ভাৰতৰ ৰাজধানী নগৰ
১৩ প্ৰবন্ধ
-
গুৱাহাটী
গুৱাহাটী অসমৰ সৰ্ববৃহৎ মহানগৰ আৰু উত্তৰ-পূব ভাৰতৰ এক মুখ্য বাণিজ্যিক, শৈক্ষিক আৰু প্ৰশাসনিক কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ নগৰটোক ঐতিহাসিকভাৱে প্ৰাগজ্যোতিষপুৰৰ সৈতে সংযুক্ত কৰা হয় আৰু আধুনিক যুগত ই “উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ” ৰূপে বিশেষ ভূমিকা পালন কৰি আহিছে।
-
কলিকতা
কলিকতা বা কলকাতা (Kolkata; বা Calcutta, কলকাতা) পশ্চিমবংগৰ ৰাজধানী, প্ৰদান বাণিজ্য কেন্দ্ৰ আৰু বৃহত্তম নগৰ। বঙালীত "কোলকাতা"ক আগতে "কলিকাতা" বুলি কোৱা হৈছিল। ই ভাৰতৰ মহানগৰসমূহৰ ভিতৰত অন্যতম। হুগলীৰ পূব দিশত অৱস্থিত এই নগৰৰ পৌৰ এলেকাৰ জনসংখ্যা ৫০ লাখৰো অধিক।
-
দিল্লী
দিল্লী (Delhi, दिल्ली), আধিকাৰীক নাম দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (National Capital Territory of Delhi, NCT), হৈছে ভাৰতৰ এক মহানগৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ভাৰতৰ ৰাজধানী নতুন দিল্লী ইয়াৰ অন্তৰ্গত।
-
চেন্নাই
চেন্নাই (তামিল: சென்னை) বা পূৰ্বৰ (তামিল: மதறாஸ் মাড্ৰাছ) দক্ষিণ ভাৰতৰ তামিল নাডু ৰাজ্যৰ ৰাজধানী তথা ভাৰতৰ চতুৰ্থতম বৃহত্তম মেট্ৰ'পলিটান চহৰ। এইখন বঙ্গোপসাগৰৰ কৰমণ্ডল উপকূলত অৱস্থিত।
-
হাইদৰাবাদ
হাইদৰাবাদ (హైదరాబాదు,;) ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ ৰাজধানী। এই চহৰক "চিটি অব পাৰ্লছ" বুলি জনা যায়। হাইদৰাবাদৰ আয়তন ৬৫০ বৰ্গকিঃমিঃ আৰু জনসংখ্যা ৬৮ লাখ।
-
চণ্ডীগড়
চণ্ডীগড় (Chandigarh) উত্তৰ ভাৰতত অৱস্থিত এখন চহৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ই চুবুৰীয়া ৰাজ্য পঞ্জাব আৰু হাৰিয়ানাৰ ৰাজধানী। এই চহৰ দুয়োখন ৰাজ্যৰে অংশ নহয় আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ শাসন চলায়। চণ্ডীগড়ৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ দিশত পঞ্জাব আৰু পূব দিশত হাৰিয়ানা অৱস্থিত।
-
জয়পুৰ
জয়পুৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজধানী তথা বৃহত্তম চহৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি, ৩১ লাখ লোকৰ সৈতে ই ভাৰতৰ দশম আটাইতকৈ জনবহুল চহৰ। ইয়াক গোলাপী নগৰ (Pink City) বুলিও জনা যায় কাৰণ ইয়াৰ অধিকাংশ অট্টালিকাৰ ৰং গুলপীয়া। ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা ইয়াৰ দূৰত্ব ২৬৮ কি:মি: (১৬৭ মাইল)।
-
দেৰাডুন
দেৰাডুন ভাৰতৰ এখন মহানগৰ আৰু ই উত্তৰাখণ্ডৰ ৰাজধানী। এই চহৰ খন ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীৰ পৰা প্ৰায় ২৩৬ কিলোমিটাৰ উত্তৰে গিৰিৰাজ হিমালয়ৰ পাদদেশত অৱষ্ঠিত। চহৰখনৰ পশ্চিমে গংগানদী আৰু পূবে যমুনা নদী আছে। দেৰাডুন চহৰৰ জলবাযু প্ৰায়ে শীতল হৈ থাকে।
-
ইম্ফাল
ইম্ফাল (ꯏꯝꯐꯥꯜ), ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী আৰু মহানগৰ। চহৰ খনৰ কেন্দ্ৰত পুৰণি মণিপুৰ ৰাজ্যৰ ৰাজ হাউলি কাংলা মহলৰ ভগ্নাৱশেষ চাৰিওফালে গড়াৰে আৱৰি আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪৪ চনৰ মাৰ্চ মাহৰ পৰা জুলাইলৈকে ইয়াত ইম্ফল যুদ্ধ সংঘটিত হৈছিল। ইম্ফাল মহানগৰৰ বৰ্তমান মেয়ৰ এল. লোকেশ্বৰ সিং।
-
আগৰতলা
আগৰতলা (আগব়তলা; Agartala, ) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী, আৰু উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ চহৰ। চহৰখন আগৰতলা পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হয়। চহৰখন ত্ৰিপুৰা চৰকাৰৰ আসন।
-
আইজল
আইজল (Aizawl;; মিজো: ) হৈছে মিজোৰামৰ ৰাজধানী চহৰ। ১৮৯০ চনত ২৫ ফেব্ৰুৱাৰীত আইজল চহৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। মুঠ ২,৯৩,৪১৬ জনসংখ্যাৰে ই ৰাজ্যখনৰ বৃহত্তম চহৰ। ৰাজ্যৰ প্ৰশাসনীয় কাম-কাজসমূহ ইয়াৰপৰাই পৰিচালিত হয়। জনগাঁঠনিৰ সিংহভাগ মিজোসকলৰ বিভিন্ন জনগোষ্ঠীৰে গঠিত।
-
গেংটক
গেংটক হৈছে এখন পৌৰসভা পৰিচালিত চহৰ,ৰাজধানী আৰু ভাৰতৰ ছিকিম ৰাজ্যৰ সৰ্ববৃহৎ জনবহুল স্থান। গেংটক উত্তৰ পূব ভাৰতৰ এখন ধুনীয়া চহৰ। গেংটক ছিকিম ৰাজ্যৰ পূব ছিকিম জিলাৰ মুখ্য কাৰ্যালয়ো। গেংটক চহৰ পূৱ হিমালয়ত অৱস্থিত। গেংটক চহৰপূৱ হিমালয়ত অৱস্থিত।
-
গান্ধীনগৰ
গান্ধীনগৰ (Gandhinagar) ভাৰতৰ গুজৰাট ৰাজ্যৰ ৰাজধানী নগৰ। গান্ধীনগৰ ভাৰতৰ ৰাজনৈতিক ৰাজধানী দিল্লী আৰু ভাৰতৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইৰ মধ্যৱৰ্তী ঔদ্যোগিক কৰিড'ৰৰ পশ্চিম কেন্দ্ৰীয় পইণ্ট, আহমেদাবাদৰ প্ৰায় ২৩ কিলোমিটাৰ উত্তৰে অৱস্থিত।