৱেশন কৰিব পাৰে আৰু পাঁচবিধ ভিন্ ভিন্ বাদ্যযন্ত্ৰ বজাব পাৰে।
-
আনুংলা জুই লংকুমুৰ
আনুংলা জুই লংকুমুৰ (ইংৰাজী: Anungla Zoe Longkumer) এগৰাকী ভাৰতীয় লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা আৰু সংগীতজ্ঞ। তেওঁ নাগালেণ্ডৰ বাসিন্দা। তেওঁ নিজৰ কৰ্মৰ জৰিয়তে নগা লোক-পৰম্পৰা, বিশেষকৈ মৌখিক পৰম্পৰা, মহিলাৰ আখ্যান আৰু নগা পৰিচয় সংৰক্ষণ তথা প্ৰচাৰৰ বাবে পৰিচিত।
-
কংকনা বেনাৰ্জী
কংকণা বেনাৰ্জী (জন্ম: ১৯ এপ্ৰিল ১৯৪৬) এজন ভাৰতীয় শাস্ত্ৰীয সংগীতশিল্পী। তেওঁ লক্ষ্ণৌত ভাৰতীয় শাস্ত্ৰীয সংগীতজ্ঞ ওস্তাদ আমিৰ খানৰপৰা শিক্ষা গ্ৰহণ কৰিছিল।
-
কৌশিকী চক্ৰৱৰ্তী
বিদূষী কৌশিকী চক্ৰৱৰ্তী (জন্ম ২৪ অক্টোবৰ ১৯৮০) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু সুৰকাৰ। তেওঁ সংগীত গৱেষণা একাডেমীৰ ছাত্ৰী আৰু পাটিয়ালা ঘৰানাৰ এগৰাকী পৰিৱেশক। তেওঁ তেওঁৰ প্ৰদৰ্শনীত বিশুদ্ধ ধ্ৰুপদী, খেয়াল, দাদৰা, থুমৰি, ভজন আদি ভাৰতীয় সংগীতৰ কেইবাটাও প্ৰকাৰক সামৰি লৈছে।
-
পুলক বন্দ্যোপাধ্যায়
পুলক বন্দ্যোপাধ্যায় (২ মে ১৯৩১ – ৭ চেপ্তেম্বৰ ১৯৯৯) এজন ভাৰতীয় বাঙালী গীতিকাৰ, সুৰকাৰ আৰু চাৰি হাজাৰৰো অধিক গীতৰ স্ৰষ্টা।
-
বাণী সান্ধু
বাণী সান্ধু (Baani Sandhu; জন্ম: ১৮ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ পঞ্জাবী ভাষাৰ সংগীত আৰু চলচ্চিত্ৰত তেওঁৰ কামৰ বাবে জনাজাত।
-
বিদ্যা শংকৰ
বিদ্যা শংকৰ ( Vidya Shankar; ২৮ ডিচেম্বৰ ১৯১৯—২৯ জুন ২০১০) এগৰাকী প্ৰতিষ্ঠিত সংগীতজ্ঞ, শিক্ষাবিদ আৰু বীণা বাদক আছিল। তেওঁ অনুশীলনকাৰী শিল্পীৰ বাবে সৰ্বোচ্চ ভাৰতীয় বঁটা সংগীত নাটক একাডেমী লাভ কৰিছিল।
-
সুমা সুধিন্দ্ৰ
সুমা সুধিন্দ্ৰ ( Suma Sudhindra ) এগৰাকী শাস্ত্ৰীয় সংগীতজ্ঞ আৰু কৰ্ণাটকী সংগীত ধাৰাৰ বীণা বাদক। ২০০১ চনত তেওঁ কৰ্ণাটকৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ৰাজ্যোৎসৱ বঁটা লাভ কৰে। তেওঁ বাংগালুৰুত বাস কৰে। তেওঁৰ স্বামী এগৰাকী দন্ত চিকিৎসক আৰু তেওঁলোকৰ দুগৰাকী কন্যা আছে। সুমা এগৰাকী চৌখিন বনছাই সংগ্ৰাহক।
-
ৰামামাত্য
ৰামামাত্য (RAMAMATYA) হৈছে এগৰাকী সংগীতজ্ঞ।