পশ্চিম ইম্ফাল জিলা (Imphal West district, Pron:/ˈɪmfəl or ɪmˈfɑːl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা মণিপুৰৰ জিলাসমূহৰ ভিতৰত সৰ্বোচ্চ৷ ১
ভৌগোলিক অৱস্থান
পশ্চিম ইম্ফাল জিলাৰ সদৰ ঠাই Lamphelpat নগৰ৷ এইজিলাৰ মুঠ মাটিকালি ৫৫৮ বৰ্গ কিলোমিটাৰ৷
অৰ্থনীতি
"District Infrastructure Index"-ৰ সূচাংক অনুসৰি মণিপুৰৰ জিলাসমূহৰ ভিতৰত এই জিলাৰ স্থান প্ৰথম৷২
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম ইম্ফল জিলাৰ মুঠ জনসংখ্যা ৫১৪,৬৮৩ গৰাকী৷১ গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৪৫৷১ জিলাখনত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৯৯২ জন৷১ ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৫.৮২% ৷ ১ পশ্চিম ইম্ফল জিলাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০২৯ গৰাকী৷১ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৬.৭%৷১
মহকুমা
পশ্চিম ইম্ফাল জিলা চাৰিটা মহকুমা আৰু ১০ টা প্ৰশাসনিক চাৰ্কোলত বিভক্ত:
- Lamphalphat মহকুমা: Lamphelpat
- Patsoi মহকুমা: Patsoi, Konthoujam
- Lamsang মহকুমা: Salam, Lamsang, Sekmai
- Wangoi মহকুমা: Hiyangthang, Lilong Chajing, Wangoi, Mayang Imphal
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ District at a glance. Imphal West district website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিম ইম্ফাল জিলা” প্ৰবন্ধৰ সংশোধন ৩৮১৬৯২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।