অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আপো

আপো, আপোং বা পোকা হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসমত বিস্তৃত তানি জনগোষ্ঠীৰ মাজত প্ৰচলিত নিচাযুক্ত পানীয়। এই পানীয় চাউল গলন কৰি প্ৰস্তুত কৰা হয়। ইয়াক বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন নামেৰে নামকৰণ কৰে। অৰুণাচল প্ৰদেশৰ বিভিন্ন জনজাতীয় উৎসৱ যেনে ন্যোকুম আদিত আপো ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ১১ এপ্ৰিল ২০২৫ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

আপো, আপোং বা পোকা হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসমত বিস্তৃত তানি জনগোষ্ঠীৰ মাজত প্ৰচলিত নিচাযুক্ত পানীয়। এই পানীয় চাউল গলন কৰি প্ৰস্তুত কৰা হয়। ইয়াক বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন নামেৰে নামকৰণ কৰে।

অৰুণাচল প্ৰদেশৰ বিভিন্ন জনজাতীয় উৎসৱ যেনে ন্যোকুম আদিত আপো ব্যৱহাৰ কৰা হয়। এই পানীয় পান কৰাৰ আগতে উপজাতীয় সকলে দেৱতা (ৱিয়ু)ক নিবেদন কৰে।১ বিভিন্ন ধৰ্মীয় অনুষ্ঠান, কৃষি কাৰ্যসূচী, বিহু, ড্ৰী উৎসৱ আদি উপলক্ষে আপো পৰিবেশন কৰা হয়।২

আপোক বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ ভাষাত বিভিন্ন নামেৰে জনে, যেনে টাই-আহোম ভাষাত 'সাঁজ', মিচিং ভাষাত 'আপং', বড়ো ভাষাত 'জৌ (জু মাই)' আৰু দেউৰী ভাষাত 'চুজেন'। আপো ব্যৱসায়িকভাৱে বিতৰণ কৰা নহয়, কাৰণ ই সাংস্কৃতিক ঐতিহ্যৰ অংশ হিচাপে পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা হয়। আপো সাধাৰণতে ঘৰতে বনোৱা হয় আৰু সকলোৱে একেলগে উপভোগ কৰে।৩

উৎপত্তি আৰু ইতিহাস

আপোৰ উৎপত্তিৰ নিৰ্দিষ্ট তথ্য উপলব্ধ নাই, যদিও এই পৰম্পৰা নৱ প্ৰস্তৰ যুগৰ পৰা থাকিব পাৰে বুলি অনুমান কৰা হয়।৪ মিচিং জনগোষ্ঠীয়ে আপো প্ৰস্তুত কৰা পৰম্পৰাটো প্ৰথম উন্নীত কৰিছিল বুলি কোৱা হয়।৫

প্ৰস্তুতি প্ৰক্ৰিয়া

আপো সাধাৰণতে ঘৰত বনোৱা হয়। চাউল বনাই তাৰ সৈতে বেলি পোৰা খুটিৰ খাৰ মিশ্ৰণ কৰি গলন কৰা হয়। গৰম দিনত এই গলন প্ৰক্ৰিয়াই ৫-৬ দিন লয়। গলিত মিশ্ৰণখন ছাঁকি বাঁহৰ টিউবত সাঁচি ৰখা হয়।

সাংস্কৃতিক গুৰুত্ব

আপো মিচিং জনগোষ্ঠীৰ সমাজ-সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ। আলি আঃয়ে লৃগাং, বিহু, বিবাহ অনুষ্ঠান, আৰু বিভিন্ন ধৰ্মীয় উৎসৱত আপো বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰা হয়।৬

স্থানীয় অৰ্থনীতি

স্থানীয় বজাৰত আপো বহু পৰিয়ালৰ আয়ৰ উৎস। ই অঞ্চলটোৰ অৰ্থনীতি উন্নয়নত সহায় কৰে।

আৰু চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kiran Mishra. (1991). Women in a tribal community: a study of Arunachal Pradesh. Vikas Pub. House. পৃ. 76. ISBN 9780706958362
  2. ↑ (5 September 2019). All About Assam. What Is Apong or Apung or Haaz?
  3. ↑ Chakravorty, Jharna; Ghosh, Sampat; Meyer-Rochow, Victor Benno. (14 January 2011). Practices of entomophagy and entomotherapy by members of the Nyishi and Galo tribes, two ethnic groups of the state of Arunachal Pradesh (North-East India). Journal of Ethnobiology and Ethnomedicine. পৃ. 5
  4. ↑ Tanti, Bhaben; Gurung, Lisha; Sarma, Hridip Kumar. (1 July 2010). Ethnobotany of starter cultures used in alcohol fermentation by a few ethnic tribes of Northeast India. Indian Journal of Traditional Knowledge. পৃ. 463–466
  5. ↑ Barman, Rini. (11 November 2017). Assam: How tribal communities brew apong, their drink, reveals a lot about gender and tradition. Scroll
  6. ↑ Pawe, Dimbo; Gogoi, Rajib. (1 January 2013). Ethnobotany of Poro Apong or Chai Mod—a local rice beer of Mishing tribes of Assam. NeBIO. পৃ. 46–49

সম্পৰ্কিত শ্ৰেণী

সুৰাঅসমৰ খাদ্যসংস্কৃতিলোক-সংস্কৃতিঅৰুণাচল প্ৰদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আপো” প্ৰবন্ধৰ সংশোধন ৫০৩১৫৮ (১১ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।