অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মহিষাসুৰমৰ্দ্দিনী (অনাতাঁৰ কাৰ্যসূচী)

মহিষাসুৰমৰ্দ্দিনী (Mahishasuramarddini) বহুলভাৱে জনপ্ৰিয় প্ৰাৰম্ভিক কালৰ এক বিশেষ প্ৰভাতী বঙালী অনাতাঁৰ অনুষ্ঠান, যি আকাশবাণী কলকাতা যোগে ১৯৩২ চনৰ পৰা নিৰন্তৰ প্ৰতি বছৰে মহালয়াৰ দিনা সম্প্ৰচাৰিত হৈ আহিছে।

হালনাগাদ: ১০ জুলাই ২০২৬ ৪৬৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মহিষাসুৰমৰ্দ্দিনী (Mahishasuramarddini) বহুলভাৱে জনপ্ৰিয় প্ৰাৰম্ভিক কালৰ এক বিশেষ প্ৰভাতী বঙালী অনাতাঁৰ অনুষ্ঠান, যি আকাশবাণী কলিকতা যোগে ১৯৩২ চনৰ পৰা নিৰন্তৰ প্ৰতি বছৰে মহালয়াৰ দিনা সম্প্ৰচাৰিত হৈ আহিছে। ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ বাবে এতিয়া অনুষ্ঠানটো সমগ্ৰ ভাৰতৰ আকাশবাণীৰ আন বহু কেন্দ্ৰয়ো সম্প্ৰচাৰ কৰে।১ দেৰঘণ্টাৰ এই অনুষ্ঠানত আছে শ্ৰীশ্ৰী চণ্ডী বা দুৰ্গা পৰা গৃহীত দেৱী চণ্ডীৰ স্তোত্ৰ বা চণ্ডীপাঠ, বঙালী ভক্তিগীতি, ধ্ৰুপদী সংগীত আৰু পৌৰাণিক কাহিনীক নাট্যৰূপ।২ এই অনুষ্ঠানটো হিন্দীলৈ অনুবাদ কৰা হৈছে আৰু একে সময়তে সমগ্ৰ ভাৰতীয় দৰ্শকৰ বাবে সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা লাইভ-পাৰফৰ্মেঞ্চ হিচাপে আৰম্ভ হোৱা এই অনুষ্ঠানটো ১৯৬৬ চনৰ পৰাই প্ৰি-ৰেকৰ্ডিং ফৰ্মেটত সম্প্ৰচাৰ হৈ আহিছে।৩৪ ৯৩ বছৰতকৈ অধিক কাল পাছত আজিও ইয়াৰ বিশাল জনপ্ৰিয়তা হ্ৰাস পোৱা নাই।৫৬৭৮

এই অনুষ্ঠান মহালয়াৰ সমাৰ্থক হৈ পৰিছে। আজিও এই অনুষ্ঠানৰ প্ৰতি আকৰ্ষিত বংগ আৰু পূব ভাৰতীয়সকলৰ অধিকাংশই মহালয়াৰ দিনটোত পুৱা চাৰি বজাতে উঠি আকাশবাণীত মহিষাসুৰমৰ্দ্দিনী সম্প্ৰচাৰ শুনে। বৰ্তমান আকাশবাণীৰ পৰা অধিকাৰ লাভ কৰা ইয়াৰে এটা ৰেকৰ্ডিং এইচ এম ভি-আৰ পি জিৰ অডিঅ’ কেছেট আৰু কম্পেক্ট ডিস্কতো পোৱা যায়। ২০০২ চনৰ হিচাপত চিডি সংস্কৰণত ১৯টা ট্ৰেক উপলব্ধ।৯

বীৰেন্দ্ৰ চন্দ্ৰ ভদ্ৰ

মহালয়াক সকলোৰে বাবে স্মৰণীয় কৰি তোলাৰ মূল মানুহজনে হৈছে বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ হৈছে, “মহিষাসুৰমৰ্দিনী”ৰ আঁৰৰ কণ্ঠ।[11] পবিত্ৰ শ্লোকসমূহ পাঠ কৰি তেওঁ দুৰ্গাৰ পৃথিৱীলৈ আগমণৰ কাহিনী বৰ্ণনা কৰে। ১৯৩১ চনত কলিকতাৰ আকাশবাণীত প্ৰথমবাৰৰ বাবে ৰেডিঅ'যোগে মহালয়া সম্প্ৰচাৰ কৰা হয়। এই অনুষ্ঠান প্ৰস্তুত কৰিছিল পংকজ কুমাৰ মল্লিক, প্ৰেমাংকুৰ আতৰ্থি, বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ, নৃপেন্দ্ৰ কৃষ্ণ মুখোপাধ্যায় আৰু ৰাইচাঁদ বৰালে।[12]

তেওঁৰ আবৃত্তি ইমানেই জনপ্ৰিয় আছিল যে ১৯৭৬ চনত যেতিয়া বিখ্যাত বঙালী অভিনেতা উত্তম কুমাৰৰ কণ্ঠত দুৰ্গা দুৰ্গতিহাৰিনী নামেৰে এই অনুষ্ঠান বাণীবদ্ধ কৰা হৈছিল, কিন্তু দৰ্শকৰ পৰা অনুকূল সঁহাৰি নাপাই আকাশবাণীয়ে পুনৰ বীৰেন্দ্ৰ ভদ্ৰৰ মূল সংস্কৰণলৈ উভতি গৈছিল।[13]

ভদ্ৰৰ বহু আগতেই মৃত্যু হৈছে যদিও তেওঁৰ বাণীবদ্ধ কণ্ঠই এতিয়াও মহালয়া অনুষ্ঠানৰ মূল আকৰ্যণ। তেওঁ ডেৰ ঘণ্টা ধৰি মহালয়াৰ আবৃত্তি কৰে, আবৃত্তিৰ ঐশ্বৰিক আভাৰে প্ৰতিখন ঘৰক তেওঁ মন্ত্ৰমুগ্ধ কৰি ৰাখে, যেতিয়া বঙালীসকলে প্ৰাৰ্থনাৰ নিস্তব্ধ মুহূৰ্তত নিজৰ আত্মাক নিমজ্জিত কৰি ৰাখে।

সংগীত ৰচনা

যদিও অনুষ্ঠানটো ধৰ্মতত্ত্ব আৰু বৈদিকমন্ত্ৰ বিযয়ক, ই এক ঐতিহাসিক ৰচনা। ইয়াৰ চিত্ৰনাট্য বাণী কুমাৰৰ আৰু বৰ্ণনা কৰিছে বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰই। গীতসমূহ সুৰীয়া কণ্ঠেৰে গাইছে প্ৰতিমা বন্দোপাধ্যায় (অমল কিৰণে), দ্বিজেন মুখোপাধ্যায় (জাগো দুৰ্গা জাগো দশোপ্ৰহৰণধাৰিনী), মানবেন্দ্ৰ মুখোপাধ্যায় (তবো অচিন্ত), সন্ধ্যা মুখাৰ্জী, আৰতি মুখাৰ্জী, উৎপলা সেন, শ্যামল মিত্ৰআৰু সুপ্ৰীতি ঘোষে (বাজলো তোমাৰ আলোৰ বেনু)।১০ এই মনোমোহা সংগীতৰ ৰচনা কৰিছে পংকজ মল্লিকে।১১

সংগীত তালিকা

এই অনুষ্ঠানৰ বাবে ১৮ গান থাকে, য'ত হ'ল:-

সংখ্যাগানকণ্ঠশিল্পীবাঙালী লিপ্যন্তৰইংৰাজী লিপ্যন্তৰ
১.যা চণ্ডীসংগীবৃন্দযা চণ্ডীYa Chandi
২.সিংহস্থা শশীশেখৰাসংগীবৃন্দসিংহস্থা শশীশেখরাSimhastha Shashishekhara
৩.বাজলো কে তোমাৰ আলো বেণুসুপ্ৰীতি ঘোষবাজলো কে তোমার আলোর বেণুBajlo Ke Tomar Alor Benu
৪.জাগো দুৰ্গা, লাগো দশপ্ৰহৰণধাৰিণীদ্বিজেন মুখাৰ্জীজাগো দুর্গা, জাগো দশপ্রহরণধারিণীJago Durga, Jago Daspraharanadharini
৫.ওগো আমাৰ আগমনী আলোশিপ্ৰা বসুওগো আমার আগমনী আলোOgo Aamar Agomoni Alo
৬.তৱ অচিন্ত্য-ৰূপ-চৰিত-মহিমামানবেন্দ্ৰ মুখাৰ্জীতব অচিন্ত্য-রুপ-চরিত-মহিমাTobo Achintya-Rupa-Charita-Mahima
৭.অহং ৰুদ্ৰেভিৰ্বসুভিশ্চৰাসংগীবৃন্দঅহং রুদ্রেভির্বসুভিশ্চরাAham Rudrebhirvasubhishchra
৮.অখিল বিমালে তৱ জয় গানেকৃষ্ণা দাসগুপ্তঅখিলো বিমানে তব জয় গানেAkhilo Bimane Tobo Joyo Gane
৯.শুভ্ৰ শঙ্খ ৰবেশ্যামল মিত্ৰ, অসীমা ভট্টাচাৰ্য, আৰতি মুখাৰ্জীশুভ্র শঙ্খ রবেShubhra Shankh Robe
১০.জটাজুটসমাযুক্তামর্দ্ধেন্দুকৃতশেখৰামসংগীবৃন্দজটাজুটসমাযুক্তামর্দ্ধেন্দুকৃতশেখরামJatajutasamayutka-Marddhendukritashekharam
১১.নমো চণ্ডী, নমো চণ্ডীবিমলা ভূষণনমো চণ্ডী, নমো চণ্ডীNamo Chandi, Namo Chandi
১২.মাগো তৱ বিনে সংগীত প্ৰেম-ললিতসুমিত্ৰা সেনমাগো তব বিনে সঙ্গীত প্রেম-ললিতMago Tobo Bine Songit Prem-Lalita
১৩.বিমানে বিমানেসন্ধ্যা মুখাৰ্জীবিমানে বিমানেBimane Bimane
১৪.জয় জয় জাপ্যজয়েসংগীবৃন্দজয় জয় জাপ্যজয়Jaya Jaya Japyajaye
১৫.হে চিন্ময়ীতৰুন চেটাৰ্জীহে চিন্ময়ীHe Chinmoyi
১৬.অমল-কিৰণে ত্ৰিভূৱন-মনোহাৰিণীপ্ৰতিমা বন্দোপাধ্যায়অমল-কিরণে ত্রিভূবন-মনোহারিণীAmala-Kirone Tribhuban-Manoharini
১৭.জয়ন্তী মঙ্গলা কালী (ৰূপং দেহী জয়ং দেহী, যশো দেবী দ্বিষো জহি)পঙ্কজ কুমাৰ মল্লিক আৰু সংগীবৃন্দজয়ন্তী মঙ্গলা কালী (রূপং দেহী জয়ং দেহী, যশো দেহী দ্বিষো জহি)Jayanti Mangala Kali (Rupang Dehi Jayang Dehi, Yashod Dehi Dwisho Jahi)
১৮.শান্তি দিলে ভৰিউৎপলা সেনশান্তি দিলে ভরিShanti Dile Bhori

এই গান লগতে বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ মন্ত্ৰ দিয়ে, যেনে "নাৰায়নী নমোস্তুতে" আৰু "যা দেৱী সৰ্বভুতেষু"।

তথ্য উৎস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Biography of Birendra Krishna Bhadra
  2. ↑ durga_puja: Mahalaya. www.netglimse.com
  3. ↑ [Birendra Krishna Bhadra: A Legend, A Nostalgia (Original in Bangla) ©Ajit Basu, Publisher:Sahayatri, 8, Patuatola Lane, Kolkata 700009.]
  4. ↑ History of first broadcast of Mahishasur Mardini
  5. ↑ Biography of Pankaj Kumar Mullick - the versatile musical genius. www.pankajmullick.org
  6. ↑ Mahalaya ushers in the Puja spirit দ্য টাইম্‌ছ অৱ ইণ্ডিয়া, TNN 19 September 2009
  7. ↑ Morning Raga Indian Express, PiyasreeDasgupta, Sep 18, 2009
  8. ↑ Tanya Basu. (Sep 23, 2014). An 83-Year-Old Song Dominates India's Airwaves Every Year. The Atlantic
  9. ↑ Mahisasura Mardini by Birendra Krishna Bhadra (AIR Recording) – Details of tracks and artists. QuiQinQ
  10. ↑ Mahalaya: Durga Puja mahalaya: Durga Puja. www.bangalinet.com
  11. ↑ Biography of Pankaj Kumar Mullick - the versatile musical genius. www.pankajmullick.org

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবংগদুৰ্গা পূজা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহিষাসুৰমৰ্দ্দিনী (অনাতাঁৰ কাৰ্যসূচী)” প্ৰবন্ধৰ সংশোধন ৬১৬৫৬০ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।