বিদ্যা শংকৰ ( Vidya Shankar; ২৮ ডিচেম্বৰ ১৯১৯—২৯ জুন ২০১০) এগৰাকী প্ৰতিষ্ঠিত সংগীতজ্ঞ, শিক্ষাবিদ আৰু বীণা বাদক আছিল।১ তেওঁ অনুশীলনকাৰী শিল্পীৰ বাবে সৰ্বোচ্চ ভাৰতীয় বঁটা সংগীত নাটক একাডেমী লাভ কৰিছিল।
কৰ্মজীৱন
সৰুতে বিদ্যাক ঘৰতে হাইস্কুললৈকে পঢ়োৱা হৈছিল। তেওঁগণিতত দক্ষ আছিল, যিটো তেওঁৰ প্ৰিয় বিষয় আছিল। তেওঁৰ এই ক্ষেত্ৰখনত ডিগ্ৰী লাভ কৰাৰ উদ্দেশ্য আছিল, কিন্তু দেউতাকে তেওঁৰ ইচ্ছাক নস্যাৎ কৰিছিল। দেউতাকে অনুভৱ কৰিছিল যে "কলেজত এজনী ছোৱালীৰ বাবে এয়া অতি কঠিন বিষয়। সেয়েহে তেওঁ বীণাক ইয়াৰ পৰিৱৰ্তে সংগীত ল'বলৈ বাধ্য কৰাইছিল।" শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ অৱশ্যে কলা নিলয়ম, শিশু উদ্যান বিদ্যালয় আৰু পিছলৈ চেন্নাইৰ কলাক্ষেত্ৰ ফাউণ্ডেশ্যনত গণিত শিকাইছিল। পিছলৈ কৰ্ণাটকী সংগীতৰ কেন্দ্ৰীয় মহাবিদ্যালয়ত সংস্কৃত আৰু সংগীত বিজ্ঞানৰ অধ্যাপনা কৰে।২
বিদ্যাই নিজৰ প্ৰাৰম্ভিক সংগীত শিক্ষা টি. এচ সবেছা আয়াৰ পৰা লৈছিল। মাদ্ৰাচ সবাপতি আয়াৰ আৰু সংগীতজ্ঞ টি এল ভেংকটৰমণে তেওঁ উচ্চতৰ সংগীত শিক্ষা দিছিল। সংস্কৃত আৰু ইংৰাজী ভাষাত দক্ষতাৰ বাবে তেওঁ কৰ্ণাটকৰ মহান সংগীতজ্ঞ শ্যামা শাস্ত্ৰীৰ ওপৰত অসংখ্য প্ৰবন্ধ আৰু গ্ৰন্থ প্ৰকাশ কৰিছে। ২০০৭ চনত তেওঁক সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হয়।১
সন্মান
- ২০০৭: বীণা বাদনত (কৰ্ণাটকী সংগীত) সংগীত নাটক একাডেমী বঁটা।হয়।১
তথ্যসূত্ৰ
- ↑ Krishnan, Lalithaa. (1 July 2010). Art and science converged here. The Hindu
- ↑ (30 June 2010). Vainika Vidya Shankar no more. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যা শংকৰ” প্ৰবন্ধৰ সংশোধন ৪৮৮৯৫৪ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।