অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

লুক লাও

লুক লাও বা ৰহি হল লাওৰ এটা ডাঠ ৰূপ। ই আহোম ভাষাৰ পৰা আহিছে আৰু ইয়াক সাধাৰণতে আহোমসকলে ব্যৱহাৰ কৰে।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৬ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

লুক লাও বা ৰহি হল লাওৰ এটা ডাঠ ৰূপ। ই আহোম ভাষাৰ পৰা আহিছে আৰু ইয়াক সাধাৰণতে আহোমসকলে ব্যৱহাৰ কৰে।

বিশেষত্ব

লুক লাও চেপা ৰসৰ পৰা প্ৰস্তুত হয় বাবে ইয়াৰ ৰং সোণালী আৰু ইয়াৰ গোন্ধো অতি সুন্দৰ। ইয়াৰ এটা মিঠা সোৱাদ থাকে। লুক লাওত সুৰাগত গুণৰ শতকৰা হাৰ (alcohol percentage) নাম লাওতকৈ বেচি থাকে। এই পানীয় কেবাবিধ বনৌষধিৰ ৰস মিলাই বনোৱা বাবে ই স্বাস্থ্যকৰ পানীয় আহাৰৰ দৰে কাম কৰে।১ ই বিশেষকৈ প্ৰসাৱ পৰিস্কাৰ কৰি গাৰ পৰা গৰম আঁতৰাই দেহাটোক আৰাম দিয়াৰ লগতে কিডনীটোক পৰিস্কাৰ কৰি ৰাখে। ৰ’দত কৰা শাৰীৰিক শ্ৰমৰ পিছত এইবিধ পানীয় বহুতো খেতিয়কে সেৱন কৰা দেখা যায়। এই বিধ ঐতিহাসিক পানীয়, এবিধ অতি বিখ্যাত পানীয় আৰু লগতে মে-ডাম-মে-ফী উৎসৱৰো এক অপৰিহাৰ্য্য দ্ৰৱ্য বা উপাদান।২ ৩

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Session, North East India History Association. (2003). Proceedings of North East India History Association. The Association. পৃ. 113
  2. ↑ Gogoi, Lila. (1991). The History of the system of Ahom administration. Punthi Pustak. পৃ. 209
  3. ↑ Gogoi, Pushpa. (1996). Tai of North East India. Chumphra Printers and Publishers. পৃ. 120

সম্পৰ্কিত শ্ৰেণী

সুৰাঅসমৰ খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুক লাও” প্ৰবন্ধৰ সংশোধন ৫৭৪২৬৫ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।