স্কাৰ্ভী ভিটামিন চি-ৰ অভাৱত হোৱা এক ৰোগ। দুৰ্বলতা, ভাগৰ লগা আৰু হাত-ভৰিৰ বিষ এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ। চিকিৎসাৰ অবিহনে লোহিত ৰক্ত কণিকাৰ সংখ্যা কমা, দাঁতৰ আলুৰ ৰোগ, চুলিৰ গুণাগুণ সলনি আৰু ছালৰ পৰা ৰক্তপাত হ'ব পাৰ।১ ৰোগ বাঢ়ি গ'লে ঘাঁ সোনকালে নুশুকুৱা, ব্যক্তিত্বৰ সলনিৰ দেখা যোৱাৰ লগতে সংক্ৰমণ বা ৰক্তপাতৰ ফলত শেষত মৃত্যু পৰ্যন্ত হ'ব পাৰে।
খাদ্যত ভিটামিন চি-ৰ অভাৱতে স্কাৰ্ভী ৰোগ হয়। অতি কমেও এমাহলৈ খাদ্যপ্ৰাণ গ-ৰ অভাৱ ঘটিলে লক্ষণ দেখা যায়। আজিকালি এই ৰোগ মানসিক ৰোগী, অস্বাভাৱিক খাদ্যাভ্যাস, সুৰাসক্ততা আৰু অকলে থকা বয়সীয়াল লোকৰ ক্ষেত্ৰতহে বেছিকৈ পোৱা যায়। আন কাৰকৰ ভিতৰত আছে অন্ত্ৰৰ অশোষণ (intestinal malabsorption) আৰু ডায়েলাইছিছ। মানুহ আৰু আন কিছুমান প্ৰাণীৰ বাবে ক'লাজেন তৈয়াৰ কৰিবলৈ খাদ্যত ভিটামিন চি-ৰ প্ৰয়োজন। দৈহিক লক্ষণ, এক্স ৰে' আৰু চিকিৎসাৰ পাছত অৱস্থাৰ উন্নতি হোৱাকৈ চাই ৰোগ নিৰ্ণয় কৰা হয়।
ভিটামিন চি ঔষধ মুখেৰে খাই ইয়াৰ চিকিৎসা কৰা হয়। কেইদিনমানৰ পছতে লক্ষণৰ উন্নতি দেখা যায় আৰু কেইসপ্তাহমানৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য লাভ হয়। ভিটামিন চি থকা খাদ্যৰ ভিতৰত টেঙা ফল-মূল, বিলাহী আৰু আলুৰ দৰে শাক-পাছলি প্ৰধান। খাদ্য ৰান্ধিলে সাধাৰণতে ভিটামিন চি-ৰ পৰিমাণ কমি আহে।
বৰ্তমান কালত ভাৰ্ভী দুৰ্লভ। উন্নয়নশীল দেশবোৰত পুষ্টিহীনতাৰ লগত সচৰাচৰ স্কাৰ্ভী দেখা যায়। শৰৰ্নাৰ্থীসকলৰ মাজত স্কাৰ্ভীৰ হাৰ ৫%ৰ পৰা ৪৫%।২ প্ৰাচীন ইজীপ্টৰ সময়তে প্ৰথমে স্কাৰ্ভীৰ বিৱৰণ পোৱা যায়। দীৰ্ঘ দূৰত্বৰ সাগৰ যাত্ৰাত স্কাৰ্ভীয়ে আহুকালৰ সৃষ্টি কৰিছিল।৩ অনুমান কৰা হয় যে জলপথৰ যুগত (Age of Sail) যিকোনো যাত্ৰাত প্ৰায় ৫০% নাবিকৰ স্কাৰ্ভীত মৃত্যূ হৈছিল।৪ ১৭৫৩ চনত স্কটিছ শল্য চিকিৎসক জে'মছ লিণ্ডে স্কাৰ্ভীক টেঙা ফল-মূলেৰে ভাল কৰিব পাৰি বুলি প্ৰমাণ কৰে।৫ কিন্তু ১৭৯৫ চনমানতহে স্বাস্থ্য সংস্কাৰক গিলবাৰ্ট ব্লেন আৰু আনসকলে নাবিকক নিয়মিত নেমু ৰস খুৱাবলৈ ব্ৰিটিছ ৰাজকীয় নৌবাহিনীক সৈমান কৰে।৪৫
অতিৰিক্ত পঠন
- Brown, Stephen R. Scurvy: How a Surgeon, a Mariner, and a Gentleman Solved the Greatest Medical Mystery of the Age of Sail
- Carpenter, K.J. (1986). The History of Scurvy and Vitamin C. Cambridge
- Cegłowski, Maciej. (7 March 2010). Scott and Scurvy. IdleWords.com
- Vale, B. & Edwards, G. (2011). Physician to the Fleet: The Life and Times of Thomas Trotter 1760-1832. Boydell
তথ্যসূত্ৰ
- ↑ (11 February 2016). Vitamin C. Office of Dietary Supplements
- ↑ Renzaho, Andre M. N. (2016). Globalisation, Migration and Health: Challenges and Opportunities. World Scientific. পৃ. 94. ISBN 978-1-78326-889-4
- ↑ Toler, Pamela D. (2012). Mankind: The Story of All of Us. Running Press. পৃ. 296. ISBN 0762447176
- ↑ Price, Catherine. (2017). The Age of Scurvy. Distillations. পৃ. 12-23
- ↑ Hemilä, Harri. (29 May 2012). A Brief History of Vitamin C and its Deficiency, Scurvy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্কাৰ্ভী” প্ৰবন্ধৰ সংশোধন ৬৩২৫৬৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।