সুৰা
২০ প্ৰবন্ধ
-
সুৰা
সুৰা'(মদ, মদিৰা, সোমৰস, ফটিকা আদি নামেৰেও জনা যায়। ইংৰাজীত ৱাইন বুলি কোৱা হয়। ) হৈছে কিম্বন কৰা ফলৰ পৰা তৈয়াৰী এলকহলিক পানীয়। ঈষ্টে ফলৰ চেনি শোষণ কৰি ইথানল আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰিত কৰে, প্ৰক্ৰিয়াত তাপ মুক্ত কৰে।
-
আপং
মিচিং লোকসকলৰ মাজত বহুলভাৱে প্ৰচলিত পানীয় বিধৰ নাম আপং। মিচিং সকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ উপৰিও উছৱ-পৰৱ, ধৰ্মীয় কাম-কাজ আৰু অপদেৱতাৰ নৈৱেদ্য হিচাপেও ব্যৱহাৰ কৰি আহিছে।
-
বিয়েৰ
বিয়েৰ হৈছে একপ্ৰকাৰৰ নিচাযুক্ত পানীয়। শ্বেতসাৰ নামৰ এবিধ শৰ্কৰাৰ বিদ্যুৎ বিশ্লেষণ কৰি পোৱা চেনীজাতীয় পদাৰ্থৰ কিন্বনৰ যোগেদি বিয়েৰ তৈয়াৰ কৰা হয়। শৰ্কৰা বিশ্লেষণৰ উৎসেচকসমূহ ঘাইকৈ শুষ্ক অৱস্থাত থকা খাদ্যশস্য যেনে বাৰ্লি আৰু ঘেঁহুৰ পৰা আহৰণ কৰা হয়।
-
জুডিমা (পানীয়)
জুডিমা (Judima) অসমৰ ডিমাছা সকলে প্ৰস্তুত কৰা পাৰম্পৰিক চাউলৰ সুৰা। জুডিমা ডিমাছা সমাজৰ সকলো ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। উত্তৰ পূব ভাৰতৰ সকলো সম্প্ৰদায়ৰ দ্বাৰা চাউলৰ সুৰা প্ৰস্তুত কৰা হয়।
-
লাও (পানীয়)
লাও (𑜎𑜰𑜫,চীনা ভাষা:酪,থাই ভাষা:เหล้า) হল মূলতঃ টাইসকলৰ পৰম্পৰাগত পানীয় যাক অসম, চীন, ছান, থাইলেণ্ড আৰু লাওচৰ টাই সকলে প্ৰস্তুত আৰু গ্ৰহণ কৰে। অসম আৰু উত্তৰ পূৰ্ব্বাঞ্চলত লাওৰ প্ৰয়োগ যথেষ্ট হয়। বিশেষকৈ অসমৰ টাই আহোম সকলৰ মাজত ইয়াৰ প্ৰয়োগ যথেষ্ট।
-
মহুলি
মহুলি বা মহুৱা (ওড়িয়া: ମହୁଲି) হৈছে উত্তৰ আৰু পশ্চিম ওড়িশা, ছত্তীসগঢ়, ঝাৰখণ্ড আৰু উত্তৰ মহাৰাষ্ট্ৰৰ আদিবাসীসকলে বিভিন্ন অনুষ্ঠানত সেৱন কৰা একপ্ৰকাৰৰ মাদক পানীয় (মদ)। ইয়াক মহুল (মহুৱা) গছৰ ফুলৰপৰা বিশেষ কিম্বন প্ৰক্ৰিয়াৰ জৰিয়তে তৈয়াৰ কৰা হয়। সাধাৰণতে ইয়াত এলকহলৰ পৰিমাণ ২৫–৪৫% থাকে।
-
আপো
আপো, আপোং বা পোকা হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসমত বিস্তৃত তানি জনগোষ্ঠীৰ মাজত প্ৰচলিত নিচাযুক্ত পানীয়। এই পানীয় চাউল গলন কৰি প্ৰস্তুত কৰা হয়। ইয়াক বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন নামেৰে নামকৰণ কৰে। অৰুণাচল প্ৰদেশৰ বিভিন্ন জনজাতীয় উৎসৱ যেনে ন্যোকুম আদিত আপো ব্যৱহাৰ কৰা হয়।
-
জৌ
জৌ অসমৰ বড়ো জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে ভাতৰ কিণ্বন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা এবিধ পানীয়। এই এলকহলীয়া পানীয় বড়োসকলৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অতিথি অপ্যায়ন, বিয়া-সবাহ, শ্ৰাদ্ধ আদি প্ৰায়বোৰ সামাজিক অনুষ্ঠানত জৌ পৰিবেশন কৰা হয়।
-
লুক লাও
লুক লাও বা ৰহি হল লাওৰ এটা ডাঠ ৰূপ। ই আহোম ভাষাৰ পৰা আহিছে আৰু ইয়াক সাধাৰণতে আহোমসকলে ব্যৱহাৰ কৰে।
-
অয়লা (পানীয়)
অয়লা (अयला) নেপালৰ এবিধ পৰম্পৰাগত পানীয়; ভাত, আন শস্য আৰু বজৰা আদিৰ পৰা কিন্বন পদ্ধতিৰে উপাদানসমূহ ডিষ্টিলেচন কৰি প্ৰস্তুত কৰা ই এক নেৱাৰী পানীয়। সাধাৰণ মদ্যপানৰ উপৰি অয়লা নেপালৰ উৎসৱৰ এক গুৰুত্বপূৰ্ণ অংশ। এই সুৰা সাধাৰণতে ঘৰতে তৈয়াৰ কৰা হয় আৰু পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা হয়।
-
আৰা (পানীয়)
আৰা (তিব্বতী আৰু ডোংখা: ཨ་རག་) ভূটানত প্ৰচলিত এবিধ পৰম্পৰাগত পানীয়। ইয়াক আৰাগ নামেৰেও জনা যায়। আৰা থলুৱা যৱ, চাউল, গোমধান, বাজৰা বা ঘেঁহুৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক দুই ধৰণেৰে, অৰ্থাৎ কিম্বন কৰি বা ডিষ্টিলড কৰি প্ৰস্তুত কৰা হ'ব পাৰে।
-
চাং (পানীয়)
চাং বা ছিয়াং (তিব্বতীয়:ཆང་་) হৈছে পূব হিমালয়ৰ কিছু অংশতো জনপ্ৰিয় নেপালী আৰু তিব্বতী সুৰাৰ এবিধ প্ৰকাৰ। এই পানীয়বিধ য়াকখা, লিম্বু, দুৰা, নেৱাৰ, সুনুৱাৰ, ৰায়, গুৰুং, মাগৰ, শ্বেৰপা, তামাং আৰু লেপচা সম্প্ৰদায়ৰ লোকৰ মাজত জনপ্ৰিয়। লেপচাসকলৰ মাজত ইয়াক চি নামেৰে পৰিচিত।
-
চুলাই
চুলাই (Sulai) উত্তৰ-পূব ভাৰতীয় ৰাজ্য অসমত তৈয়াৰ কৰা এবিধ বৰ্ণহীন, উদ্বায়ী, দহনশীল দ্ৰৱ্যযুক্ত ৰাগীয়াল পানীয়। ইয়াক ৰেক্তিফাইড স্পিৰিট বা সংশোধিত স্পিৰিট বুলিও কোৱা হয়। ৰাসায়নিক ভাবে ই হৈছে ইথানল আৰু ইয়াৰ ৰাসায়নিক সংকেত। চুলাইক উত্তৰ ভাৰতত থাৰা, নেপালত হাণ্ডিয়া বা ফেনী বুলি কোৱা হয়।
-
জু
জু হৈছে মিজোৰামত বনোৱা চাউলৰ বিয়েৰ বা এলকহল পানীয়৷ অতীতৰ পৰা আধুনিক যুগলৈকে মিজোসকলৰ মাজত জু প্ৰিয় পানীয় হিচাপে পৰিচিত হৈ আহিছে।
-
বাংলা (মদ)
বাংলা হৈছে এটা মদ, যি শাৰ্কৰ পৰা নিৰ্মিত হয় আৰু পশ্চিমবংগত বিক্ৰী কৰা হয়। চৰকাৰ অনুমোদিত বিক্ৰয়কেন্দ্ৰসমূহত এই পানীয়টো উপলব্ধ। বাংলা এটা পাতন কৰা দেশী মদ।
-
বাংলাদেশত সুৰা
বাংলাদেশত সুৰা ব্যৱহাৰ চৰকাৰীভাৱে নিয়ন্ত্ৰিত আৰু সীমিত। বিশ্ব ব্যাংকে ২০১৫ চনত প্ৰকাশ কৰা এখন প্ৰতিবেদন অনুসৰি বাংলাদেশত বিশ্বৰ সৰ্বনিম্ন সুৰা বিক্ৰী হয়।
-
ভিয়েটনামী সুৰা
ভিয়েটনামী সুৰা হৈছে ভিয়েটনামত উৎপাদিত সুৰা। প্ৰথমে ফৰাচী ঔপনিৱেশিক কালত ঊনবিংশ শতিকাৰ শেষৰ ফালে এই অঞ্চলত ভিটিকালচাৰ বা আঙুৰৰ খেতি কৰা হৈছিল। ফৰাচী ঔপনিৱেশিকসকল ভিটিছ ভিনিফেৰা অৰ্থাৎ সাধাৰণতে পোৱা আঙুৰৰ প্ৰতি অভ্যস্ত আছিল আৰু অঞ্চলটোৰ ক্ৰান্তীয় জলবায়ু ইয়াৰ বাবে অনুকূল নাছিল।
-
লাও পানী
লাওপানী বা নাম লাও (𑜃𑜪 𑜎𑜰𑜫;English: Nam Lao / Hajpani) হ'ল লাওৰ এটা পনীয়া ৰূপ। ই আহোম ভাষাৰ শব্দ। ইয়াক আহোম জনগোষ্ঠীৰ দ্বাৰা প্ৰস্তুত কৰা হয়।
-
সুৰা (ভাৰতীয় মদ)
সুৰা (সংস্কৃত: Deva) হৈছে ভাৰতীয় উপমহাদেশত উৎপত্তি হোৱা এক শক্তিশালী মদ্যপ পানীয়। প্ৰাচীন ভাৰতীয় চিকিৎসাবিদ সুশ্ৰুতে (প্ৰায় খ্ৰীষ্টপূৰ্ব ৪০০) ইয়াক এক প্ৰকাৰৰ অবেদনকাৰী হিচাপে উল্লেখ কৰিছিল।
-
সৰ্প সুৰা
সৰ্প সুৰা বা শ্বে জ্যউ (Snake wine) এবিধ নিচাযুক্ত পানীয়। এই পানীয়বিধ একোটা সাপ চাউলৰ পৰা প্ৰস্তুত কৰা সুৰাৰ সৈতে নিষিক্ত কৰি প্ৰস্তুত কৰা হয়। এই সুৰাবিধ পশ্চিম ঝও ৰাজ্যৰ সময়ছোৱাত (খ্ৰীষ্টপূৰ্ব ১০৪০-৭৭০) চীনত সেৱন কৰা গৈছিল বুলি প্ৰাৰম্ভিক নথিসমূহত পোৱা গৈছে।